Logo
image

পেহেলগামৰ পৰা চীন-আমেৰিকালৈ

জম্মু-কাশ্মীৰৰ পেহেলগামত ২৭ জনকৈ নিৰীহ ভাৰতীয়ক নিৰ্বিচাৰে পাকিস্তান চৰকাৰৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে নাম, ধৰ্ম সুধি হত্যা কৰাৰ পৰৱতী পযাৰ্য়ত ভাৰত চৰকাৰে অপাৰেচন সিন্দুৰ-ৰ যোগেদি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাকে মুখ্য কৰি লোৱা বিভিন্ন পদক্ষেপৰ পাছৰ ছবিখন ক্ৰমান্বয়ে উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে৷ বিগত প্ৰায় এক দশকৰো অধিককাল ভাৰতে তথ্য-প্ৰযুক্তি, সামৰিক শক্তি, মহাকাশ গৱেষণা, আৰ্থ-সামাজিক, কূটনৈতিক, ভূ-ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত লাভ কৰা কেতবোৰ সাফল্যই দেশখনৰ গুৰুত্ব বিশ্ব প্ৰেক্ষাপটত বহু পৰিমাণে বৃদ্ধি কৰিছে যদিও বৈৰী দেশতো বাদেই ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা কেতবোৰ ৰাষ্ট্ৰইও শেহতীয়া ঘটনাৰ সময়ছোৱাত ভাৰতলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সলনি এক নিৰাপদ দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হ’ল৷ উল্লেখ্য, ভাৰতে আন ৰাষ্ট্ৰৰ ওপৰত আধিপত্যবাদ বিস্তাৰ কৰি সম্প্ৰসাৰণবাদী হোৱাৰ পৰিৱৰ্তে গণতান্ত্ৰিক বিচাৰধাৰা আৰু ‘বসুধৈৱ কুটুম্বকম’ নীতিৰে, সমতাৰ ভাৱনাৰে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰূপে দেশক গঢ়াৰ দৃষ্টি নিৱন্ধ ৰখাত গুৰুত্ব আৰোপ কৰিছে৷ সেইমৰ্মে ইজৰাইল, আমেৰিকা, ফ্ৰান্স, জামাৰ্নী, জাপান, ব্ৰাজিল, ইটালী আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ সৈতে কৰা চুক্তি, ব্যৱসায়িক-বাণিজ্যিক লেন-দেন আদিৰ বাবে পৰস্পৰেই উপকৃত হৈছে৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত ‘মেক ইণ্ডিয়া গ্ৰেট উইথ মেক আমেৰিকা গ্ৰেট গেইন’ (MGA) অভিধাৰ সৈতে সংযুক্ত কৰি দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে নিবাৰ্চিত ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হৈছিল৷  ‘এজন সুহূদ বন্ধু’ আৰু ‘এজন বিস্ময়কৰ বন্ধু’ বুলি উল্লেখ কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৌশলগত অংশীদাৰিত্বকে মুখ্য কৰি বাণিজ্য, প্ৰযুক্তি, সন্ত্ৰাসবাদবিৰোধী, শক্তিখণ্ড, মহাকাশ অভিযান, প্ৰতিৰক্ষা আদি বিভিন্ন দ্বি-পাক্ষিক বিষয়সমূহত ট্ৰাম্পে যৌথভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ উক্ত ভ্ৰমণৰ সময়ছোৱাতে ‘মিছন ৫০০’ৰ অধীনত ২০৩০ চনৰ ভিতৰত মুঠ দ্বি-পাক্ষিক বাণিজ্য দুগুণতকৈ অধিক অথাৰ্ৎ ৫০০ বিলিয়ন ডলাৰলৈ নিয়াৰ লক্ষ্যৰ বিষয়ে দুয়োজন নেতাই সহমত প্ৰকাশ কৰিছে৷

