Logo
image

দিছপুৰ দখলৰ সপোন খেদি সোণাপুৰত স্বৰ্গসুখত কংগ্ৰেছী

আমাৰ অসম, ২৪ এপ্ৰিলঃ ক’ভিডৰ বিভীষিকাৰ মাজতে গুৱাহাটীৰ সোণাপুৰৰ দিচাং ৰিজৰ্টত বৃহস্পতিবাৰৰ পৰা ৰাজনৈতিক বন্দিত্বৰ জীৱন কটাই থকা কংগ্ৰেছৰ প্ৰাৰ্থীসকলে বৃহস্পতিবাৰৰ দিনটো খেল-ধেমালি, কবিতা আবৃত্তি, গান গাই, ছুইমিং পুলত জলকেলি কৰি সময় অতিবাহিত কৰে৷ হৰ্ছ ট্ৰেডিঙৰ ভয়ত সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ বৃহস্পতিবাৰে লৈ অনা হয় কংগ্ৰেছৰ প্ৰাৰ্থীসকলক৷ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীক ৰিজৰ্টখনলৈ আহিবলৈ কোৱা হৈছিল৷ কিছুসংখ্যক প্ৰাৰ্থীক বাদ দি দলৰ অধিকাংশ প্ৰাৰ্থী বৃহস্পতিবাৰে পুৱাই দিচাং ৰিজৰ্টত উপস্থিত হয়৷ বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰা দিচাং ৰিজৰ্টত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বাবে ব্যৱস্থা কৰা হৈছে সকলো ধৰণৰ আমোদ-প্ৰমোদৰ৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত একাংশ প্ৰাৰ্থীয়ে অংশ লয় এক ইফটাৰ পাৰ্টীত৷ প্ৰাৰ্থীসকলৰ বাবে ব্যৱস্থা কৰা হৈছে ব্যয়-বহুল খাদ্য সম্ভাৰৰ৷ ৰিজৰ্টখনৰ ৭০ টাকৈ বিলাসী কোঠা ভগাই দিয়া হৈছে প্ৰাৰ্থীসকলৰ মাজত৷ একাংশ প্ৰাৰ্থীয়ে খেল-ধেমালি কৰাৰ উপৰিও ব্যায়ামাগৰত সময় অতিবাহিত কৰিছে৷ বৃহস্পতিবাৰে দোভাগ নিশালৈ ৰসাল আড্ডাত মছগুল হৈ থাকে একাংশ প্ৰাৰ্থী৷ বহুতে আকৌ ৰিজৰ্টখনৰ অত্যাধুনিক আৰু বিলাসী স্পাত নিজকে ব্যস্ত ৰাখিছে৷ ইয়াৰ মাজতে শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠক৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ সময়ত লাভ কৰা অভিজ্ঞতা আৰু সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বিষয়ে মতামত প্ৰকাশ কৰে৷২৬ মে’লৈ প্ৰাৰ্থী সকল দিচাং ৰিজৰ্টতে আৱদ্ধ হৈ থাকিব লাগিব বুলি প্ৰদেশ কংগ্ৰেছৰ সূত্ৰত প্ৰকাশ৷ ২৭ মে’ৰ পুৱা তেওঁলোকক নিজ নিজ সমষ্টিলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে৷ কৰ’নাৰ তাণ্ডৱৰ মাজতে এনেদৰে কংগ্ৰেছৰ শতাধিক লোক ৰিজৰ্টখনত একেলগে থাকি, চুইমিং পুলত সাঁতুৰি, খেল-ধেমালি কৰি থকা বিষয়টোৱে বিশেষভাৱে শংকাৰ কাৰণ হৈ পৰিছে৷ প্ৰাৰ্থীসকলক নিৰ্বাচনৰ পাছত অৱসৰ বিনোদনৰ বাবে ৰিজৰ্টখনলৈ লৈ অহা বুলি দাবী কৰিলেও বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ৰাজনীতিক লৈ শংকিত হৈ আছে কংগ্ৰেছ নেতৃত্ব৷ লক্ষণীয়ভাৱে মহাজোঁটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফ বা বি পি এফ প্ৰাৰ্থীসকলক দিচাং ৰিজৰ্টলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই৷ এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলক ইতিপূৰ্বে ৰাজস্থানৰ জয়পুৰলৈ লৈ যোৱা হৈছিল কিছুদিনৰ বাবে৷ দিচাঙত থকা সময়ছোৱাত প্ৰাৰ্থীসকলক ভোট গণনাৰ সময়ত গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ বিষয়ে বিশেষভাৱে প্ৰশিক্ষণ দিয়া হ’ব।