Logo
image

দাপোনৰ ভাষা গৱেষক ড॰ উত্তম দাসক কেন্দ্ৰ কৰি নিৰ্মিত তথ্যচিত্ৰ ‘দৰ্পণ ভাষা’ৰ প্ৰদৰ্শনৰ প্ৰস্তুতি

'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ   লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছ, ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া, ইউনিক ৱৰ্ল্ড ৰেকৰ্ডছ, আৰু এভাৰেষ্ট ৱৰ্ল্ড ৰেকৰ্ডছ আদি কেইবাখনো বিশ্ব-স্বীকৃতি ৰেকৰ্ড সংস্থাৰ পৰা স্বীকৃতি প্ৰাপ্ত অসম তথা দেশৰ গৌৰৱ, ধেমাজি জিলাৰ চিলাপথাৰ নিবাসী দৰ্পণ ভাষাৰ গৱেষক ড॰ উত্তম দাসৰ জীৱন, সাধনা আৰু অসাধাৰণ কীৰ্তিক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে এখন অনন্য তথ্যচিত্ৰ ‘দৰ্পণ ভাষা’।

উল্লেখযোগ্য যে এই তথ্যচিত্ৰখনৰ পৰিচালনা কৰিছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক অৰূপ মান্নাই, যি অসমীয়া চলচ্চিত্ৰ জগতৰ এটা উজ্জ্বল নাম। আনহাতে তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে প্ৰসিদ্ধ লেখিকা, সমাজ সেৱিকা আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰাণু ৰয়য়ে, যিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ আৰু সাহিত্য ক্ষেত্ৰত ইতিমধ্যে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। 


উল্লেখ্য যে এই তথ্যচিত্ৰখনত ড॰ উত্তম দাসৰ দীৰ্ঘদিনীয়া ভাষা গৱেষণা, দাপোণৰ ভাষাৰ সৃষ্টি, তেওঁৰ ব্যক্তিগত সংগ্রাম আৰু গৱেষণাৰ জৰিয়তে বিশ্বজুৰি অসমীয়া তথা ভাৰতীয় ভাষা-সংস্কৃতিৰ স্বীকৃতি আনি থোৱা যাত্ৰাৰ কথাছবি বৰণ কৰা হৈছে। তদুপৰি তথ্যচিত্ৰখন মাথোঁ এজন ব্যক্তিৰ জীৱনৰ কাহিনী নহয়, ই ভাষা আৰু সংস্কৃতিৰ প্ৰতি এটি গভীৰ আস্থা, অধ্যৱসায় আৰু স্বভিমানৰ প্ৰতিচ্ছবি হিচাপে পৰিগণিত হ’ব।

আনহাতে এই ‘দৰ্পণ ভাষা’ তথ্যচিত্ৰখনৰ গুৱাহাটী প্ৰিমিয়াৰ প্ৰদৰ্শন অহা ৩০ মে' ২০২৫ তাৰিখে দিনৰ ১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব।  উক্ত অনুষ্ঠানত সমাজৰ সকলো স্তৰৰ ব্যক্তি, সাংবাদিক, সাহিত্যিক, চলচ্চিত্ৰ অনুৰাগী তথা সংস্কৃতি-প্ৰেমী ৰাইজৰ সৰ্বাত্মক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি অজয় সেনগুপ্তাই। এই মহত্বপূর্ণ প্ৰদৰ্শন সমাৰোহত উপস্থিত থাকি গৱেষণাৰ জৰিয়তে সৃষ্টি হোৱা এক নতুন ভাষাৰ অসমীয়াৰ গৌৰৱময় অধ্যায়ৰ সাক্ষী হ’ব, এই আশাৰে আহ্বান জনাইছে আয়োজক সমিতিয়ে।