
পাকিস্তানৰ ধনেৰে চীন ভ্ৰমণ ৰহস্যময়ী জ্যোতিৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ ‘ট্ৰেভেল ব্লগাৰ’ আৰু ইউটিউবাৰ জ্যোতি মালহোত্ৰাই পাকিস্তানৰ পৃষ্ঠপোষকতাত আৰু পাকিস্তানৰ ধনেৰে বিদেশ ভ্ৰমণ কৰিছিল৷ তেওঁ ইউটিউবাৰ হিচাপে লাভ কৰা ধন আৰু বিদেশ ভ্ৰমণত ব্যয় কৰা ধনৰ মাজত সামঞ্জস্য বিচাৰি নাপাই বিশেষ তদন্তকাৰী গোটে [ছিট] এই সন্দেহ কৰিছে৷ হাৰিয়ানাৰ ৩৩ বছৰীয়া এইগৰাকী ব্লগাৰৰ ঘৰৰ অৱস্থাও টনকিয়াল নহয়, তেওঁ ধনীৰ দুলালীও নহয়৷ ভাৰত চৰকাৰে অলপতে ‘পাৰ্ছনা নন গ্ৰাটা’ বা অবাঞ্চিত বুলি নতুন দিল্লীৰ পাকিস্তানী উচ্ছায়ুক্তৰ পৰা বিতাড়ন কৰা ডেনিছ ওৰফে এহছান-উৰ-ৰহিমৰ যোগেদিয়েই জ্যোতি মালহোত্ৰাই পাকিস্তানী পৃষ্ঠপোষকতা লাভ কৰিছিল৷ তেওঁ দুবাৰকৈ কৰা পাকিস্তান ভ্ৰমণ ডেনিছৰ জৰিয়তে পাকিস্তানেই ‘স্পনছৰ’ কৰিছিল৷ প্ৰাৰম্ভিক তদন্তত সেই তথ্য প্ৰকাশ পাইছে৷ জ্যোতিয়ে পাকিস্তানৰ উপৰি চীনো ভ্ৰমণ কৰিছিল৷ ভ্ৰমণ কৰিছিল দক্ষিণ পূব এছিয়াৰ আন কেইবাখনো দেশ৷ তদন্তকাৰীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি চীন ভ্ৰমণৰ বাবেও জ্যোতিয়ে লাভ কৰিছিল পাকিস্তানৰ ধন৷ জ্যোতিৰ সৈতে পাকিস্তানী কূটনীতিবিদ এহছানৰ ঘনিষ্ঠ সম্পৰ্ক ঘটিছিল৷ সেয়ে জ্যোতিয়ে লাভ কৰিছিল পাকিস্তানত আইএছআইৰ উষ্ণ আতিথ্য৷
অৱশ্যে আইএছআইৰ সেই বিষয়াকেইজনক জ্যোতিয়ে আইএছআইৰ গুপ্তচৰ বুলি জানিছিল নে নাই, সেয়া এতিয়াও অজ্ঞাত৷ কিন্তু তেওঁলোকক শীৰ্ষ পাক বিষয়া বুলি জ্যোতিয়ে ভালদৰে উপলব্ধি কৰিছিল৷ কাৰণ তেওঁলোকৰ প্ৰভাৱ খটুৱাই জ্যোতিয়ে অবাধে পাকিস্তান ভ্ৰমণ কৰিছিল৷ ভাৰতীয় নাগৰিক হিচাপে পাকিস্তানত বহুসময়ত বিভিন্ন বিঘিনিৰ সন্মুখীন হোৱাটো সহজাত ঘটনা৷ তেনেস্থলত জ্যোতি মালহোত্ৰাই মুক্ত বিহংগৰ দৰে পাকিস্তানৰ চহৰ-নগৰ তল-ওপৰ কৰি ঘূৰাটো পাক বিষয়াৰ প্ৰভাৱ অবিহনে সম্ভৱ নাছিল বুলি তদন্তকাৰীও নিশ্চিত৷ প্ৰকৃততে আইএছআয়ে জ্যোতিক তেওঁলোকৰ ‘সম্পদ’ হিচাপে ব্যৱহাৰ কৰিছিল৷ ভাৰতত পাকিস্তানৰ বিষয়ে ভালদৰে প্ৰচাৰ কৰাৰ কামত নিয়োজিত কৰিছিল৷ ছ’চিয়েল মিডিয়া ‘ইনফ্লুৱেন্সাৰ’ এনে কামত ৰাজী হয় মূলতঃ খ্যাতি আৰু ধনৰ লোভত৷ পাকিস্তানৰ পৰা জ্যোতিয়ে দুয়োটাই পাইছিল৷ উল্লেখ্য, পাকিস্তানৰ হৈ স্পাইগিৰি কৰাৰ অভিযোগত ইতিমধ্যে জ্যোতিৰ উপৰি অহা দহ ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁলোক হ’ল– দেবেন্দ্ৰসিং ঢিলোঁ, নুমান ইলাহি, শ্বাহজাদ, মুৰ্তাজা আলী, গাজালা, য়ামিন মহম্মদ, আৰমান, তাৰিফ, সুখপ্ৰীত সিং আৰু কৰনবীৰ সিং৷