Logo
image

বিতৰ্ক-অভিযোগৰ মাজতেই গৌৰৱক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব

'আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ   যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানী সংযোগৰ অভিযোগ উত্থাপন কৰাৰ বিষয়টোৱে ব্যাপক বিতৰ্ক সৃষ্টি কৰাৰ সময়তে সাংসদ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়৷  নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই আজি তেওঁক ভূপেন বৰাৰ স্থলাভিষিক্ত কৰে৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাল-সলনিৰ বিষয়টোক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ ইয়াৰ মাজতে কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাক হাইকমাণ্ডে নতুন দিল্লীলৈ তলবো কৰিছিল৷ বিধানসভাৰ উপ-নিৰ্বাচন আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰা শোচনীয় ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছিল কংগ্ৰেছ হাইকমাণ্ড৷ শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ অভাৱনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হোৱাত ভূপেন বৰাৰ বিদায় তৰান্বিত হৈ পৰে৷ অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কিছুদিন পূৰ্বে গুৱাহাটীত ঘোষণা কৰিছিল যে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যি ৰাজনৈতিক যুদ্ধ অব্যাহত ৰাখিছে, তাৰ মাজতে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ অসমত বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য গঢ় লৈ নুঠাৰ বাবেও ভূপেন বৰাক মূলতঃ জগৰীয়া কৰে কংগ্ৰেছ হাইকমাণ্ডে৷ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ পৰিৱৰ্তে কেৱল সংবাদ মাধ্যমত ব্যস্ত হৈ থকা ভূপেন বৰাৰ শেহতীয়া কেতবোৰ কাম-কাজক লৈ কংগ্ৰেছ হাইকমাণ্ড মুঠেই সন্তুষ্ট নাছিল৷ আনকি ভূপেন বৰাৰ কাৰ্যকালতেই ৰাজীৱ ভৱনত লবীকেন্দ্ৰিক ৰাজনীতিয়ে শক্তিশালী ৰূপ লয়৷ ইয়ে দলত এক অচলাৱস্থাৰ সৃষ্টি কৰে৷ এনে সমগ্ৰ ঘটনাপ্ৰৱাহৰ ফলত দলৰ হাইকমাণ্ডে অসমৰ বাবে এজন শক্তিশালী সভাপতিৰ সন্ধান আৰম্ভ কৰে৷ আৰু এইক্ষেত্ৰত গৌৰৱ গগৈৰ নাম চূড়ান্ত হয়৷ আৰু সেই অনুসৰিয়ে দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি এক নিৰ্দেশযোগে গৌৰৱ গগৈক আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷ উল্লেখ্য, অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ এবছৰতকৈও কম দিন থকা অৱস্থাত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তনয় গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাটোৱে ৰাজ্যৰ ৰাজনীতিত এক নতুন মোৰ লৈছে৷ তৰুণ গগৈয়ে গৌৰৱ গগৈক ৰাজ্যৰ ৰাজনীতিত অৱতীৰ্ণ কৰোৱাৰ পাছতেই সেই সময়ৰ মুখ্যমন্ত্ৰীজনৰ সবাতোকৈ ঘনিষ্ঠ নেতা ড॰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ বিৰোধিতা কৰাই নহয়, কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে৷ আনকি সাংবাদিকক তেওঁ এই কথাও কৈছিল যে মুখ্যমন্ত্ৰী হ’বলৈ ৰাজ্যৰ কোন নেতাই কামনা নকৰে৷ অৱশ্যে, বিজেপিৰ প্ৰথমটো কাৰ্যকালত ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বতে সন্তুষ্ট থাকিব লগীয়া হয়৷ কিন্তু দ্বিতীয় কাৰ্যকালত তেওঁ সৰ্বানন্দ সোণোৱালৰ স্থলাভিষিক্ত হয়৷ হয়তো ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখন কামনা নকৰাহেঁতেন আৰু কংগ্ৰেছ কংগ্ৰেছ ত্যাগ নকৰাহেঁতেন, ইতিমধ্যেই গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ চকীত বহিলহেঁতেন৷ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদ নাপালেও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যিক বিজেপিৰ সমস্ত শক্তিক প্ৰতিহত কৰি যোৰহাট লোকসভা সমষ্টিত জয়লাভৰ পাছতে কেৱল দলৰ মজিয়াতে নহয়, ৰাজ্যৰ ৰাজনীতিত নিজৰ গুৰুত্ব বৃদ্ধি কৰিলে৷ গৌৰৱ গগৈক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ৰাজ্যখনৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী পদৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ৩ান জনাবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই প্ৰক্ষেপ কৰা বুলি এতিয়া চৰ্চিত হৈছে৷ উল্লেখ্য, মহিলা কংগ্ৰেছৰ উদ্যোগত যোৰহাটত আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে এই বাৰ্তা লাভ কৰাৰ পাছত প্ৰধানকৈ জিলাখনৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাই সতীত্ব হানি কৰি চাকৰি লৈছিল বুলি কৰা এক মন্তব্যৰ প্ৰতিবাদত মহিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈয়েও অংশ গ্ৰহণ কৰিছিল৷ অৱশ্যে, প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই বিয়লি গৌৰৱ গগৈ দিল্লীলৈ ৰাওনা হয়৷ সন্ধিয়া তেওঁক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিয়াৰ বাৰ্তা লাভ কৰি জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰে৷ তেওঁলোকে সন্ধিয়া জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক বিজয় উৎসৱ পালন কৰে৷ তেওঁলোকে কেক কাটি, বোমা-ফটকা ফুটাই গৌৰৱ গগৈ জিন্দাবাদ ধবনিৰে কাৰ্যালয় প্ৰাংগণ মুখৰিত কৰি তোলে৷ তদুপৰি, বিহু গীত গাই, নাচি বাগি আনন্দত আত্মহাৰা হয়৷ আৰম্ভণিতে জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁইয়ে কেক কাটি গৌৰৱ গগৈ সভাপতি হোৱাত আদৰণী জনাই কয় যে সমগ্ৰ অসমৰ পৰিৱৰ্তনকামী ৰাইজে গৌৰৱ গগৈক কংগ্ৰেছক নেতৃত্ব দিবৰ বাবে মনে প্ৰাণে কামনা কৰিছিল৷ এতিয়া ৰাইজে বিচৰা ধৰণেই শীৰ্ষ নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত গৌৰৱ গগৈক অধিষ্ঠিত কৰাত দলৰ এক নতুন শক্তিৰ উদয় হ’ব আৰু ২০২৬ চনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হোৱাটো নিশ্চিত হ’ব৷ ইয়াৰ পাছতেই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ফটকা, আটচবাজী আৰু বিহুৰে বিজয়োৎসৱ পালন কৰে৷ ইফালে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিজেপি-বিৰোধী শিৱিৰো উৎফুল্লিত হৈ পৰিছে৷ তেওঁৰ নেতৃত্বত বিজেপি-বিৰোধী শিবিৰ অধিক শক্তিশালী হ’ব বুলি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কামনা কৰিছে৷ 

