Logo
image

বাস্তৱ নে বিভ্ৰম

৪ মে’ত নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণিয়ামে বিশ্ব মুদ্ৰা নিধিয়ে প্ৰকাশ কৰা বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী প্ৰতিবেদনৰ উদ্ধৃতিৰে ঘোষণা কৰে যে, ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে৷ বৰ্তমান ভাৰতৰ অৰ্থনীতিৰ আয়তন হ’ল প্ৰায় ৪.১৯ ট্ৰিলিয়ন ডলাৰ৷ এতিয়া বিশ্বৰ বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ আগত থকা ৰাষ্ট্ৰকেইখন হ’ল– আমেৰিকা যুক্তৰাজ্য [৩০.৫০ ট্ৰিলিয়ন ডলাৰ], চীন [১৯.২৩ ট্ৰিলিয়ন ডলাৰ] আৰু জাৰ্মানী [৪.৭৪ ট্ৰিলিয়ন ডলাৰ]৷ নিশ্চিতভাৱে ভাৰতৰ এই অৰ্থনৈতিক উপলব্ধি সকলোৰে বাবে সুখৰ বতৰা৷ আজিৰ পৰা প্ৰায় চাৰে তিনিটা দশক পূৰ্বে দেউলীয়া হ’বলৈ আগবঢ়া ভাৰতৰ অৰ্থনীতিয়ে লাভ কৰা এই চমকপ্ৰদ সাফল্য হ’ল বিগত সময়ছোৱাত ভাৰত চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপ, দীৰ্ঘম্যাদী দৃষ্টিভংগী, নীতিৰ স্থিৰতা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ  ফচল৷ ভাৰতৰ এই অৰ্থনৈতিক সফলতা কেৱল পৰিসংখ্যাৰ খেল নহয়, বৰঞ্চ এয়া হৈছে ১৪০ কোটি জনতাৰ সামূহিক প্ৰচেষ্টা, উদ্ভাৱনীমূলক শক্তি আৰু অদম্য উৎসাহৰ জীৱন্ত প্ৰতিচ্ছবি৷ উদাহৰণস্বৰূপে, ২০১৩-১৪ চনত ভাৰতত জনমূৰি আয় আছিল মাত্ৰ ১,৪৩৮ ডলাৰ৷ কিন্তু ২০২৫ চনত এই আয় দুগুণ বৃদ্ধি হৈ ২,৮৮০ ডলাৰ হয়গৈ৷ ইয়াৰ পৰাই বুজা যায়, গ্ৰাম্য সবলীকৰণ, ডিজিটেল শাসন আৰু ব্যৱসায়ৰ সুবিধাজনক পৰিৱেশে দেশৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন সাধন কৰিছে৷  

