
ভাৰত-পাক যুদ্ধবিৰতিৰ ৰসায়ন
পেহেলগামৰ নৃশংস হত্যাকাণ্ডৰ পাছত ভাৰতে মঙলবাৰে নিশা ‘অপাৰেচন সিন্দূৰৰ জড়িয়তে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণৰ পাছতে দুয়ো দেশৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ হয় যদিও ১০ এপ্ৰিলত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়৷ সামগ্ৰিকভাৱে তিনি দিন ধৰি চলা যুদ্ধত ভাৰতীয় সামাৰিক বাহিনীৰ যি লক্ষ্য আছিল, সেই লক্ষ্যত উপনীত হোৱাত সফল হৈছিল৷ ভাৰতে গ্ৰহণ কৰা সামৰিক পদক্ষেপৰ বাদেও আন পদক্ষেপৰ জড়িয়তেও পাকিস্তানক শক্তিশালী প্ৰত্যুত্তৰ দিছিল৷ ভাৰতৰ কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক বাহিনীৰ হেঁচাত সন্ত্ৰাসবাদৰ সমৰ্থক ৰাষ্ট্ৰ পাকিস্তানে নিজৰ ভাবমূৰ্তি সুৰক্ষাৰ বাবে আন্তৰ্জাতিক মহলৰ ওচৰত অনুনয়-বিনয় কৰিবলৈ বাধ্য হৈছিল৷ পাকিস্তানৰ এনে অনুনয়-বিনয়ৰ পৰিপ্ৰেক্ষিততেই বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাই ভাৰত-পাকিস্তানৰ মাজত হস্তক্ষেপ কৰি ভাৰতক যুদ্ধবিৰতি কৰিবলৈ সৈমান কৰালে৷ কিন্তু এই যুদ্ধবিৰতিৰ ক্ষেত্ৰত সকলোতকৈ আশ্চৰ্যজন কথাটো হ’ল যে ১২ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সম্বোধন কৰিছিল ভাৰত-পাকিস্তানৰ সংঘাত আৰু যুদ্ধবিৰতিৰ প্ৰসংগক লৈ৷ ঠিক ইয়াৰ মাত্ৰ আধা ঘণ্টা পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদ মেল পাতি ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি সন্দৰ্ভত নিজৰ মন্তব্য ৰাজহুৱা কৰে৷ এই সংবাদ মেলত ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে যে তেওঁ দুয়োখন দেশৰ লগত ব্যৱসায়িক সম্পৰ্ক ছেদ কৰাৰ ভাবুকিৰে ভাৰত আৰু পাকিস্তানক যুদ্ধবিৰতিৰ ক্ষেত্ৰত সৈমান কৰাবলৈ সক্ষম হ’ল৷ ইয়াৰ পূৰ্বেও দুয়োখন দেশৰ মাজৰ যুদ্ধবিৰতিৰ বিষয়ে নিজৰ এক্স হেণ্ডেলত ৰাজহুৱা কৰি দুখন দেশৰ এটা দ্বিপাক্ষিক এটাত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰিলে৷ যুক্তিৰ খাতিৰত যদিও ধৰি লোৱাও হয় যে আমেৰিকাই দুয়োখন দেশৰ মাজৰ যুদ্ধবিৰতিৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিছিল, তথাপি আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ সামাজিক মাধ্যমৰ ঘোষণাই দেশ দুখনৰ নিজৰ ক্ষেত্ৰত ল’ব পৰা সিদ্ধান্তৰ ক্ষমতাক নস্যাৎ কৰিলে৷
