Logo
image

ব্ৰহ্মপুত্ৰৰ পানীৰ ‘নিয়ন্ত্ৰণ’ চীনৰ হাতত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুনঃ  পেহেলগামৰ হত্যালীলাৰ প্ৰতিশোধকল্পে ভাৰতে সিন্ধু জল সহযোগিতা চুক্তি বাতিল কৰিলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাণ সঞ্জীৱনী ব্ৰহ্মপুত্ৰ নদীৰ পানীও শুকাই যাব নেকি? সিন্ধু নদী আৰু ইয়াৰ উপ-নদীৰ অৱস্থিতিৰ পৰা অসমৰ দুৰত্ব আঢ়ৈ-তিনিহাজাৰ কিলোমিটাৰ হ’লেও ভাৰতৰ চিৰবৈৰী চীনৰ এই সংঘাতত অনাকাংক্ষিত প্ৰৱেশে অসমলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ যোৱা শুকুৰবাৰ আৰু শনিবাৰে ভাৰতে পাকিস্তানলৈ বৈ যোৱা চন্দ্ৰভাগা  [বা চেনাব] নদীৰ জলপ্ৰৱাহ ১,৪৪,০০০ কিউছেক কমাই দিয়াৰ লগে লগে চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰাৰ ভাবুকি দিয়াৰ ফলতে অসমৰ প্ৰতি এনে আশংকাৰ সৃষ্টি হৈছে৷ নতুন দিল্লীয়ে পাকিস্তানলৈ প্ৰবাহিত চন্দ্ৰভাগাৰ পানীৰ প্ৰবাহ হ্ৰাস কৰাৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷ কিন্তু পাকিস্তানৰ জল আৰু বিদ্যুৎ উন্নয়ন অধিকৰণে [ডব্লিউপিডিএ] ভাৰতে চন্দ্ৰভাগাৰ জলপ্ৰবাহ হ্ৰাস কৰা বুলি প্ৰকাশ কৰিছে৷ পাকিস্তানৰ ডব্লিউপিডিএই শনিবাৰে চন্দ্ৰভাগা নদীৰ জলপ্ৰবাহ সন্দৰ্ভত এক তথ্য ৰাজহুৱা কৰিছে৷ পাকিস্তানৰ সেই তথ্য অনুসৰি যোৱা বৃহস্পতিবাৰে ভাৰতৰ ভূমিখণ্ডৰ পৰা পাকিস্তানৰ মাৰালালৈ চন্দ্ৰভাগা নদীৰ জলপ্ৰবাহ আছিল ৯৮,২০০ কিউছেক৷ কিন্তু শুকুৰবাৰৰ পৰা ক্ৰমে চন্দ্ৰভাগৰ জলপ্ৰবাহ হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে৷ শুকুৰবাৰে চন্দ্ৰভাগৰ জলপ্ৰবাহ আছিল ৪৪,৮০০ কিউছেক৷ শনিবাৰে আৰু হ্ৰাস হৈ জলপ্ৰবাহ ৭,২০০  কিউছেক হয়৷ অৰ্থাৎ কেৱল বিগত শনিবাৰে ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা চন্দ্ৰভাগাৰ জলপ্ৰবাহ বৃহস্পতিবাৰৰ তুলনাত ৯১,০০০ কিউছেক কম হয়৷ আনহাতে, শুকুৰবাৰে হ্ৰাস পাইছিল বৃহস্পতিবাৰৰ তুলনাত ৫৩,৪০০ কিউছেক৷ সামগ্ৰিকভাৱে দুদিনত পাকিস্তানলৈ চন্দ্ৰভাগাৰ জলপ্ৰবাহ হ্ৰাস পায় ১ লাখ ৪৪ হাজাৰ কিউছেক৷ যদিও নতুন দিল্লীয়ে চন্দ্ৰভাগাৰ জলপ্ৰবাহ হ্ৰাসৰ কথা ঘোষণা কৰা নাই, চীনে পাকিস্তানৰ পৰা এই তথ্য লাভ কৰাৰ লগে লগে অসমলৈ বৈ অহা ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহ বন্ধ কৰি দিলে কেনে লাগিব বুলি প্ৰশ্ন উত্থাপন কৰি পৰোক্ষভাৱে ভাবুকি প্ৰদান কৰিছে৷ প্ৰসংগতঃ, কিউছেক [CUSEC] হৈছে প্ৰতি ছেকেণ্ডত ৰ কিউবিক ফুট পানী বৈ যোৱাৰ একক৷ ৰ কিউছেক পানীৰ পৰিমাণ হ’ব প্ৰতি ছেকেণ্ডত বৈ যোৱা ২৮.৩২ লিটাৰ পানী৷

