কোনে কাক কেনেকৈ ব্যস্ত কৰিব
গৌৰৱ গগৈ হ’ব ২০২৬ৰ ৰণখনত কংগ্ৰেছৰ প্ৰধান সেনাপতি৷ ইতিমধ্যে এনেকুৱা এটা সিদ্ধান্ত হ’ব পাৰে বুলি অসমৰ কংগ্ৰেছ মহলত চৰ্চা চলিয়েই আছিল৷ অৱশেষত সেই সকলো ৰাজনৈতিক চৰ্চাক সত্য প্ৰমাণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে সাংসদ গৌৰৱ গগৈকেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে ঘোষণা কৰিলে৷ নিশ্চিত হ’ল যে ২০২৬ৰ যুঁজখনত অসমত গৌৰৱ গগৈৰ নেতৃত্বতেই কংগ্ৰেছ দল অৱতীৰ্ণ হ’ব৷
গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আৰু ন-দহমাহ পাছত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত কিদৰে, কি কৌশলেৰে অৱতীৰ্ণ হ’ব বা কি ফলাফল দেখুৱাব, সেয়া অন্য এক বিষয়৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কংগ্ৰেছ হাইকমাণ্ডে আনুষ্ঠানিকভাৱে গৌৰৱ গগৈক পৰৱৰ্তী সভাপতিৰূপে ঘোষণা কৰাৰ লগে লগে এটা কথা নিশ্চিত হৈ পৰিল যে নিৰ্বাচনৰ পূৰ্বৰ সময়খিনি বিজেপিতকৈ কংগ্ৰেছৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব৷ কিয়নো যোৱা সময়খিনিত বিজেপিয়ে ধাৰাবাহিকভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানকেন্দ্ৰিক যিবোৰ অভিযোগ উত্থাপন কৰি আহিছে তাৰ পৰা এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে বিজেপিয়েও যেন তেৱেঁই সভাপতি হোৱাটো ভিতৰি ভিতৰি বিচাৰি আছিল৷ পাকিস্তানকেন্দ্ৰিক বিতৰ্কৰ শেষটো কিধৰণে হয় সেয়া সময়ে ক’ব৷ কিন্তু গৌৰৱ গগৈ সভাপতি হ’লে বা তেওঁৰ নেতৃত্বত কংগ্ৰেছে ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’লে বিজেপিয়ে কি কৌশল অৱলম্বন কৰিব সেয়া যেন ইতিমধ্যে গেৰুৱা দলটোৱে প্ৰস্তুত কৰি থৈছে, তেনেকুৱা যেনেই অনুমান হয়৷ যোৱা সময়খিনিত দেখা গ’ল যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বিভিন্ন মন্ত্ৰী-নেতা আদিয়ে পাকিস্তানকেন্দ্ৰিক বিষয়টোত গৌৰৱ গগৈক যিধৰণে আক্ৰমণ কৰি আহিছে, তাৰ বিপৰীতে কিন্তু ইয়াক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা বিশেষ কোনোধৰণে চেষ্টা কৰা হোৱা নাই৷ ৰাজনীতিত আগ্ৰহ থকা ব্যক্তিমাত্ৰেই কথাটো মন কৰিছে৷ কেতিয়াবা হয়তো সাংবাদিকৰ প্ৰশ্নত ভূপেন বৰা, প্ৰদু্যৎ বৰদলৈ, ৰিপুণ বৰা বা দেৱব্ৰত শইকীয়াই বিষয়টো সন্দৰ্ভত দুই-এটা উত্তৰ দিছে৷ কিন্তু বাধ্যত পৰিহে৷ ‘পাকিস্তান’কেন্দ্ৰিক যুঁজখন কিন্তু গৌৰৱ গগৈয়ে অকলেই চম্ভালিবলগীয়া হৈছে৷ কথা-বতৰাবোৰ বিজেপিয়ে যেনেকৈ আগবঢ়াটো বিচাৰিছিল ঠিক যেন তেনেকৈয়ে আগবাঢ়ি আছে/ গতিকে এতিয়া ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনটো কংগ্ৰেছে যেতিয়া গৌৰৱ গগৈৰ নেতৃত্বতেই খেলাটো নিশ্চিত হ’ল, সেয়েহে সোঁৱে-বাঁৱে চাৰিওদিশৰ পৰা কংগ্ৰেছলৈ আহিব পাৰে অভাৱনীয় কেতবোৰ প্ৰত্যাহ৩ান৷ তাক ঐক্যবদ্ধভাৱে মোকাবিলা কৰিব পৰাকৈ কংগ্ৰেছে নিজকে কেনেকৈ সাজু কৰে, সেয়াহে অতি গুৰুত্বপূৰ্ণ হ’ব৷
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ এই সময়খিনি সকলো ৰাজনৈতিক দলৰ বাবেই মূল্যৱান৷ এই সময়খিনিত অনাহকতে সময় নষ্ট কোনো দলেই কৰিব নোখোজে৷ কিন্তু বিজেপিয়ে যিধৰণৰ কৌশলেৰে আগবাঢ়িছে তালৈ চাই এটা পূৰ্বানুমান কৰিব পাৰি যে অহা সময়খিনিত বিজেপিয়ে অতি কৌশলেৰে বাহিৰৰ পৰা হয়তো এনে এক পৰিৱেশ-পৰিস্থিতি সৃষ্টি কৰিব পাৰে, যিয়ে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছক ভোটৰ চিন্তাতকৈ অনাহকতে সেইবোৰ বিষয়তহে ব্যস্ত কৰি ৰাখিব৷ অৰ্থাৎ বাহিৰৰ পৰা দলটোক সুপৰিকল্পিতভাৱে অস্থিৰ কৰি ৰখাৰ এক কৌশল৷ ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ কংগ্ৰেছে সিবিলাক বিষয়ত গুৰুত্ব দিবনে নাই বা বিজেপিকো অনুৰূপভাৱে ‘অদৰকাৰী’ ইছু্য কিছুমানত ব্যস্ত কৰি ৰাখিবনে নাৰাখে, সেয়া গৌৰৱ গগৈৰ ৰাজনৈতিক বিচক্ষণতাইহে ক’ব৷ বাকী থাকিল বিৰোধী ঐক্য বোলা পানীমিঠৈটো৷ এই সন্দৰ্ভত যোৱা সময়খিনিত গৌৰৱ গগৈৰ ভূমিকা বা আগ্ৰহ ৰাজনীতি জনা মানুহখিনিয়ে বুজিলে, দেখিলে৷ সেয়ে ইয়াক এতিয়া সাংসদ গগৈয়ে ভোটৰ সংখ্যাৰ পৰ্যায়লৈ লৈ যাব পাৰিবনে নাই সেইটোহে মূল কথা হ’ব৷






