হাৰ্ভাৰ্ডৰ প্ৰতিবাদ
সাধাৰণতে বিশ্ববিদ্যালয়ৰ এজন-দুজন অধ্যাপকে প্ৰশাসনৰ কিছু নীতি-নিয়মৰ বিৰোধিতা কৰা দেখা গ’লেও একোখন বিশ্ববিদ্যালয়ে সবল পদক্ষেপ লৈ চৰকাৰৰ অনৈতিক নীতিৰ বিৰোধিতা কৰা সততে দেখা নাযায়৷ এপ্ৰিলত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ল৷ কাৰ্যভাৰ গ্ৰহণৰ পাছতেই ট্ৰাম্পে আমেৰিকাৰ উচ্চ শিক্ষাত বৈচিত্ৰ্যৰ লগত জড়িত সকলো পদক্ষেপ নিষিদ্ধ কৰি আৰু প্ৰশাসনৰ লগত মতৰ অমিল হোৱা প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজহুৱা গৱেষণা পুঁজি দিয়া সাময়িকভাৱে বন্ধ কৰি দিয়ে৷ তেওঁলোকে ঘোষণা কৰিছে যে কলেজ আৰু বিশ্ববিদ্যালয়সমূহে কোনো বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিবিষয়ক কাৰ্যসূচী ল’লে ফেডাৰেল নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ অনুদান লাভ কৰাৰ যোগ্যতা আৰু তেওঁলোকৰ নাথাকিব৷ হাৰ্ভাৰ্ডো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় আৰু তাতো দিয়া পুঁজিৰ ওপৰত নিষেধাজ্ঞা লগোৱা হৈছে৷ অনুমেয় যে এই পুঁজিবোৰ বিশ্ববিদ্যালয় এখন পৰিচালনা কৰিবলৈ আৰু গৱেষণাৰ বাবেও যথেষ্ট প্ৰয়োজনীয়৷ কেৱল নিজৰ বৰ্ণবৈষম্যমূলক এজেণ্ডা চলাবৰ বাবেই প্ৰশাসনে এই পুঁজিবোৰ বন্ধ কৰিব বিচাৰিছে, অৱশ্যে মুকলিকৈ নক’লেও অনেক অজুহাত দি হ’লেও তেওঁলোকে এখন ৰক্ষণশীল, শ্বেতবৰ্ণৰ মানুহৰ অগ্ৰাধিকাৰ থকা দেশৰ পৰিকল্পনা কৰিছে৷ হাৰ্ভাৰ্ডে কৈছে যে এই ফেডাৰেল গৱেষণা অনুদানৰ ২ বিলিয়ন ডলাৰতকৈ অধিক ‘ফ্ৰীজ’ কৰি দিয়াটো আচলতে মৌলিক-প্ৰশাসনিক আইনৰ সুৰক্ষাৰ উলংঘন৷ এতিয়া আদালতত বিবদমান এই বিষয়টোৱে শৈক্ষিক স্বাধীনতা, কাৰ্যবাহী ক্ষমতাৰ সীমা আৰু আমেৰিকাৰ গৱেষণা নেতৃত্বৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্নবোধক আঁৰি দিছে৷ ট্ৰাম্প প্ৰশাসনে বিচাৰিছে কি হাৰ্ভাৰ্ডৰ পৰা? প্ৰশাসনে শৈক্ষিক পাঠ্যক্ৰমত হস্তক্ষেপ, লগতে কাক কাক চাকৰি দিয়া হ’ব ইত্যাদি বিষয়ত হস্তক্ষেপ বিচাৰিছে৷ তেওঁলোকে বিচাৰিছে সকলোধৰণৰ সমতা, বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিবিষয়ক পদক্ষেপ আঁতৰাই দিয়া হওক৷ ছাত্ৰসকলে যদি প্ৰতিবাদ কৰে, তেওঁলোকৰ ওপৰত শাস্তিমূলক পদক্ষেপ লোৱাৰ কথা কোৱা হৈছে৷ সাহস দেখুৱাই হাৰ্ভাৰ্ডে এই দাবীসমূহ নাকচ কৰিছে, ইয়াক ফেডাৰেল কৰ্তৃত্বৰ অতিমাত্ৰা প্ৰসাৰ আৰু শৈক্ষিক স্বাধীনতাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছে৷ ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে বিশ্ববিদ্যালয়খনে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিছে, পুঁজি দিয়াটো বন্ধ কৰা আৰু ইয়াৰ লগত জড়িত চৰ্তসমূহৰ ন্যায্যতাকো প্ৰত্যাহ৩ান জনাইছে৷ হাৰ্ভাৰ্ডৰ অধ্যাপক ষ্টিভেন পিংকাৰেও