সহজে ৰোগ নহয়, এইকেইটা অভ্যাস কৰক
আমাৰ অসম বিশেষঃ কৰ’না ভাইৰাছে বিশ্বজুৰি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভাৰতত যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ কৰ’নাত আক্ৰান্ত হৈ বৃহস্পতিবাৰৰ দিনটোত মৃত্যু ঘটিছে এহাজাৰৰো অধিক লোকৰ৷ ভাইৰাছবিধে যাতে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ নাগৰিকসকলক নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিশেষজ্ঞসকলেও বিভিন্ন পৰামৰ্শ আগবঢ়াইছে৷ আজিৰ শিতানত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কৰিবলগীয়া কেইটামান অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] পুৱাই উঠি খালী পেটত অন্ততঃ তিনি গিলাচ পানী খাওক৷ ইয়াৰ পাছত গাৰু নোলোৱাকৈ হাত-ভৰি মেলি দি দহ মিনিট সময় চিৎ হৈ শোওক৷ এই অভ্যাসৰ পিছত অন্ততঃ ৩৫ মিনিট সময় পানী বা কোনো জুলীয়া খাদ্য গ্ৰহণ নকৰিব৷ খাদ্য গ্ৰহণৰ আধা ঘণ্টা পূৰ্বে এগিলাচ আৰু এঘণ্টাৰ পাছত দুগিলাচ পানী খোৱা উচিত৷
[২] পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ সপ্তাহত অন্ততঃ এদিন উপবাসে থক উচিত৷
[৩] প্ৰতিদিনে পুৱা মুকলি ঠাইত ৪৫ মিনিট খোজ কাঢ়ক৷ একেৰাহে এই দীঘলীয়া সময় খোজকঢ়াটো যদি সম্ভৱ নহয় তেন্তে মাজত অলপ বিৰতি লৈ খোজকঢ়াৰ অভ্যাস কৰক৷ তদুপৰি নিতৌ অন্ততঃ এঘণ্টা শাৰীৰিক পৰিশ্ৰম– বিশেষকৈ ঘৰৰ কাম কৰাৰ অভ্যাস গঢ়ি তোলক৷
[৪] প্ৰাণায়াম অৰ্থাৎ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম বা যোগাভ্যাস যেতিয়াই সময় পায় কৰক৷ ইয়াৰ জৰিয়তে হাওঁফাও শক্তিশালী হয়৷
[৫] বহাৰ সময়ত মেৰুদণ্ড পোন কৰি বহিব৷ একেস্থানত এঘণ্টাতকৈ বেছি সময় বহি থাকিবলগীয়া হ’লে মাজে মাজে থিয় হওক, অথবা ইফালে-সিফালে খোজ কাঢ়ক৷
[৬] সমগ্ৰ দিনটোত গ্ৰহণ কৰা খাদ্যৰ তিনিভাগৰ এভাগ ৰন্ধা খাদ্য আৰু বাকীখিনি ফল-মূল বা পাচলিৰ চালাদ কৰি খাওক৷ ভজা খাদ্যতকৈ সিজোৱা খাদ্য বেছি উপকাৰী৷
[৭] প্ৰতিদিনে সাতবিধ পাচলি আৰু সাতবিধ ফল খাব পাৰিলে ভাল৷ পাচলি আৰু ফলমূলত কীটনাশক আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে৷ এনে অৱস্থাত খাবলৈ ওলোৱা পাচলি বা ফলমূল অন্ততঃ তিনি ঘণ্টা সময় পানীত তিয়াই ৰাখক৷ তদুপৰি কেঁচা হালধি, আদা আৰু জালুক একেলগে মিহলাই খাব পাৰিলে উপকাৰ পোৱা যায়৷ পুৱা আৰু দুপৰীয়াৰ খাদ্যত কেঁচা পিয়াঁজ, কেঁচা জলকীয়া আৰু নহৰু খোৱাৰ অভ্যাস কৰিব পাৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷
[৮] মগু দাইলৰ চুপ তেল অবিহনে খাব পাৰিলে উপকাৰ পোৱা যায়৷ একেদৰে পদিনা, বন্ধাকবি, ৰঙা লাউ, বিট আৰু লাউৰ আগ আদি খাব পাৰিলে ভাল৷ শাক-পাচলিৰ সৈতে আদাৰ ৰস আৰু মৌ মিহলাই খাব পাৰে৷
[৯] ভজা-পোৰা আৰু চৰ্বী জাতীয় খাদ্যৰ উপৰি ধঁপাতৰ পৰা আঁতৰি থাকক৷