কিন্তু এনে সুখকৰ মুহূৰ্ততো দেশৰ জনসাধাৰণৰ মাজত যি অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হোৱা দেখা গৈছে, সি ভাৰতৰ অৰ্থনীতিৰ এনে জয়জয়-ময়ময় পৰিৱেশক মুঠেও প্ৰতিফলিত কৰা নাই৷ জনতাৰ মাজত সৃষ্টি হোৱা ব্যাপক আয়ৰ বৈষম্য, নগৰ আৰু গ্ৰামাঞ্চলৰ মাজৰ ক্ৰমবৰ্ধমান পাৰ্থক্য আৰু দেশৰ বিভিন্ন অঞ্চলৰ মাজত দেখা গভীৰ অসামঞ্জস্যতাই ভাৰতৰ অৰ্থনীতিয়ে চাৰি ট্ৰিলিয়ন ডলাৰৰ পৰিমাপ অতিক্ৰম কৰাৰ পাছতো দেশৰ প্ৰকৃত অৰ্থনৈতিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰশ্নবোধকৰ উদ্ৰেক কৰিছে৷ নিজৰ ৰাজনৈতিক মুনাফা লাভৰ আশাৰে এক বহৎসংখ্যক নাগৰিকক চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলৈ বাধ্য কৰোৱাৰ ফলত দেশৰ অৰ্থনীতিয়ে ইমান বিৰাট সাফল্য লাভ কৰাৰ পাছতো নিশ্চিতভাৱে জনসাধাৰণৰ মান উন্নত হৈছে বুলি ক’ব নোৱাৰি৷ দৰাচলতে, অৰ্থনীতিৰ এনে ঈৰ্ষণীয় সফলতাই ভাৰতৰ ধনিক শ্ৰেণীকহে অধিক ধনৱান কৰি তোলাৰ বিপৰীতে দৰিদ্ৰ শ্ৰেণীটোক অধিক দুৰ্বল কৰিছে৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ অধিকাংশই কেন্দ্ৰীভূত হৈ আছে দেশৰ মুষ্টিমেয় কেইজনমান পুঁজিপতিৰ হাতত৷ ৱল্ডৰ্ ইনইকুৱেলিটী লেবৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, ২০২৩ চনৰ শেষলৈকে ভাৰতৰ এক শতাংশ ধনাঢ্য ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হৈ আছে দেশৰ ৪০.১ শতাংশ সম্পদ, যিটো বিগত ছটা দশকৰ ভিতৰতে সৰ্বোচ্চ৷ ‘বিলিয়নাৰৰাজ’ক নতুনকৈ পৰিভাষিত কৰা ভাৰতৰ এই আধুনিক বুজোৱা শ্ৰেণীটোৰ ছত্ৰছায়াত যি অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে, সেয়া ঔপনিৱেশিক শাসনৰ সময়ত দেখা অৰ্থনৈতিক বৈষম্যতকৈও অধিক ভয়াৱহ৷ ভাৰতৰ এই গভীৰ অৰ্থনৈতিক অসামঞ্জস্যতাৰ পৰিপ্ৰেক্ষিতত যি সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে, তাৰ প্ৰতিচ্ছবিখন বিভিন্ন গোলকীয় সূচকাংকতো প্ৰতিফলিত হোৱা দেখা যায়৷ উদাহৰণস্বৰূপে, বিশ্ব ক্ষুধা সূচকাংক ২০২৪ত বিশ্বৰ ১২৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৫৷ ঠিক সেইদৰে, গোলকীয় শান্তি সূচকাংকত ভাৰতৰ স্থান হ’ল ১১৬৷ তদুপৰি, ভাৰতৰ বিশ্ব সংবাদ স্বতন্ত্ৰতা সূচকাংক হ’ল ১৬২, মানৱ সম্পদ উন্নয়ন সূচকাংক হ’ল ১৩৪, লিংগ বৈষম্য সূচকাংক হ’ল ১০৮৷ ইয়াৰ উপৰি, বিশ্ব সুখ সূচকাংকত ভাৰতে লাভ কৰিছে ১২৬সংখ্যক স্থান, দুৰ্নীতি ধাৰণা সূচকাংকত ২০২৪ত ভাৰতে লাভ কৰিছে ৯৩সংখ্যক স্থান৷ আনহাতে,  আইনৰ শাসন সূচকাংক ২০২৪ত ভাৰতৰ স্থান হ’ল ৭৯সংখ্যক আৰু গোলকীয় বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক ২০২৪ অনুসৰি এতিয়া ভাৰতৰ ২৩.৪০ কোটি লোক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ সৈতে যুঁজি আছে৷ এনে এক পৰিৱেশত আয়তনৰ ফালৰ পৰা ভাৰতৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হ’লেই নহ’ব, বৰঞ্চ সমাজৰ শেষৰজন ব্যক্তিলৈকে শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিব পাৰিব লাগিব৷ তেতিয়াহে অৰ্থনৈতিক বিকাশৰ প্ৰকৃত সোৱাদ সকলোৱেই লাভ কৰিব পাৰিব৷ অন্যথা অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কৰা চৰকাৰী ঘোষণাসমূহ জনসাধাৰণে অনুধাৱন কৰাৰ বাবে অত্যন্ত দুৰুহ তাত্ত্বিক আৰু পৰিসংখ্যাগত মেৰপাক হিচাপে পৰিগণিত হৈ ৰৈ যাব৷