Logo
image

বৰষিব আৰু ৪৮ ঘণ্টা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত ২৭ মে’ত প্ৰায় এটা সপ্তাহ আগতীয়াকৈ প্ৰৱেশ কৰিছে৷ স্বাভাৱিকতে মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে ২৮ মে’ৰ দিনা নিশাৰে পৰা উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে বৰষুণ৷ আনহাতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বেচিভাগ ঠাইতে মজলীয়া আৰু দাঁতি কাষৰীয়া অঞ্চলত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ  হোৱা বাবে শুকুৰবাৰে পুৱাৰে পৰা মহানগৰীৰ বহু অঞ্চল জলমগ্ন হৈ আছে৷ আনকি বহু বাট- পথ পানীৰ তলত থকাত যান-বাহনৰ চলাচলত বাধাৰ সৃষ্টি হৈছে৷ একেদৰে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা নেৰানেপেৰাকৈ বৰষুণ হৈ থকা বাবে স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷ ইফালে ৰাজ্যৰ বেছিভাগ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবাঠাইতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে৷ সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়৷ আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনী কমি গৈছে৷  ফলত ৰাইজে ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে৷ যাৰ বাবে ২৮ মে’ত ৰাজ্যৰ ভিতৰত সৰ্বাধিক ৩৮.৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ অভিলেখ গঢ়া ওদালগুৰি জিলাৰ মাজবাটত মাত্ৰ ৪৮ ঘণ্টাৰ ব্যৱধানত শুকুৰবাৰে সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ২৫.৪ ডিগ্ৰী চেলচিয়াছ৷ ২৮ মে’ত গুৱাহাটীৰ সৰ্ব্বোচ্ছ তাপমাত্ৰা আছিল ৩৬.৩ ডিগ্ৰী চেলচিয়াছ৷ কিন্তু মৌচুমী বায়ুৰ কৃপাত নেৰানেপেৰা বৰষুণ হৈ থকা বাবে শুকুৰবাৰে গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ ২৫.৬ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাই৷ যিটো স্বাভাৱিকতকৈ ৬.৬ ডিগ্ৰী চেলচিয়াছ কম আছিল৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক এটা সপ্তাহ ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণ আৰু ঠাইবিশেষে গাজনি, ঢেৰেকণিৰ সৈতে প্ৰবল বৃষ্টিপাত হ’ব বা বৰষুণ হ’ব৷ বিশেষকৈ চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশ,  ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী, ঢেৰেকনি, বজ্ৰপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷


ইফালে প্ৰায় ২৮ মে’ পৰ্যন্ত তাৰ তিনিদিনমান আগলৈকে বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিকতকৈ ৪১ পৰা জ্জ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছিল তাপমাত্ৰা৷ ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্ৰচণ্ড গৰমৰ বাবে কেবাখনো বিদ্যালয়ত শিক্ষাৰ্থী পাঠদান চলি থকাৰ মাজতে ঢলি পৰাৰ দৰে ঘটনা সংঘটিত হৈছিল৷ কিন্তু ২৮ মে’ৰ দিনা প্ৰচণ্ড গৰমৰ বিপৰীতে নিশাৰ পৰা বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বেছিভাগ ঠাইতে ৪.১  পৰা ৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমি গৈছে৷ তাপমাত্ৰা বহুখিনী কমি যোৱাত ৰাইজে গেলা গৰমৰ পৰা বহু সকাহ লাভ কৰিছে৷ এই কাৰ্য অহা ৪ জুন পৰ্যন্ত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্ছ তাপমাত্ৰা আছিল এনে ধৰণৰ - ডিব্ৰুগড়ত ২৫.৬ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ২৭.২ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ২৬.১ ডিগ্ৰী চেলচিয়াছ, যোৰহাটত ২৫.৮ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ২৫.৮ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ২৫.২ ডিগ্ৰী চেলচিয়াছ৷ আনহাতে উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২০.৬ ডিগ্ৰী ছেলছিয়াছ৷ তেনেদৰে শুকুৰবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ ভিতৰত সৰ্বাধিক ১৫০ মিঃমিঃ বা ১৫ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে অসমৰ বৰাক উপত্যকাৰ প্ৰধান চহৰ শিলচৰ আৰু ডিমা হাছাও জিলাৰ উমৰাংছুত৷ ইয়াৰ উপৰি উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক বৰষুণ হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত৷ তাত হোৱা বৰষুণৰ পৰিমাণ আছিল ৩৮০ মিলিমিটাৰ বা ৩৮ চেণ্টিমিটাৰ৷ এই সময়চোৱাত গুৱাহাটী মহানগৰীত হোৱা বৰষুণৰ পৰিমাণ আছিল ৫৫ মিলিমিটাৰ৷ অথচ গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰী, সোণাপুৰ, যোৰাবাট, গড়ভঙা সংৰক্ষিত বনাঞ্চল,  বৰ্ণিহাট আদিত জ্জ্ব ৰ পৰা ১১ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷  সেই বৰষুণৰ পানীৰ এক বৃহৎ অংশই গুৱাহাটী মহানগৰীত বান পৰিস্থিতি অধিক জটিল কৰি তোলাত অৰিহণা যোগাইছে৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বংগোপসাগৰ সাগৰীয় উপকূলত শেহতীয়াভাবে সৃষ্টি হোৱা নিম্নচাপ বাংলাদেশৰ ওপৰৰে গতি কৰা বুলি সদৰি কৰিছে৷ ইয়াৰ প্ৰভাৱত অহা ৪৮ ঘণ্টা অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত বতৰ অপৰিবৰ্তনীয় হৈ থাকিব বুলি আগজাননী দিছে৷ ইয়াৰ সমান্তৰালভাৱে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানত বৃহস্পতিবাৰৰ পৰা বেছিভাগ ঠাইতে বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত৷ আনকি স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া দিছপুৰত লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক এটা সপ্তাহত ৰাজ্যত বহু ঠাইত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হ’ব বুলি দিয়া সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত সকলো জিলা আয়ুক্তকে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে বিটিএডিকে ধৰি নামনি অসমৰ ১১খন জিলাত অহা ৪৮ ঘণ্টাত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা কৰি ৰেড এলাৰ্ট জাৰি কৰা হৈছে৷