উল্লেখ্য, ভাৰতে আমেৰিকাত নিৰ্মিত বহু সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্তক আমেৰিকাই প্ৰশংসা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ পাছত কৃত্ৰিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, কোৱাণ্টাম, জৈৱ-প্ৰযুক্তি, শিক্ষা আদিৰ ক্ষেত্ৰতো ভাৰত উপকৃত হ’ব বুলি আশা কৰা হৈছে৷ লক্ষণীয়ভাৱে এই ভ্ৰমণৰ পিছতে আমেৰিকাই ২৬/ ১১ত মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ ঘূৰাই আনিব পৰাটো ভাৰতবৰ্ষৰ বাবে কৃটনৈতিক সফলতাৰ লগতে দেশৰ বাবে এক ইতিবাচক দিশ৷ আমেৰিকাৰ পৰা ঘূৰি অহাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে ‘আৱাৰ জাৰ্নি টুগেদাৰ’ নামৰ এখন গ্ৰন্থ উপহাৰ দিছিল য’ত ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তা লেখিছিল-শ্ৰীযুত প্ৰধানমন্ত্ৰী, আপুনি মহান৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী দেশলৈ ঘূৰি অহাৰ পিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স-এ পৰিয়ালৰ সৈতে ভাৰত ভ্ৰমণ কৰি সদিচ্ছাৰ ভাব প্ৰকট কৰে৷ প্ৰণিধানযোগ্য চলিত বছৰত জানুৱাৰী মাহৰ প্ৰধানমন্ত্ৰী ফ্ৰান্স ভ্ৰমণৰ সময়ছোৱাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে হোৱা আলোচনাত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, অসামৰিক, পাৰমাণৱিক শক্তি, মহাকাশ কৌশলগত দিশকে ধৰি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে৷ আনহাতে, ৰাছিয়া, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ইউ এ ই, ভূটান, শ্ৰীলংকা, নেপাল, ইণ্ডোনেছিয়া আদি বহু সৰু-বৰ ৰাষ্ট্ৰৰ সৈতে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ মাধ্যমেৰে ভাৰতে সু-সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷ ৰাছিয়া, ইউক্ৰেইন যুদ্ধৰ সময়ছোৱাত ভাৰতে কৌশলপূৰ্ণভাৱে ডিপ্লমেটিক সম্পৰ্ক বৰ্তাই ৰাখি দুই ৰাষ্ট্ৰৰ মাজত সংঘাত অৱসানৰ কথা দোহাৰিলেও ৰাছিয়াৰ প্ৰতি অধিক ঘনিষ্ঠতা প্ৰদৰ্শন কৰি আহিছে৷ কাজেই এই কথাই নাট-ৰ অন্তৰ্গত দেশসমূহক ভাৰতবৰ্ষৰ প্ৰতি অসন্তুষ্ট কৰিলেও ভাৰতে ৰাছিয়াৰ ঘনিষ্ঠতা অব্যাহত ৰাখিছে, যাৰ বাবে দেশ উপকৃত হৈছে৷ চীন, পাকিস্তান-ৰ সৈতে ভাৰতত দীৰ্ঘদিনীয়া তিক্ত সম্পৰ্কৰ বাবে চিৰ-বৈৰী মনোভাব চলি আছে আৰু বিগত