Logo
image

সীমান্তৰ পৰা অন্য এখন যুদ্ধলৈ

যুদ্ধত কেৱল পৰাজয় বৰণ কৰা দেশৰে ক্ষতি নহয়, জয়ী হোৱা দেশৰো যথেষ্ট ক্ষতি হয়৷ কিমান ক্ষতি হয় সেয়াও তাৎপৰ্যপূৰ্ণ৷ পৰাপক্ষত কোনো দেশেই যুদ্ধ নিবিচাৰে৷ কিন্তু এইক্ষেত্ৰত পাকিস্তানৰ আচৰণ কিছু যেন সুকীয়া৷ সি যি কি নহওক, ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিয়ে সমগ্ৰ বিশ্বকে সকাহ দিছে৷ যুদ্ধৰ বিভীষিকা কোনেও ভাল নাপায়৷  যুদ্ধই মানৱ সমাজক কৰা ক্ষতিৰ ইতিহাস যথেষ্ট দীঘলীয়া৷  যিহেতু যুদ্ধৰ বিভীষিকাৰ পৰা আমি কিছু সকাহ পাইছো, সেয়ে দেশৰ সমস্যাৰাজিৰ প্ৰতি পুনৰ আলোকপাত কৰি দেশৰ অগ্ৰগতিত অধিক মনোনিবেশ কৰা দৰকাৰ৷ 

আমাৰ চৰকাৰে বছৰি দুই কোটি নিবনুৱাক সংস্থাপন দিয়া, কৃষকৰ উৎপাদিত শস্যৰ উচিত মূল্য দিয়া আদিৰ ঠাইত মন্দিৰ মছজিদৰ ৰাজনীতিত মানুহক এনেদৰে নিমজ্জিত কৰি ৰাখিলে যে মানুহে প্ৰকৃত সমস্যাবোৰ পাহৰি থাকিবলৈ ধৰিলে৷ দৰিদ্ৰতা নিবাৰণৰ ঠাইত কোটি কোটি মানুহক হিতাধিকাৰী পাতি তেওঁলোকৰ জীৱন-যাপন এটা নিৰ্দিষ্ট গণ্ডীৰ মাজত আবদ্ধ কৰি ৰাখিলে৷ মানুহৰ উৰ্বৰ চিন্তা-চৰ্চাক বিপথে পৰিচালিত কৰিবলৈ ধৰ্মৰ আফিং খুৱাবলৈ ধৰিলে৷ প্ৰেম আৰু সম্প্ৰীতিৰ ঠাইত হিন্দু-মুছলিম শব্দৰ উচ্ছাৰণ অধিক তীব্ৰতৰ হৈ উঠিল৷ কোনোকালে সংকটত নপৰা হিন্দু হঠাৎ সংকটত পৰিবলৈ ধৰিলে৷ হিন্দুক ৰক্ষাৰ নামত ৰাজনীতি হ’ল৷ এচাম তাত উটি-ভাঁহি গল৷ উটি গৈ এনে পৰিস্থিতি পালেগৈ যে খাবলৈ-পিন্ধিবলৈ পাওকেই বা নাপাওক, মুঠৰ ওপৰত হিন্দু ৰক্ষা পাৰিব লাগে৷ তাৰো এখোপ ওপৰলৈ গৈ হিন্দু ৰাষ্ট্ৰ গঠন হ’ব লাগে বুলিও হৈ চৈ লাগিল৷ মানুহে যিবোৰ কাৰণত কংগ্ৰেছক খেদি বিজেপিক আদাৰিছিলে সেই কথা সমূলি পাহৰি গ’ল৷ কোনো কোনোৱে মনত ৰাখিবলৈ চেষ্টা কৰিছিল যদিও চল কৰি এনেকুৱা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰা হ’ল যাতে সেইবোৰ কথা সততে গা কৰি উঠিব নোৱাৰে৷ 

ৰাইজে বিচৰাধৰণে প্ৰথম পাঁচ বছৰে বিজেপি চৰকাৰে দিম বুলি কোৱাবোৰৰ বিশেষ একো নাপালে যদিও পুনৰ প্ৰলোভনত ভোল গৈ আৰু হিন্দু ৰাষ্টৰ সপোন দেখি বিজেপি দলকে দ্বিতীয়বাৰৰ বাবে শাসনৰ দ্বায়িত্ব দিলে৷  কিন্তু এইবাৰ আৰু একোব চৰাহে৷ বহুক্ষেত্ৰত দেশৰ সংবিধান উপেক্ষা কৰি চৰকাৰে এনে কিছু কাম কৰিবলৈ ধৰিলে, যিবোৰে সচেতন লোকক ভবাই তুলিলে৷  ইতিমধ্যে বিৰোধীও দুৰ্বল হৈ পৰিছে৷ যি দুই-একে চৰকাৰক বিৰোধিতা কৰিছিল তাকো বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা মতে চৰকাৰে বিভিন্ন অনুসন্ধানকাৰী সংস্থা লগাই নানান মোকৰ্দমা জাপি দি হয় হৰাহাস্তি কৰিছে, নহয় জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷  নিৰ্বাচনত জিকা কৌশল হিচাপে দেশৰ আধাতকৈ বেছি লোকক হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰি লৈছে৷ কোনো সংবাদ মাধ্যমে যাতে চৰকাৰৰ স্বৰূপ উদঙাব নোৱাৰে তাৰো ব্যৱস্থা কৰি তুলিছে৷ 

