
পঞ্চায়ত নিৰ্বাচনে
বিৰোধীক কিবা শিকালেনে ভোট শেষ হ’ল৷ ফলাফলো ওলাল৷ এতিয়া একেবাৰে অপেক্ষা ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ৷ অৱশ্যে, তাৰ মাজতে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু বিটিচিৰ সেই নিৰ্বাচনে সমগ্ৰ ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটটো প্ৰতিফলিত নকৰে৷ গতিকে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল ওলাল, সিয়ে আৰু মাত্ৰ দহ-এঘাৰটা মাহৰ পাছত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনটো সন্দৰ্ভত এটা মোটামুটি ইংগিত দিছে৷
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কি হ’ল ৰাইজে দেখিলে৷ বিৰোধী দল কংগ্ৰেছৰ এটা দীৰ্ঘদিনীয়া উক্তি আছিল এনেকুৱা যে শাসনত থকা বিজেপি চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন পাতিব নিবিচাৰে৷ কাৰণ বিজেপিয়ে হেনো খুব ভালকৈ জানে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে দলটো বিপদত পৰিব৷ অতি পুতৌ লগাকৈ হাৰিব৷ সেয়ে বিজেপিয়ে এই নিৰ্বাচনটো পাতিব খোজা নাছিল৷ কেৱল কংগ্ৰেছৰ হেঁচাত আৰু ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবেহে পাতিবলৈ লৈছে৷ যি নহওক, নিৰ্বাচন হৈ গ’ল৷ ফলাফলো ওলাল৷ কিন্তু কথাবোৰতো কংগ্ৰেছে কোৱা ধৰণে নহ’ল৷ কংগ্ৰেছ বা সামগ্ৰিকভাৱে বিৰোধীয়ে এই ফলাফলক যিধৰণেই এতিয়া ব্যাখ্যা নকৰক কিয়, সত্যটো হ’ল এইটোৱেই যে বিজেপি বা শাসকীয় মিত্ৰজোঁটৰ প্ৰতি অসমৰ গাঁৱৰ ৰাইজে এই ভোটৰ দ্বাৰা সম্পূৰ্ণ আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিলে৷ আনতো বাদেই, যি কংগ্ৰেছে বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টি দখল কৰি উজনি অসমত দলৰ হেৰোৱা স্থিতি পুনৰ ঘূৰাই অনা বুলি দাবী কৰিছিল, সেইখন জিলাতেই স্থানীয় সাংসদ গৌৰৱ গগৈৰ কোনো প্ৰভাৱ নপৰিল৷ এফালৰ পৰা বিজেপিৰ দখললৈ গ’ল সকলো পঞ্চায়ত৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰা৷ তাতো প্ৰতিটো সমষ্টিতে বিজেপিৰ জয়জয় ময়ময়৷ এয়া দুটামান উদাহৰণহে৷ একেদৰে আজি এটা কালি এটা কথা কৈ থকা অখিল গগৈকো তেওঁৰ সমষ্টি শিৱসাগৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে৷ এ আই ইউ ডি এফ নামৰ দলটোৰো নামনি অসমৰ ফালে দুই-চাৰিজন বিধায়ক আছে যদিও পঞ্চায়ত নিৰ্বাচনত ৰাইজে তেওঁলোকক গুৰুত্বই নিদিলে৷ বাকী থাকিল লুৰীণজ্যোতি গগৈ৷ নিজৰ গৃহজিলা ডিব্ৰুগড়ৰ দুই-এখন পঞ্চায়তত অৱশ্যে অসম জাতীয় পৰিষদে ভাল ফলাফল দেখুৱালে৷
এতিয়া প্ৰশ্নটো হ’ল যে এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলটোৰ পৰা কংগ্ৰেছ বা বিৰোধীয়ে কি শিকিলে? শিকিবলগীয়াতো বহুখিনিয়েই আছিল৷ কিন্তু শিকিলে নে নাই সেইটোহে আচল কথা৷ এই পঞ্চায়ত নিৰ্বাচনে আকৌ এবাৰ দেখুৱাই দিলে শক্তিশালী আৰু কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে পৰিচালিত হৈ অহা বিজেপিৰ সাংগঠনিক স্থিতিটো৷ ভোটৰ পূৰ্বে কংগ্ৰেছৰ এটা ডাঙৰ অভিযোগ আছিল যে বিজেপিয়ে ভয়-ভাবুকি দেখুৱাই বহু কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰোৱাইছে৷ ঠিক আছে ধৰি লোৱা হওক যে ঠায়ে ঠায়ে ক’ৰবাত তেনেকুৱা হৈছে৷ কিন্তু বাকী শ শ সমষ্টিতটো ভোট হৈছে৷ তাকো ইভি এমত নহয়, বেলটত৷ তেন্তে সেই গৰিষ্ঠসংখ্যক সমষ্টিতে কংগ্ৰেছ হাৰিল কিয়? কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এই দলটোৱে সময়ৰ পৰা শিক্ষা নলয়৷ আমি ভাৰতৰ আটাইতকৈ পুৰণি দল, আমি আনৰ পৰা শিকিবলগীয়া একো নাই বুলি ভাবি গপত ওফন্দি থকা বাবেই আজি কংগ্ৰেছৰ এই দশা৷ কংগ্ৰেছে মন কৰক– পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণকৈ ঘোষণা নৌহওঁতেই, বহু পঞ্চায়তত ভোটকেইটা গণি শেষ নৌহওঁতেই বিজেপি কিন্তু পৰৱৰ্তী বিটিচি নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিবলৈ বহিলেই৷ এয়াই হৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজৰ আজিৰ তাৰিখত সাংগঠনিক কাম-কাজৰ ষ্টাইলৰ পাৰ্থক্য৷
আন এটা কথা হ’ল– এই বিৰোধী ঐক্য বোলা ধাৰণাটো৷ প্ৰতি পদে পদে ব্যৰ্থ প্ৰমাণ হৈছে এই বিৰোধী ঐক্যৰ ধাৰণা৷ ব্যৰ্থ কোনো বাহিৰা শক্তিয়ে কৰা নাই৷ ব্যৰ্থ হৈছে নিজৰ ভিতৰতেই৷ কি লোকসভা নিৰ্বাচন, কি পঞ্চায়ত নিৰ্বাচন ক’তোৱেই কামত অহা নাই৷ ইয়াৰ কাৰণ কংগ্ৰেছ বা সংগী দলকেইটাই বিশ্লেষণ কৰক৷ বিশ্লেষণটো কেৱল নিজৰ স্বাৰ্থ আগত ৰাখি কোনো এটা দলেই নকৰিব, সামগ্ৰিকভাৱে নিজকো নিৰ্মোহ বিশ্লেষণ কৰি চাওক৷ ব্যৰ্থতাৰ কাৰণ তাতেই পাব৷ যেতিয়ালৈকে এই কাৰণবোৰ বিচাৰি উলিয়াব নোৱাৰিব, তেতিয়ালৈকে বিৰোধী ঐক্যৰ ধাৰণাটো নিমিলা অংক হৈয়েই থাকি যাব৷