ভাৰতে চন্দ্ৰভাগাৰ পানীৰ প্ৰবাহ বন্ধ কৰো-নকৰোতেই চীনৰ বেইজিংস্থিত ‘চেণ্টাৰ ফৰ চাইনা এণ্ড গ্লোৱেলাইজেচন’ সংগঠনৰ উপাধ্যক্ষ ভিক্তৰ ঝিকাই গাৱে ভাৰতক সতৰ্ক কৰি কৈছে– ‘তোমাৰ ক্ষেত্ৰত যিটো ক্ষতি হ’ব নালাগে বুলি ভাবা, সেইটো ক্ষতি আনৰ ক্ষেত্ৰতো নকৰিবা৷’ ভাবুকিৰ সুৰতে গাৱে ‘ইণ্ডিয়া টুডে’ক কয়– ‘বেইজিঙৰ হাতত ব্ৰহ্মপুত্ৰৰ জলপ্ৰবাহৰ ছাবি-কাঠি [ষ্ট্ৰেটেজিক গ্ৰিপ] আছে৷ সেই নদীৰ পানীৰ প্ৰবাহ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ৷ নতুন দিল্লীয়ে আন দেশৰ পানী বন্ধ কৰাৰ পূৰ্বে নিজৰ কথা চিন্তা কৰা মংগল৷’ চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ বৃহত্তম নদীবান্ধ এটা নিৰ্মাণ কৰি থকাৰ কথা বেইজিঙে যোৱা জানুৱাৰীতে মুকলিভাৱে প্ৰকাশ কৰিছে৷ ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সম্বলিত এই নদীবান্ধত চীনে উচ্চস্তৰীয় বিজ্ঞান-প্ৰযুক্তি ব্যৱহাৰ কৰা বুলিও দাবী কৰিছে৷ উদ্বেগজনক কথা এয়াই যে, ২০২২ চনৰ পৰা চীনে ভাৰতৰ সৈতে জলসম্পৰ্কীয় কোনো তথ্য সৰবৰাহ কৰা নাই৷ পূৰ্বৰ বুজাবুজিৰ চুক্তি শেষ হোৱাত আৰু ভাৰতৰ সৈতে নতুন চুক্তি সম্পাদন নোহোৱাৰ অজুহাততে চীনে তথ্য সৰবৰাহৰ পৰা বিৰত আছে৷ সেয়ে ভাৰতে বিগত আঢ়ৈ-তিনিবছৰে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহৰ কোনো তথ্য চীনৰ পৰা লাভ কৰা নাই৷ চীনত য়াৰলুং ছাংপো বুলি কোৱা এই নদীয়েই অসমত ব্ৰহ্মপুত্ৰ, যি ভাৰতৰ এক তৃতীয়াংশ সুজল [ফ্ৰেছৱাটাৰ] যোগান ধৰে আৰু ভাৰতীয় অংশৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পানীৰ ৪০ শতাংশ জলবিদ্যুৎ প্ৰকল্পত ব্যৱহাৰ কৰাৰ সুযোগ আৰু সম্ভাৱনা আছে৷ মুলতঃ অসম আৰু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ব্ৰহ্মপুত্ৰই নিয়ন্ত্ৰণ কৰি আছে আৰু এই নদীয়েই বৃহৎ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাণ সঞ্জীৱনী৷ 