কংগ্ৰেছ দলে গঢ়ি থৈ যোৱা দেশৰ বহু সম্পত্তি পুঁজিপতিক গতাই দি বৰ্তমানৰ চৰকাৰখনে পুঁজিপতিৰ পৰা বিশেষ সুবিধা লাভ কৰিছে বুলি ইতিমধ্যে বহুতো মাধ্যমত প্ৰকাশ পাইছে৷  দুৰ্নীতি নকৰো বোলা দলটোৱে ইলেক্টª’ৰেল বণ্ডৰ যোগেদি হাজাৰ হাজাৰ কোটি টকাৰ চান্দা লৈ আৰ্থিকভাৱে অধিক শক্তিশালী হৈ পৰিছে৷ সেইবোৰ কথা কৰোবাত আলোচনা হৈছে যদিও ৰাম মন্দিৰ, ধৰ্ম, যুদ্ধ আদিৰ হেঁচাত তেনেই তল পৰিছে৷ নানান অপৰাধত অভিযুক্ত নেতা বিজেপি দলত যোগদান কৰি নিকা হৈ পৰিছে৷ বহু ভ্ৰষ্টাচাৰী কংগ্ৰেছ নেতাই বিজেপি দল ঠাহ খাই পৰিছে৷ 

কৃষকে ন্যায্য সুবিধা নাপাই দুবাৰকৈ আন্দোলন কৰিব লগা হৈছে৷ সাতশৰো অধিক কৃষক শ্বহীদ হৈছে৷ নাৰী সুৰক্ষাৰ কথা কোৱা দলটোৰ বহু নেতা ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনাত জড়িত হৈ পৰিছে৷  এই দেশতে অলিম্পিকত পদক জয় কৰা মহিলা মল্লযোদ্ধাই বিজেপি দলৰ সাংসদৰ বিৰুধ্যে যৌন আতিশয্যৰ উচিত বিচাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছে৷ এইখন চৰকাৰৰ দিনতে দলিতক পদলেহন কৰা হৈছে, দলিতৰ মূৰত মুত্ৰ ত্যাগ কৰা হৈছে৷  নানান অপৰাধ অভিযুক্ত ৰাজনৈতিক নেতা নিৰপৰাধী বুলি বিবেচিত হৈছে৷ ধৰ্ষণকাৰীৰ শাস্তিৰ ম্যাদ শেষ হোৱাৰ আগতেই জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে৷ অথচ বহু নিৰ্যাতিতাই উচিত বিচাৰৰ অপেক্ষাত দিন অতিবাহিত কৰিছে৷ বিশ্বৰ এখন ভোকাতুৰ দেশ ভাৰতবৰ্ষ৷  চুবুৰীয়া দেশ নেপাল, বাংলাদেশতকৈ ভাৰতৰ অৰ্থনীতি পিছপৰা৷ দৈনিক আধাতে শিক্ষা সাং কৰা ল’ৰা-ছোৱালীৰ সংখ্যা ভাৰতবৰ্ষত অধিক৷ বিগত ষাঠি বছৰৰ তুলনাত  দেশৰ নিবনুৱা সাংখ্য অধিক৷ বিভিন্ন শিতানত দেশৰ সুচাংক বিশ্বৰ আন আন দেশৰ তুলনাত অতিকে নিম্ন মানৰ৷ যেনে ভোকাতুৰ দেশৰ সূচাংকত বিশ্বৰ ১২৫খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১ নম্বৰ৷  এয়া কি বিশ্বগুৰু হোৱাৰ লক্ষণ? ঠিক তেনেদৰে বাক স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা, নাৰী সুৰক্ষা আদিৰ ক্ষেত্ৰতো ভাৰত পিছপৰা৷ এনে বহুত দিশ আছে য’ত বিশ্বগুৰু হ’বলৈ ওলোৱা দেশৰ অবস্থা চৰকাৰেখনে তথৈবচ কৰি থৈছে৷ স্কুলতকৈ ইয়াত মন্দিৰ নিৰ্মাণ কৰাৰ কোব বেছি৷ মানুহক শিক্ষাতকৈ বেছি ধৰ্ম লাগে৷  দৈনিক বৃদ্ধি পাইছে বিভিন্ন শিতানত কৰ-কাটল, জৰিমনা৷ ক্ষুদ্ৰ ব্যৱসায়ীয়ে কৰ-কাটলৰ ভৰত ব্যৱসায় বাদ দিছে৷ নতুন সংস্থাপনৰ সলনি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ অসমৰ অৱস্থাও অতিকে শোচনীয়৷ দেশৰ আন বহু ৰাজ্যৰ তুলনাত অসমৰ ঋণৰ পৰিমাণ অধিক৷ 

 আগন্তুক দিনত তৃতীয়বাৰলৈ বিজেপি দলে শাসনভাৰ লাভ কৰিবলৈ এতিয়াই টঙালি বন্ধিছে৷  আমিও সেই তৃতীয়বাৰৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰিম৷ যদি কেৱল ধৰ্ম, হিন্দু ৰাষ্ট্ৰ, ক্ষমতা আদিয়েই জনতাৰ শেষ চিন্তা হয়. তেন্তে এই দেশ কিদৰে ৰক্ষা পৰিব সেয়া সঁচাই চিন্তনীয়৷