মুকলিকৈ কৈছে যে, ‘ট্ৰাম্প প্ৰশাসনে আইন উলংঘা কৰিছে আৰু সেইবাবেই আমি আদালতৰ কাষলৈ গৈছে ৷ কোৱা বাহুল্য যে এই পুঁজি দিয়া বন্ধ কৰাৰ ফলত গৱেষণাত মোক্ষম আঘাত পৰিছে৷ কেঞ্চাৰ ইমিউন’থেৰাপী, কোৱাণ্টাম কম্পিউটিং আৰু পৰৱৰ্তী মহামাৰীৰ বাবে প্ৰস্তুতিৰ লগত জড়িত প্ৰকল্পসমূহ ইতিমধ্যে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷ বিজ্ঞানত যেতিয়া মতাদৰ্শৰ আচোৰ পৰে, তাৰ ফল কি হয় হাৰ্ভাৰ্ডে বাৰুকৈয়ে জানে, সেয়ে তেওঁলোকে সাহস কৰি প্ৰশাসনৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছে৷ হাৰ্ভাৰ্ডৰ প্ৰেছিডেণ্ট এলান গাৰ্বাৰে এই ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে যুঁজখনক শৈক্ষিক স্বাধীনতাৰ প্ৰতিৰক্ষা হিচাপে গণ্য কৰিছেঃ ‘বিশ্ববিদ্যালয়খনে নিজৰ সাংবিধানিক অধিকাৰ ত্যাগ কৰি আত্মসমৰ্পণ নকৰে৷’
একেদৰে মনোবিজ্ঞানী ষ্টিভেন পিংকাৰে যুক্তি আগবঢ়াইছে যে বিশ্ববিদ্যালয়খনে ৰাজনৈতিক পক্ষপাতিত্বৰ ধাৰণা এৰাই চলিবলৈ ৰাজনৈতিকভাৱে অ-জনপ্ৰিয় কথা-বতৰাকো সুৰক্ষা দিব লাগিব৷ অৰ্থাৎ বাক স্বাধীনতাক গুৰুত্ব দিব লাগিব৷ যি সময়ত বহু বিশ্ববিদ্যালয়ে বিনা প্ৰতিবাদে প্ৰশাসনৰ বিভেদকামী নীতিক মানি ল’বলৈ বাধ্য হৈছে, সেই সময়ত হাৰ্ভাৰ্ডে দেখুওৱা সাহস শলাগিবলগীয়া৷
এনেকুৱা নহয় যে ভাৰত বা অসমত একো সমস্যাই নাই৷ তথাপি বিশ্ববিদ্যালয়বোৰে কোনো সামাজিক বিষয়ত স্থিতি লোৱা দেখা নাযায়৷ দুই এজন অধ্যাপকৰ বাদে বেছিভাগ বিদ্যায়তনিক ক্ষেত্ৰৰ মানুহে এনেকুৱা বিষয়ত নীৰৱ স্থিতি গ্ৰহণ কৰা দেখা যায়৷ শিক্ষানুষ্ঠানবোৰৰ নিজৰ নৈতিক দায়িত্ব থাকে৷ যেনে, ৰাজনৈতিক এজেণ্ডাই ইয়াৰ গৱেষণাৰ পৰিৱেশ বিনষ্ট কৰিবলৈ দিয়া অনুচিত৷ জৰ্জ ডব্লিউ বুছ শাসনত থকাৰ সময়ত নাছা আৰু এন অ’ এ এত ৰাজনৈতিকভাৱে নিযুক্তিপ্ৰাপ্তসকলে জলবায়ু বিজ্ঞানীসকলৰ প্ৰতিবেদন চেঞ্চৰ কৰি গোলকীয় উষ্ণতা বৃদ্ধিত মানুহৰ কাৰ্যকলাপৰ ভূমিকাক ক্ষুদ্ৰ কৰি তোলাৰ অভিযোগ উত্থাপন হৈছিল৷ জেমছ হেনচেনৰ দৰে বিজ্ঞানীক তেওঁলোকৰ তথ্য প্ৰকাশ নকৰিবলৈ কোৱা হৈছিল, নহ’লে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিয়া হৈছিল৷
এইটো মতাদৰ্শগত নিয়ন্ত্ৰণৰ এটা উদাহৰণ– য’ত জলবায়ু পৰিৱৰ্তনৰ বিষয়ে গৱেষণাৰ তথ্যক দবাই ৰখা হৈছিল, কাৰণ ই প্ৰশাসনৰ ৰাজনৈতিক স্থিতিৰ বিৰোধী আছিল৷ হাৰ্ভাৰ্ডৰ আইনী প্ৰত্যাহ৩ান এইধৰণৰ ৰাজনৈতিক হস্তক্ষেপক বাধা দিবলৈ চেষ্টা কৰাৰ এক লাগতিয়াল পদক্ষেপ বুলি ধৰিব পাৰি৷ হয়তো লাহে লাহে আন বিশ্ববিদ্যালয়েও প্ৰতিবাদ কৰাৰ সাহস বিচাৰি পাব আৰু শৈক্ষিক স্বাধীনতাক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতাৰ দ্বাৰা বিঘ্নিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব৷






