Logo
image

উক্তি-বক্ৰোক্তি

পাকিস্তানৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মই যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছোঁ৷ মোদীৰ চৰণত দেশৰ সেনা আৰু সেনানী লুটি খাই পৰিছে৷ সমগ্ৰ দেশবাসী তেওঁৰ চৰণত নতমস্তক হৈছে৷

– মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ  দেৱড়া

তালিকাখনত নাম থকা এজন সাংসদে [অসমৰ] দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ কথা অস্বীকাৰ কৰা নাই৷ তেওঁ তাত দুসপ্তাহ থকাৰ তথ্য নথি-পত্ৰৰ পৰা প্ৰমাণ হৈছে আৰু তেওঁৰ পত্নী পাকিস্তানৰ এনজিঅ’ এটাৰ পৰা দৰমহা পাইছিল৷ সেই সাংসদজনক সৰ্বদলীয় কূটনৈতিক প্ৰতিনিধি হিচাপে প্ৰেৰণ নকৰিবলৈ ৰাহুল গান্ধীক অনুৰোধ জনাইছোঁ৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৯-১০ মে’ৰ নিশা আঢ়ৈ বজাত মোক ফোন কৰি সেনাৰ মুৰব্বী আছিম মুনিৰে জনালে যে নুৰ খান এয়াৰবেছত ভাৰতে আক্ৰমণ কৰিছিল৷ ইনছাআল্লা, তেওঁৰ মাতত দেশভক্তি আৰু আত্মবিশ্বাস ফুটি উঠিছিল আৰু মোক প্ৰত্যাক্ৰমণ কৰাৰ বাবে অনুমতি বিচাৰিছিল৷

– পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ

কিংমেকাৰ হ’বলৈ অখিল গগৈয়ে প্ৰথমে নিজৰ ছীটটো জিকি ল’ব লাগিব৷ এতিয়া অখিল গগৈ ক’ৰ্টৰ সন্মুখত নিগনি মৰা ঔষধ বিক্ৰী কৰি থকা লোকৰ দৰে চিঞৰি থকা এজন ব্যক্তি৷ 

– মন্ত্ৰী প্ৰশান্ত ফুকন


তেওঁলোকে ভাৰতত ব্যৱসায় কৰাটো অসম্ভৱ কৰি তুলিছে৷ তথাপি ভাৰতে ১০০ শতাংশ শুল্ক কৰ্তন কৰি ব্যৱসায় কৰিব বুলি মোক প্ৰস্তাৱ দিছিল৷ মই দৌৰাদৌৰি কৰা নাই৷ দেখা যাওক, তেওঁলোকৰ সৈতে কি চুক্তি হয়৷ 

 –আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ব্লেকমেইলিং কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব বুলি ভাবি অখিল গগৈৰ লাভ নাই৷ মিত্ৰতাৰ আলোচনা কৰিবলৈ পৰিৱেশ লাগিব৷ 

 – যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

বহুতে কৈছিল, মই কেতিয়াও নব্বৈ মিটাৰৰ সীমা পাৰ কৰিব নোৱাৰিম৷ মই সেয়া কৰি দেখুৱালোঁ৷ 

– জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা

লবী আৰু ফেভাৰিটিজ্‌মে অসমীয়া সংগীতজগত শেষ কৰি দিছে৷ তাৰ পাছতো আমি গায়ত্ৰী হাজৰিকাৰ দৰে শিল্পীয়ে জীয়াই থাকোঁতে কিয় মৰ্যাদা নাপালে বুলি হিয়াঢাকুৰি লাভ নাই৷ কথাটো হ’ল, তেওঁ জীয়াই থকা হ’লেও ষ্টাৰ ছিংগাৰৰ মৰ্যাদা কেতিয়াও নাপালেহেঁতেন৷

– গায়িকা সুবাসনা দত্ত