Logo
image

উক্তি-বক্ৰোক্তি

          ভাৰতৰ সকলো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ সৈতে ‘টীম ইণ্ডিয়া’ৰ দৰে কাম কৰিলে আমাৰ দেশক বিশ্বৰ শীৰ্ষলৈ আগবঢ়াই নিয়াত কোনেও প্ৰতিৰোধ কৰিব নোৱাৰিব৷ মই সকলো ৰাজ্যকে আহ৩ান জনাইছোঁ, তেওঁলোকে নিজ নিজ ৰাজ্যত একোটা বিশ্বমানৰ ‘টুৰিষ্ট ডেষ্টিনেশ্বন’ তৈয়াৰ কৰক৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বক্সিং মেচত শত্ৰুক মাৰি মাৰি একেবাৰে শেষতহে নকআউট পাঞ্চ মাৰে৷ ময়ো আজি বক্সিং ৰিং এটা উদ্বোধন কৰিবলৈ আহি সেয়া শিকিছোঁ৷ মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত ময়ো শেষতহে নকআউট পাঞ্চ মাৰিম৷ 

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

ডিএমকেৰ কোনো নেতাই ইডি, চিবিআই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভয় নকৰে৷ আমাৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন প্ৰধানমন্ত্ৰীৰ বৈঠকলৈ কাৰো ভয়ত যোৱা নাই৷ ৰাজ্যই পাবলগীয়া বৈধ ধন আদায়ৰ বাবেহে তেওঁ নীতি আয়োগৰ বৈঠকত মোদীৰ সৈতে উপস্থিত আছে৷

– তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উদয়ানিধি মৰান

এতিয়া ৰাজনীতিৰ ব্লেকমেইলাৰ হৈছে অখিল গগৈ৷ বিজেপিয়ে স্পনছৰ কৰা অখিল গগৈয়ে ইটোৰ পাছত সিটো ডেডলাইন দি কংগ্ৰেছক ব্লেকমেইল কৰি আহিছে৷ 

– এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলাম


ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাই পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ আটাইকেইখন মেচ খেলিব বুলি মই নাভাবোঁ৷ দলৰ ফিজিঅ’ আৰু চিকিৎসকে তেওঁৰ আঘাত আৰু স্বাস্থ্য সন্দৰ্ভত যি প্ৰতিবেদন দিছে সেয়া চায়েই মই এই কথা কৈছোঁ৷

– টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ

আমাৰ অসমবাসীৰ দৃষ্টিকোণেৰে ভাললগা কথা এয়াই, বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী ছুপাৰছনিক ক্ৰুজ মিছাইলৰ নামটো ব্ৰহ্মপুত্ৰৰ পৰা আহিছে৷ ব্ৰহ্মছ নামৰ সেই ক্ষেপনাস্ত্ৰৰ ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত নিখুঁত আক্ৰমণ আৰু অভিযান আমাৰ বাবেও গৌৰৱ৷

– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকৰ ঘৰে ঘৰে গ’লো৷ তেওঁলোকৰ সুখ-দুখৰ খবৰ ল’লো৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ এতিয়াও স্কুল-কলেজ বন্ধ হৈ আছে, তেওঁলোকক ধৈৰ্য ধৰিবলৈ আহ৩ান জনালোঁ৷

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিয়া আৰক্ষী বিষয়া বিপদত পৰিব পাৰে৷ তিনি বছৰপৰ্যন্ত সশ্ৰম কাৰাদণ্ড হ’ব পাৰে ভুল তথ্য দিয়া বিষয়াৰ৷

– অধিবক্তা এ আৰ ভূঞা

এপ’লক মই ভাৰতত নিৰ্মাণ কৰা আইফোন আমেৰিকাত বিক্ৰী কৰিবলৈ নিদিওঁ৷ তেওঁলোকক জনাই দিছোঁ, আমেৰিকাত নিৰ্মাণ নকৰা আইফোনৰ ওপৰত মই ২৫ শতাংশ শুল্ক লগাম৷ ছেমছাঙৰো একে দশা হ’ব৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

আমি সদায় নেতৃত্ব বহন কৰি আহিছোঁ৷ নেহৰুৰ পৰা মোদীলৈ– শান্তি প্ৰক্ৰিয়াত ভাৰত সদায় আগৰণুৱা৷ কিন্তু তাৰ মাজতে হঠাতে সন্ত্ৰাসবাদীৰ আক্ৰমণ আহি পৰে আৰু শান্তিপ্ৰক্ৰিয়া বিঘ্নিত হয়৷ কোনে সেই কাম কৰিছে চাবলৈ গ’লে সদায় পাকিস্তানৰ ভূমিকাই ওলাই আহে৷ 

– ৰাছিয়াত ডিএমকেৰ সাংসদ কানিমোড়ি