কেইবাটাও দশকজুৰি উভয়পক্ষৰ লগত থকা বিভিন্ন সংঘাত সৰ্বজনবিদিত৷ তুক¹, কানাডা, কাটাৰ আদি ৰাষ্ট্ৰৰ সৈতেও ভাৰতৰ বিভিন্ন কাৰণত সংঘাত অব্যাহত আছে আৰু অপাৰেচন সিন্দুৰৰ সময়ত তুৰ্কীয়ে সম্পূৰ্ণ মুক্তকণ্ঠে পাকিস্তানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ ৰাষ্ট্ৰসংঘ, ব্ৰিকছ্‌ জি-২০, এছ চি অ’ কে, কোৱাড আদি সামূহিক, ষ্ট্ৰেটেজিক আগ্ৰহ বৰ্তাই ৰখা আন্তঃৰাষ্ট্ৰীয় বহু সংগঠনত ভাৰতে বিগত সময়ছোৱাত নিজৰ দৃঢ় স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ আন্তজাৰ্তিকভাৱে অপাৰেচন সিন্দুৰ-ৰ সময়ত পাকিস্তানক দোষী প্ৰতিপন্ন কৰাৰ সকলো প্ৰমাণ স্পষ্ট হৈ থকাৰ পিছতো-এইবিলাক সংগঠন, সংস্থাই ভাৰতৰ পক্ষ লোৱাৰ পৰা বিৰত আছে৷ চীনে ভাৰত-পাকিস্তান দুয়োপক্ষই যুদ্ধবিৰতি মানি লোৱাৰ পিছত পাকিস্তানৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত চীনে পাকিস্তানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি চৰকাৰীভাৱে মন্তব্য প্ৰকাশ কৰি ভাৰত-বৈৰী মনোভাৱক পুনৰবাৰ স্পষ্ট কৰি দিছে৷


অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ পাছত বহুবোৰ দিশ, বিষয়, উন্মোচিত হোৱাৰ পাছত ভাৰতেও কেতবোৰ নতুন দৃষ্টিভংগী, নীতিৰে আগবাঢ়ি যোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে৷ শেইখ হাছিনা গাদীচ্যুত হোৱাৰ পাছত ভাৰতক সততে ব্লেকমেইল কৰি ভাবুকি দি থকা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱত¹কালীন বাংলাদেশ চৰকাৰৰ সৈতে স্থল-জল পথেৰে সকলো ধৰণৰ বাংলাদেশী সামগ্ৰীৰ ১৫ানি ভাৰতে বন্ধ কৰিছে৷ ইয়াৰ বিপৰীতে আনুষ্ঠানিকভাৱে আফগানিস্তানৰ তালিবান চৰকাৰক ভাৰতে স্বীকৃতি নিদিলেও আটাৰী-ৱাঘা সীমান্তইদি আফগানিস্তানৰ দ্বাৰা উৎপাদিত সা-সামগ্ৰী ভাৰতত প্ৰৱেশৰ অনুমতি দি ভাৰতে এক বাৰ্তা প্ৰেৰণ কৰিছে৷ উল্লেখ্য, আফগানিস্তানে পেহেলগাম হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতেও আফগানিস্তানৰ প্ৰতি সদয় মনোভাৱ পোষণ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ দ্বি-পাক্ষিক সম্বন্ধবোৰ আজিৰ সময়ত বৰ সৰল ৰূপত প্ৰকট হৈ থকা নাই৷ আমেৰিকাই চীনৰ আগ্ৰাসন আৰু দুবাৰ্ৰ গতি ৰোধ কৰাৰ বাবে ভাৰতৰ সমৰ্থন বিচাৰে যদিও ‘আমেৰিকা ফাষ্ট’ নীতিত দৃঢ়বিশ্বাসী ভাৰতৰ পৰম বন্ধু বুলি দাবী কৰা ড’নাল্ড ট্ৰাম্পে পাকিস্তানকো নিজৰ আন বহু স্বাৰ্থ পূৰণৰ বাবে অসন্তুষ্ট কৰিব নিবিচাৰে৷ মুম্বাইৰ আক্ৰমণৰ অন্যতম অভিযুক্ত