ভূপেন বৰাৰ অৱদান স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ বাবে গৌৰৱ গগৈয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক [সংগঠন] কে চি বেণুগোপাল আৰু সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙক কৃতজ্ঞতা জনাইছে সাংসদ গৌৰৱ গগৈয়ে৷ তদুপৰি, তেওঁ প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন বৰাই দললৈ আগবঢ়োৱা অৱদানকো স্বীকাৰ কৰিছে৷ তেওঁ কয়, ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই দলটোক সন্মুখৰ পৰা নেতৃত্ব দি যথেষ্ট অৱদান আগবঢ়ায়৷ ইফালে তেওঁ পিতৃ-মাতৃয়ে কৰা পথ প্ৰদৰ্শন আৰু পত্নী-সন্তানৰ সহায়ৰ কথাও স্বীকাৰ কৰে৷ অসম কংগ্ৰেছ দলৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা-কৰ্মীসকলৰ সৈতে কাম কৰিবলৈ পোৱাটো তেওঁৰ বাবে আশীৰ্বাদ বুলি উল্লেখ কৰি কয় যে সেইসকলৰ নেতা-কৰ্মীৰ জ্ঞান অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে তেওঁক বহু কথা শিকাইছে৷ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলি গগৈয়ে উল্লেখ কৰি আগন্তুক দিনত  অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে৷ সকলোৱে মিলি ৰাজ্যখনৰ উন্নত ভৱিষ্যত গঢ়ি  তুলিব পাৰিব বুলিও তেওঁ বিশ্বাস পোষণ কৰিছে৷


