Logo
image

স্বাস্থ্যৰ পক্ষে কি ভাল হাঁহৰ নে মূৰ্গীৰ কণী?

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ ছানদে হো য়া মানদে ৰোজ খাও আন্দে’৷ কণী খাই ভাল নোপোৱা মানুহ খুওব কমেইহে আছে৷ কিন্তু এটা বিষয়ক লৈ প্ৰায় সংখ্যক মানুহৰ মাজত মতবিৰোধ হয় যে– হাঁহৰ কণী বেছি উপকাৰী নে মূৰ্গীৰ কণী? 

পুষ্টি সাধনৰ ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় হাঁহৰ কণী কিম্বা মূৰ্গীৰ কণীৰ পুষ্টিকৰ গুণ প্ৰায় একেই৷ আপুনি জানি সুখী হ’ব হাঁহৰ কণীৰ পুষ্টি পৰিমাণ সামান্য বেছি৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে৷ আকৌ ১০০ গ্ৰাম মূৰ্গীৰ কণীত ১৭৩ কিলোকেলৰি শক্তি থাকে৷ ১০০ গ্ৰাম হাঁহৰ কণীত প্ৰ’টিন থাকে ১৩.৫ গ্ৰাম৷ ইফালে ১০০ গ্ৰাম মূৰ্গীৰ কণীত প্ৰ’টিন থাকে ১৩.৩ গ্ৰাম৷ ১০০ গ্ৰাম হাঁহৰ কণীত ফেট থাকে ১৩.৭ গ্ৰাম, আনহাতে, ১০০ গ্ৰাম মূৰ্গীৰ কণীত ফেট থাকে ১৩.৩ গ্ৰাম৷ ১০০ গ্ৰাম মূৰ্গীৰ কণীত কেলচিয়াম থাকে ৬০ মিলিগ্ৰাম, ভিটামিন ই থাকে ২৯৯ মাইক্ৰ’গ্ৰাম৷ আনহাতে, ১০০ গ্ৰাম হাঁহৰ কণীত কেলচিয়াম থাকে ৭০ মিলিগ্ৰাম, আইৰণ থাকে ৩ মিলিগ্ৰাম আৰু ভিটামিন ই থাকে ২৬৯ মাইক্ৰ’গ্ৰাম৷