সামাজিক মাধ্যমৰ যোগেদি কৰা ঘোষণাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কোনোধৰণৰ ব্যৱসায়িক সম্পৰ্ক ছেদ কৰাৰ ভাবুকিৰে দুয়োখন দেশক যুদ্ধবিৰতিৰ বাবে সৈমান কৰোৱাৰ বিষয়ে উল্লেখ কৰা হোৱা নাছিল৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধনৰ পূৰ্বে আৰু লগতে ছৌদি আৰব ভ্ৰমণৰ সময়ছোৱাতো ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰা ঘোষণাই যুদ্ধবিৰতিৰ সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তলৈ ঠেলি দিলে৷ তদুপৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে নিজৰ সামাজিক মাধ্যমৰ যোগেদি কাশ্মীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত হৈ থকাৰ বিষয়ে উল্লেখ কৰিছে৷ অতীজৰে পৰা ভাৰত চৰকাৰে কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত নিজৰ স্পষ্ট স্থিতি গ্ৰহণ কৰি আহিছে যে, কাশ্মীৰ সমস্যা ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক বিষয় আৰু এই বিষয়টোত তৃতীয় পক্ষৰ হস্তক্ষেপ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ যদিও পাকিস্তানে এই বিষয়টো বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰি বিগত সময়বোৰত ইয়াক আন্তঃৰাষ্ট্ৰীয় কৰাৰ প্ৰয়াস কৰি আহিছে, কিন্তু ভাৰত চৰকাৰৰ কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পক্ষই হস্তক্ষেপ কৰিবলৈ আগবাঢ়ি আহিবলৈ সাহস কৰা নাই৷ কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হকে-বিহকে বিভিন্ন প্ৰসংগ উত্থাপন কৰি থকাৰ পাছতো বৰ্তমানলৈ ভাৰতৰ ফালৰ পৰা চৰকাৰীভাৱে ইয়াৰ বিৰোধিতা কৰা হোৱা নাই৷ প্ৰশ্ন হয়, কাশ্মীৰ সমস্যা সন্দৰ্ভত ভাৰত পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহিছে নেকি? ভিতৰুৱা¸কৈ হ’লেও কাশ্মীৰ সমস্যা সন্দৰ্ভত আমেৰিকাক কিবা ভূমিকা পালন কৰিবলৈ ভাৰত চৰকাৰে অনুমতি দিছে নেকি?
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্থিতি দুৰ্বল কৰাৰ যি প্ৰয়াস চলিছে, তাৰ বিৰুদ্ধে ভাৰতে ৰাজহুৱাভাৱে নিজৰ স্থিতি স্পষ্ট কৰা উচিত৷ এটা কথা চৰকাৰে স্পষ্টকৈ মনত ৰখা উচিত যে, কেৱল পাকিস্তানেই নহয়, বিশ্বৰ যিকোনো শক্তিৰ বিৰুদ্ধে যুঁজি নিজৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ ভাৰতীয় সেনা বাহিনী সক্ষম৷ ভাৰতীয় সেনা বাহিনীৰ পৰাক্ৰম স্বাধীন ভাৰতৰ ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে৷ অপাৰেচন সিন্দূৰো ভাৰতীয় সেনা বাহিনীৰ পৰাক্ৰমৰ শেহতীয়া উদাহৰণ৷ তদুপৰি, দেশৰ সংকটৰ সময়ত শাসক-বিৰোধী, সকলো জাতি-সম্প্ৰদায় একত্ৰিত হৈ দেশৰ স্বাৰ্থত এক হৈ থিয় হৈ আহিছে আৰু এইবাৰো ইয়াৰ উদাহৰণ সকলোৱে দাঙি ধৰিলে৷ সেনা বাহিনীৰ অদমনীয় পৰাক্ৰম আৰু দেশৰ একতা সকলো সন্দেহৰ ঊধবৰ্ত৷ গতিকে বাহিৰা শক্তিসমূহে এনে সংবেদনশীল বিষয়ত যি এক বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিছে, সেয়া নিৰ্মূল কৰাৰ স্বাৰ্থত চৰকাৰে এনে শক্তিসমূহক ৰাজনৈতিক, সামাজিক বা কূটনৈতিকভাৱে বিৰোধ কৰা উচিত, যাতে দেশৰ জনসাধাৰণৰ মাজত কোনোধৰণৰ অহেতুক বিভ্ৰান্তিৰ সৃষ্টি নহয়৷