যোৰহাটত মহিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ যুৱতীসকলে দেহদান কৰিব লগীয়া হৈছিল বুলি কৈ অসমীয়া মহিলাসকলৰ প্ৰতি কৰা চৰম অপমানৰ প্ৰতিবাদত আজি যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নিৰ্দেশত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰদেশ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ নেতৃবৰ্গৰ অংশগ্ৰহণেৰে এখন প্ৰতিবাদী সভাৰ লগতে সমদল উলিয়ায় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি  দাহ কৰে৷ যোৰহাটৰ সাংসদ তথা সংসদৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়া, যোৰহাট আৰু শিৱসাগৰ জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে ধৰি বহুসংখ্যক দলীয় নেতা-নেত্ৰী আৰু কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ অৱশ্যে এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন বৰা অনুপস্থিত থাকে৷ অৰম্ভণিতে যোৰহাট জিলা কংগ্ৰেছ ভৱনত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধিয়াৰ সভাপতিত্বত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ বহু সংখ্যক দলীয় নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে মহিলা কংগ্ৰেছৰ কৰ্মীসকলক দলৰ বাবে কৰা নিৰলস প্ৰচেষ্টাৰ শলাগ লয়৷ গগৈয়ে কয় –জীৱনত বহু নিৰ্বাচন দেখিছো, কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনৰ দৰে নিৰ্বাচন দেখা নাই৷ কাৰণ এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ যুঁজ নাছিল৷ এই যুঁজ আছিল কংগ্ৰেছ বনাম চৰকাৰী আঁচনি৷ ৰাইজে বিজেপিক বেয়া পায়৷ কিন্তু বিজেপিক ভোট নিদিলে বিভিন্ন আঁচনিৰ ধন কাটি দিব বুলি ভাবুকি দিয়া হৈছিল৷ এই ক্ষেত্ৰত চৰকাৰী বিষয়াসকলে বিজেপিৰ নিৰ্দেশত কাম কৰে৷ সেয়ে চৰকাৰী আঁচনি বন্ধ কৰি দিয়াৰ ভয়তে ৰাইজে বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিয়া বুলি গগৈয়ে উল্লেখ কৰে৷ কংগ্ৰেছ দলক বিজেপিয়ে ভয় কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে আজিৰ সভাখন অনুষ্ঠিত কৰাৰ বাবে আহল বহল স্থান বিচাৰি জিলা মহিলা কংগ্ৰেছে আৱেদন কৰে যদিও চৰকাৰী বিষয়াই তাৰ বাবে অনুমতি নিদিলে৷ সভাত ভাষণ দি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে অসমৰ মহিলাৰ আত্মসন্মান আছে৷ কিন্তু কোনো ক্ষেত্ৰতে আত্মসন্মান বিসৰ্জন নিদিয়ে৷ মুখ্যমন্ত্ৰীয়ে সেই অসমীয়া মহিলাৰ চাকৰিৰ বাবে আত্মসন্মান বিসৰ্জন দিয়াৰ অপমানজনক মন্তব্য কৰিছে তাৰ বাবে অসমীয়া মহিলাই তেওঁক ক্ষমা নকৰে৷ সভাত ভাষণ দি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এজন উচ্ছ স্থানত থকা ব্যক্তিয়ে মহিলাসকলক যেনেদৰে অপমান কৰিলে, সেইটো দুৰ্ভাগ্যজনক৷ তেওঁ তেনে অবাঞ্ছিত আৰু কুৰুচিপূৰ্ণ বক্তব্যৰ বাবে অসমৰ মহিলাসকলৰ ওচৰত ক্ষমা খুজিবলৈ শইকীয়াই দাবী জনায়৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাইও মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰি চৰম দায়িত্বজ্ঞানহীন মন্তব্য কৰাৰ বাবে ক্ষমা বিচৰাৰ দাবী জনায়৷ গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁ আৰম্ভ কৰা পাকিস্তানীয় সংযোগৰ অপপ্ৰচাৰক হাস্যকৰ বুলি অভিহিত কৰি বৰাই কয় যে কংসই যেনেদৰে কৃষ্ণৰ ভয়ত হিতাহিত জ্ঞান হেৰুৱাই য’তে ত’তে কৃষ্ণক দেখা পাইছিল, তেনেদৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত কম্পমান হৈ শয়নে সপোনে গৌৰৱ গগৈক দেখিবলৈ আৰম্ভ কৰিছে৷ ইফালে প্ৰতিবাদী সভাৰ অন্তত দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, মীৰা বৰঠাকুৰ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধীয়াৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে৷ প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মহিলাক অপমান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লোগানেৰে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি  দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

