
আদমপুৰ বায়ুসেনা ঘাটিৰ পৰা পুনৰ হুংকাৰ মোদীৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ মেঃ পাকিস্তানত এনে এখন ঠাই নাই, য’ত সন্ত্ৰাসবাদী লুকাই থাকিব পাৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে পঞ্জাৱৰ আদমপুৰত বায়ুসেনা বাহিনীৰ ঘাটিত এদল সেনানীক সম্বোধন আৰু উজ্জীৱিত কৰি কয়– ‘হাম ঘৰ মে ঘূছকৰ মাৰেংগে অউৰ বছনে কা এক মৌকা তক নেহী দেংগে৷’ আমি ঘৰৰ ভিতৰত সোমাই মাৰিম আৰু পলাই সাৰিবলৈ এটাও সুযোগ নিদিম৷’ আদমপুৰ এয়াৰবেছত বয়ুসেনা বাহিনীৰ সন্মুখত মোদীয়ে কয়– যি পাকিস্তানী সেনাৰ ভৰসাত এই সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল আৰু লুকাই আছিল, সিহঁতক ভাৰতীয় বায়ুসেনা বাহিনী আৰু ভাৰতীয়ই ধুলিৰ লগত মিলাই দিলে৷ ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানী সেনাকো দেখুৱাই দিলে, তেওঁলোকৰ সুৰক্ষাত থাকিও সন্ত্ৰাসবাদীয়ে সুখেৰে উশাহ ল’ব নোৱাৰিব৷
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অত্যাধুনিক অস্ত্ৰৰ প্ৰশংসা কৰি কয় যে ভাৰতৰ হাতত যি মিছাইল আছে, যি ড্ৰোন আছে, সেই অস্ত্ৰই পাকিস্তানক শান্তিত শুবলৈ দিয়া নাই৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ লক্ষ্মণৰেখা কি সেয়া এতিয়া স্পষ্ট হৈ পৰা বুলি মোদীয়ে কয়৷ তেওঁৰ মতে ‘অপাৰেচন সিন্দূৰে’ সেয়া পাকিস্তানক বুজাই দিছে৷ মোদীয়ে কয়– যদিহে পুনৰ আন এক আক্ৰমণ সংঘটিত হয়, তেন্তে ভাৰতে এনে প্ৰত্যুত্তৰ দিব সেয়া পাকিস্তানে কেতিয়াও নাপাহৰিব৷ ভাৰতীয় এয়াৰ ষ্ট্ৰাইকে পাকিস্তানক তাৰ নমুনা দেখুওৱা বুলি তেওঁ মন্তব্য কৰে৷