তাহাউৰ হুছেইনক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰোৱা আমেৰিকাই সন্ত্ৰাসবাদ সম্পৰ্কীয় অভিযোগত অভিযুক্ত কাৰাবাস খটা ইছমাইল ৰায়ৰ আৰু শ্বেখ হামজাক হোৱাইট হাউছৰ ধৰ্মীয় স্বতন্ত্ৰতা আয়োগৰ উপদেষ্টাৰূপে নিবাৰ্চিত কৰি নিজৰ দুমুখীয়া চৰিত্ৰক প্ৰতিফলিত কৰিছে৷ ভাৰতীয় সেনা বাহিনীয়ে অতি দক্ষতা, কৌশলেৰে সন্ত্ৰাসবাদীৰ ঘাটি তছ-নছ কৰি দিয়াৰ পিছত সন্ত্ৰাসজৰ্জৰিত ৰাষ্ট্ৰসমূহে ভাৰতক প্ৰশংসা কৰাটো সমিচীন আছিল যদিও সেয়া পৰিলক্ষিত নহ’ল৷ শেহতীয়াকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে এপ’ল কোম্পেনী চীনৰ পৰা ভাৰতলৈ স্থানান্তৰ হোৱাৰ বিৰোধিতা কৰি আমেৰিকাতে ইয়াক ৰখাৰ বাবে এপ’ল কতৃৰ্পক্ষক হুমকি দিছে৷ ধৰ্মীয় মৌলবাদ, সন্ত্ৰাসবাদ এক উদ্যোগলৈ পৰিণত হোৱা পাকিস্তানৰ দৰে দেশৰ পৰা সন্ত্ৰাসবাদীক সমুলঞ্চে নিৰ্মূল কৰাৰ বাবে এয়া পূৰ্ণ সুযোগ আছিল যদিও বিভিন্ন কাৰণত সেয়া হৈ নুঠিল৷ ইফালে সাম্প্ৰতিক সময়ত এমুঠিমান দেশৰ বাদে বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে ৰাষ্ট্ৰখনৰ বাবে কাৰোবাৰ স্বাৰ্থ ৰক্ষাতকৈ নিজৰ স্বাৰ্থ সুৰক্ষাটোহে অধিক গুৰুত্বপূৰ্ণ৷ মুছলিম ব্ৰাডাৰহুদ-ৰ প্ৰতি অতি অনুৰক্ত তুৰ্কীয়েও ধৰ্ম, বাণিজ্যিক স্বাৰ্থৰক্ষা দুয়োটা অগ্ৰাধিকাৰ দি পাকিস্তানক পূৰ্ণৰূপত সহায় কৰিছে৷ টেৰ’ৰিজিম বা সন্ত্ৰাসক বিশ্বৰ প্ৰায়বোৰ দেশেই ঘৃণা কৰে যদিও টেৰ’ৰিজিমক পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ প্ৰতি নিৰপেক্ষ দৃষ্টিভংগী পোষণ কৰাৰ অন্তৰালতে কথাবোৰ লুকাই আছে৷

যুদ্ধত ৰোমাণ্টিকতা নাই, যুদ্ধ বলিউডৰ চিনেমাও নহয়

এইবাৰ অপাৰেচন সিন্দুৰ-ৰ অভিযান চলি থকাৰ সময়তে হঠাৎ ভাৰত-পাকিস্তান উভয়ে যুদ্ধবিৰতি মানি লোৱাক লৈ দেশত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ হস্তক্ষেপত এয়া হৈছে বুলি স্বয়ং ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰাৰ পাছত ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন মহলে সামাজিক মাধ্যম, সংবাদ মাধ্যমত নেতিবাচক মন্তব্য আগবঢ়াইছিল৷ উক্ত সন্দৰ্ভত ভাৰতীয় সেনাৰ প্ৰাক্তন মূৰব্বী জেনেৰেল মনোজ নৰৱানে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কৈছে যে ‘যুদ্ধত ৰোমাণ্টিকতা নাই, যুদ্ধ বলিউডৰ চিনেমাও নহয়৷ তেওঁ যুদ্ধলৈ যাবলৈ এতিয়াও প্ৰস্তুত, কিন্তু কূটনীতি হ’ব তেওঁৰ প্ৰথম পছন্দ’৷ সেনাৰ প্ৰাক্তন মূৰব্বী জেনেৰেলজনে