গোলাঘাট জিলা কংগ্ৰেছ ভৱনত আৱতৰীয়া দেৱালী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাটঃ  আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নাম ঘোষণা কৰাৰ লগে লগে গোলাঘাটৰ কংগ্ৰেছ শিবিৰত ব্যাপক উল্লাস সৃষ্টি হৈছে৷ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ খবৰ বিয়পি পৰাৰ লগে গোলাঘাট জিলা কংগ্ৰেছ ভৱনত বহু নেতা-কৰ্মী সমবেত হৈ ফটকা ফুটাই উল্লাস প্ৰকাশ কৰে৷ দলীয় নেতা-কৰ্মী আৰু সমৰ্থকৰ মাজত ইজনে-সিজনক মিঠাই খুৱাই আগন্তুক দিনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে নতুন উদ্যমেৰে কাম কৰাৰ সংকল্প প্ৰকাশ কৰে৷

কোন হিমন্ত বিশ্ব শৰ্মাঃ যোৰহাটত ৰিপুণ বৰা

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  এসময়ত তৰুণ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল–‘হু ইজ বদৰুদ্দিন?’ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ এই উক্তিৰ প্ৰতিধবনি আজি শুনা গ’ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ মুখত৷ তেওঁ প্ৰশ্ন কৰে–‘কোন হিমন্ত বিশ্ব শৰ্মা?’ যোৰহাটত আজি মহিলা কংগ্ৰেছৰ   উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ সাংবাদিকৰ সন্মুখত এই প্ৰশ্ন উত্থাপন কৰে৷ উল্লেখ্য, কালি কংগ্ৰেছ নেতাজনে গৌৰৱ গগৈৰ পাকিস্তানী সংযোগৰ অভিযোগ সন্দৰ্ভত আয়োজন কৰা এক সংবাদ মেল সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কংগ্ৰেছ নেতা ৰিপুন বৰাই স্বীকাৰ কৰিছে৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাই কয় যে তেওঁ প্ৰথমে মুখ্য মন্ত্ৰীয়ে এই কথা কোৱা বুলি উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰী কলা নেকি, তেওঁ এই কথা শুনা নাই নেকি? বৰাই লগতে কয় যে যদি গৌৰৱ গগৈৰ পত্নীয়ে বিধিসন্মতভাৱে দৰমহা লৈছিল তেন্তে সেইটো ভুল নহয়৷ পাকিস্তানত হাজাৰ হাজাৰ ভাৰতীয়ই ব্যৱসায় কৰি আছে৷ সেইসকলৰ কি হ’ব বুলিও তেওঁ প্ৰশ্ন তোলে৷ গৌৰৱ গগৈৰ পত্নী নিয়মৰ বাহিৰলৈ গৈছে বুলি ক’বলৈ হিমন্ত বিশ্ব শৰ্মা কোন বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে যদি সেই কথা ক’বলগীয়া হয়, দেশৰ প্ৰধান মন্ত্ৰীয়ে ক’ব, গৃহ মন্ত্ৰীয়ে ক’ব, বৈদেশিক  পৰিক্ৰমা  মন্ত্ৰীয়ে ক’ব৷ ইফালে কালি ৰিপুন বৰাই সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা সবলভাৱে উত্থাপন কৰিলে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে৷ 

মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজকঃ মীৰা বৰঠাকুৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘অসমৰ মুখ্য মন্ত্ৰীয়ে অসমীয়া মহিলাই অসৎ চৰিত্ৰৰে চাকৰি লোৱা বুলি কৈ মুখ্য মন্ত্ৰীয়ে যি অসন্মান কৰিছে, সেই বাবে মুখ্য মন্ত্ৰীয়ে হয় ক্ষমা খোজক, নহ’লে সমগ্ৰ অসমৰ মহিলাক জাগ্ৰত কৰিম৷’– এই হুংকাৰ দিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে৷ আজি যোৰহাটত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়–‘মুখ্যমন্ত্ৰীয়ে মহিলাসকলক যি অসন্মান কৰিছে, তাৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ৷ তেওঁ ক্ষমা খোজাটো বিচাৰিছোঁ৷ তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত যিমান মহিলাই চাকৰি লৈছিল, অসৎ চৰিত্ৰৰে লৈছিল৷ আজি মই যোৰহাটৰ পৰা প্ৰতিটো দল-সংগঠনক আহ৩ান জনাইছোঁ যে কেৱল কংগ্ৰেছৰ মহিলাইহে চাকৰি লৈছিল নেকি? আজি  মহিলাসকলে বিভিন্ন সংগঠন কৰি আছে৷ তেওঁলোকৰ মাতৃয়ে চাকৰি লোৱা নাছিল নেকি? সেই কাৰণে কৈছোঁ সততে আমি জয় আই অসম কৰি থাকোঁ৷ কিন্তু মুখ্য মন্ত্ৰীয়ে অসমৰ মহিলাৰ চৰিত্ৰ হণন কৰাৰ বাবে ক্ষমা খুজিবই লাগিব৷’ তেওঁ মুখ্যমন্ত্ৰীক আহ৩ান জনায় যে মহিলাসকলক অৰুণোদয় আঁচনি দিলেই নহ’ল, এই আঁচনি নিজৰ টকাৰে দিয়া নাই৷ তেওঁ মহিলাক কৰা অপমানৰ বাবে ক্ষমা খুজিবই লাগিব৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যোৰহাটত বাহৰ পতা সন্দৰ্ভত তেওঁ কয় যোৰহাটত যিসকলে চাকৰি লৈছিল সেইসকল মহিলাকো মুখ্যমন্ত্ৰীয়ে চৰিত্ৰহীনা সজাইছে৷ অসমীয়া মহিলাৰ চৰিত্ৰ সন্দৰ্ভত ভাৰ্জিনিটী ভাৰ্ছেছ জব বুলি কোৱা কথাত লাজ লাগে৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এনে নিকৃষ্ট পন্থা হাতত লৈছে, তাৰ বাবে গৰিহণা দিয়াই নহয়, মহিলা আয়োগত গোচৰ তৰা বুলিও প্ৰকাশ কৰে৷ আনহাতে উজনিত মুখ্যমন্ত্ৰীয়ে বহুতো ‘তালি বালি’ কথা কৈছে৷ এনে কথা ক’লেই নহ’ব৷ সতী জয়মতীৰ এই স্থানত উজনিৰ পৰাই মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব৷ যি পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজে, সেই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ এই স্বৰূপ বিকৃতি মানসিকতাৰে মহিলাৰ স্বাভিমান ভূলুণ্ঠিত কৰাৰ বাবে মহিলাসকলক জাগ্ৰত কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলিও তেওঁ সদৰী কৰে৷