চীনে পাকিস্তানক সাহায্য কৰাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰৰ জলপ্ৰবাহ হ্ৰাস কৰি দিবনেকি বুলি ‘ইণ্ডিয়া টুডে’ৰ পৰা কৰা প্ৰশ্নৰ উত্তৰত গাৱে স্পষ্ট অভিমত নিদিলেও তেওঁ এই ক্ষেত্ৰত একেৰাহে তিনিবাৰ ভাৰতক সকিয়াই দিয়ে৷ তেওঁৰ বক্তব্যৰ সাৰমৰ্ম হৈছে, আনৰ ক্ষতি কৰাৰ পূৰ্বে ভাৰতে একে পন্থাৰে নিজৰ ক্ষতি হ’লে কি কৰিব; সেয়া আগতীয়াকৈ চিন্তা কৰা ভাল৷ কোৱা বাহুল্য মাথোঁ, চীন এতিয়া পাকিস্তানৰ ‘অল ৱেডাৰ ফ্ৰেণ্ড’৷ অতি নিকট বন্ধু৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সাম্প্ৰতিক সংঘাতত চীনে যুদ্ধবিমান, ক্ষেপনাস্ত্ৰ আৰু ‘এণ্টি এয়াৰ ডিফেন্স ছিষ্টেমে’ৰে সহায় কৰাটো তেনেই মুকলি সত্য৷ যুদ্ধবিৰতিৰ লগে লগে পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক ডাৰে প্ৰথমে ভ্ৰমণ কৰা দেশখনো হৈছে চীন, য’ৰ পৰা তেওঁ এই আগষ্টতে পঞ্চম প্ৰজন্মৰ ষ্টেলথ যুদ্ধবিমান জে-১০ চি ফায়াৰবাৰ্ডৰ প্ৰথমটো খেপ অৰ্থাৎ ২৫ খন ফাইটাৰ জেট তাৎক্ষণিকভাৱে লাভ কৰাটো নিশ্চিত কৰিছে৷ এনে মৈত্ৰী থকা চীনে পাকিস্তান জলসংকটত পৰিলে যে ভাৰতক ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ হ্ৰাস কৰি ক্ষতিগ্ৰস্ত কৰিব তাত সামান্যতমো সন্দেহ নাই৷ চীনৰ ভিক্তৰ ঝিকাই গাৱৰ ভাবুকিত সেই কথাই প্ৰতিধবনিত হৈছে৷

ভাৰতে অৱশ্যে গাৱৰ এই ভাবুকিত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ ২২ এপ্ৰিলত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে নতুন দিল্লীয়ে সিন্ধু জল সহযোগিতা চুক্তি সাময়িকভাৱে স্থগিত ৰাখিছিল আৰু সেই সিদ্ধান্তত এতিয়াও নতুন দিল্লী অটল আছে৷ চন্দ্ৰভাগাৰ অৱবাহিকাত ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ জলবিদ্যুৎ প্ৰকল্প আছে৷ সেয়া হৈছে– পাকাল দুল বান্ধ, ৰামবনৰ বগলিহাৰ বান্ধ আৰু ছালাল বান্ধ৷ ইয়াৰ পাকাল দুলৰ জলাধাৰত ৮৮,০০০ একৰ ফুট, বগলিহাৰত ৩ লাখ ২১ হাজাৰ একৰ ফুট আৰু ছালালত ২ লাখ ২৮ হাজাৰ একৰ ফুট পানী ৰখাৰ ক্ষমতা আছে৷ ভাৰতে চন্দ্ৰভাগাৰ উপৰি বিপাশা, শতদ্ৰু আৰু ইৰাৱতী [ৰাভি] নদীত জলাধাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে, যাতে পাকিস্তানলৈ প্ৰবাহিত হ’বলৈ নিদিয়া পানী জমা কৰি ৰাখিব পাৰি৷ অৱশ্যে এই কাম ব্যয়বহুল আৰু সময়সাপেক্ষ৷ সম্ভৱতঃ তাৰ পূৰ্বেই ঘোষণা নকৰাকৈ এতিয়া ভাৰতে চন্দ্ৰভাগাৰ জলপ্ৰবাহ নিয়ন্ত্ৰিত কৰিছে৷ কিন্তু চীনৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিণতি কি হয়, সেয়া এতিয়াও অনিশ্চিত৷