কৈছিল যে শক্তি প্ৰকাশ, ধবংসৰ লগতে যুদ্ধত  ব্যাপকৰূপত আৰ্থ-সামাজিক দিশত লোকচান হোৱাৰ লগতে দেশৰ নিৰাপত্তা ৰক্ষাৰ বাবে গোলাবৰ্ষণত সীমান্তত যিসকলে প্ৰাণ হেৰুৱায়, কোনেও যে সেই ধবংসৰ হিচাপ নকৰে সেই সম্পৰ্কেও তেওঁ এটা যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে৷ সিন্দুৰ-অপাৰেচনৰ যোগেদি ভাৰতবৰ্ষই নতুনকৈ বহু কথা উপলব্ধি কৰাৰ লগতে সমগ্ৰ বিশ্বকো এটা বাৰ্তা দিবলৈ সক্ষম হৈছে বুলি ভবাৰ স্থল আছে৷ ব্ৰাহ্মছ, আকাশ, পিনাককে ধৰি দেশত নিৰ্মিত বিভিন্ন মিছাইল, মাল্টি বেৰেল ৰকেট ছিষ্টেম আদি সফলতাৰে নিক্ষেপ কৰাৰ লগতে শত্ৰুৰ দ্বাৰা প্ৰেৰিত মিছাইল, দ্ৰোণ আদি প্ৰতিহত কৰি প্ৰতিৰক্ষা বাহিনীয়ে নিজৰ যোগত্যাক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ সংবাদ মাধ্যমত তথ্যত প্ৰকাশ পোৱা মতে, বিশ্বৰ এশখনৰো অধিক ৰাষ্ট্ৰই ভাৰতত নিৰ্মিত মিছাইল, অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷ বিগত দশকটোত ভাৰতে অৰ্থনৈতিক, সামাজিক, তথ্য-প্ৰযুক্তি, মহাকাশ অভিযান আদিৰ ক্ষেত্ৰত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে৷ ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট আপ আদিকে ধৰি বহু আঁচনিৰ সুফল ভাৰতবৰ্ষৰ জনসাধাৰণে লাভ কৰাৰ লগতে ভাৰতৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থতম বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ ৰাষ্ট্ৰখনৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত এিতয়াও বহু কৰণীয় আছে৷ অনাগত সময়ছোৱাত উদ্ভাৱনী চিন্তা, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, উদ্যোগ, কৃষি, জনস্বাস্থ্য, তথ্য-প্ৰযুক্তি আদি সকলো দিশত ভাৰতবৰ্ষ আৰু আগুৱাই যোৱাটো দেশবাসীৰ কাম্য৷ পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ ইজৰাইলৰ জনসংখ্যা এককোটিৰো তলৰ৷ বহু শত্ৰুৰাষ্ট্ৰৰে পৰিৱেষ্টিত ভাৰতৰ তুলনাত ক্ষুদ্ৰ জনসংখ্যাৰ দেশ ইজৰাইলে অৰ্থনীতি, বিজ্ঞান-প্ৰযুক্তি, শিক্ষা-স্বাস্থ্য, সামৰিক শক্তি আদিৰ ক্ষেত্ৰত অতুলনীয় সফলতা অৰ্জন কৰিছে, যাৰ বাবে সমগ্ৰ বিশ্বই ইজৰাইলক সমীহ কৰে৷ জ্ঞান-পৰম্পৰা, সাহিত্য-বিজ্ঞান চৰ্চা আদিৰ ক্ষেত্ৰত একালত বিশ্বক বাট দেখুওৱা ভাৰতে এতিয়া সাম্প্ৰতিক বিশ্বৰ আৰ্থ-সামাজিক, ভূ-ৰাজনীতিক সঠিকভাৱে অনুধাৱন কৰি দৃঢ়তাৰে অগ্ৰসৰ হ’লে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ স্থিতি অধিক শক্তিশালী হোৱাটো নিশ্চিত৷