বিজেপিয়ে মহিলাক অপমান কৰিছেঃ  গৌৰৱ গগৈ

বিজেপিয়ে অসমৰ বাহিৰে ভিতৰে মহিলাসকলক অপমানিত কৰিছে৷– ই অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলৰ চৰিত্ৰত যি ধৰণেৰে ক’লা দাগ লগালে, তাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ অহংকাৰ ত্যাগ কৰক৷ অসমৰ মহিলাসকলৰ চাকৰিৰ ক্ষেত্ৰত যি নিম্নমানৰ অভিযোগ দাঙি ধৰিলে সেই ক্ষেত্ৰত তেওঁ ৰাইজৰ পৰা ক্ষমা খুজিব লাগে৷ তেওঁ লগতে কয় যে অন্য ৰাজ্যতো বিজেপিৰ নেতাসকলে মহিলাক অপমানিত কৰিছে৷ হাৰিয়ানাৰ এজন বিজেপি নেতাই জম্মু-কাশ্মীৰৰ পেহেলগামত বিধৱা হোৱা মহিলাসকলক সমালোচনা কৰি কৈছে–‘তোমালোকৰ চকুৰ সন্মুখতে কোনোবাই স্বামীক গুলীয়াই হত্যা কৰিলে, তোমালোকে কি কৰি আছিলা? তোমালোক ইমান ভয়াতুৰ কিয়?’ এইয়া অকল বিজেপি নেতাৰ ভাষ্য৷ তেনেদৰে মধ্য প্ৰদেশৰ এজন বিজেপি মন্ত্ৰীয়ে ক’লে যে কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পাকিস্তানী সংযোগ আছে৷ যি গৰাকী কৰ্ণেল কুৰেশ্বীয়ে ইউনিফৰ্ম পিন্ধি ভাৰতীয় মানুহক সাহস যোগালে, পাকিস্তানী আক্ৰমণৰ বিৰুদ্ধে থিয় দিলে, সেইগৰাকী কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে বিজেপি মন্ত্ৰীয়ে কিমান তৰল মন্তব্য কৰিলে/ তাৰ বাবে কোনো পদক্ষেপ লোৱা নহ’ল৷ একেদৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচৰা নাই৷ সেয়ে তেওঁ অসমৰ মহিলাসকলক নিজৰ স্বাভিমানৰ বাবে দায়িত্ব সহকাৰে নেতৃত্ব ল’বলৈ আহ৩ান জনাই তেওঁ কয় যে কংগ্ৰেছ দল তেওঁলোকৰ লগত থাকিব৷

অজাপ-ৰাইজৰ দলৰ অভিনন্দন

প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ লগতে আন আন দায়িত্বপ্ৰাপ্তসকলক ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে অভিনন্দন জনাইছে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৌৰৱ গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ নতুন নেতৃত্বক অভিনন্দন জনাই কয় যে আগন্তুক নিৰ্বাচনত নতুন নেতৃত্বই বিৰোধী ঐক্যৱদ্ধ যুঁজৰ পোষকতা কৰি বিজেপিক প্ৰতিহত কৰাৰ বাবে আগ বাঢ়িব৷ ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ তত্বাৱধায়ক দেৱাংগ সৌৰভ গগৈয়ে এই কথা জানিবলৈ দিছে৷ আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক অভিনন্দন জনাই কয় ‘আমি আশা কৰিছোঁ, আমি সামূহিকভাৱে চলাই অহা বিজেপি-বিৰোধী যুঁজখনে এতিয়াৰে পৰা নতুন গতি  লাভ কৰিব৷’ তেওঁলোকে লগতে কয় বিজেপি চৰকাৰখনৰ স্বেচ্চাচাৰিতা আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই খবৰ নিঃসন্দেহে বিজেপি বিৰোধী শিৱিৰৰ বাবে আশাপ্ৰদ৷ অসমত বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপি-বিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো সময়ৰ জৰুৰী আহ৩ান৷ এই আহ৩ানৰ উপলব্ধিৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিজনে বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ৷