Logo
image

মস্কোৰ ভয়ংকৰ প্ৰত্যাঘাত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জুনঃ  পাৰ্ল হাৰবাৰ আক্ৰমণে দ্বিতীয় মহাযুদ্ধৰ গতি সলনি কৰি দিছিল আৰু পাৰ্ল হাৰবাৰ আক্ৰমণকাৰী জাপানক আমেৰিকাই ধুলিৰ লগত মিহলাই দিছিল৷ ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰতে দ্বিতীয় মহাসমৰ আৰম্ভ হ’লেও ১৯৪১ চনৰ ডিচেম্বৰলৈকে যুদ্ধত যোগদান কৰা নাছিল আমেৰিকাই৷ কিন্তু ১৯৪১ চনৰ ৭ ডিচেম্বৰত জাপানৰ ‘ফাষ্টৰ্ ফ্লিটে’ ৭ ঘণ্টাজোৰা আক্ৰমণত পাৰ্ল হাৰবাৰত থকা ৬খন বিমানবাহী যুদ্ধ জাহাজ, ৪খন ডাঙৰ যুদ্ধ জাহাজ, ২খন সামৰিক পৰিবহণ যুদ্ধজাহাজ, ফ্লিগেট, ক্ৰুজাৰ, ডেষ্ট্ৰয়াৰকে ধৰি ১০খন যুদ্ধ জাহাজ আৰু ৩৫৩খন মাৰ্কিন যুদ্ধ বিমান ধবংস কৰি দিছিল৷ প্ৰশান্ত মহাসাগৰৰ হাৱাই দ্বীপপূঞ্জৰ পাৰ্ল হাৰবাৰত থকা এই বৃহৎ মাৰ্কিন সামৰিক ঘাটি প্ৰতিৰোধবিহীনভাৱে ৭ঘণ্টাৰ আক্ৰমণত নিঃশেষ হৈ গৈছিল৷ ইয়াৰ পৰিণতিত আমেৰিকাই দ্বিতীয় মহাসময়ত যোগদান কৰিছিল আৰু ৪বছৰৰ পাছত জাপানক ধুলিৰ লগত মিলাই দিছিল৷ ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত হিৰোচিমা আৰু নাগাছানিক পৰমাণু বোমাৰে আমেৰিকাই নিশ্চিহ্ন কৰি দিয়াৰ পাছত জাপানৰ আৰু থিয় হোৱাৰ শক্তি নোহোৱা হৈছিল৷  যুদ্ধৰ বৰ্ণনাত জাপানৰ সেই আক্ৰমণক ‘এলিমেণ্টছ অব ছাৰপ্ৰাইজ’ বুলি কোৱা হয় আৰু দেওবাৰে ইউক্ৰেইনে ৰাছিয়াৰ ভূখণ্ডৰ ৪০০০ কিলোমিটাৰ ভিৰতলৈ সোমাই কৰা ড্ৰোন আক্ৰমণকো সমৰ বিশাৰদে তেনে আখ্যাই দিবলৈ বিচাৰিছে৷ কিন্তু একে সময়তে পশ্চিমৰ সংবাদ মাধ্যমে আশংকা কৰিছে, ইউক্ৰেইনৰ পৰিণতিও আমেৰিকাৰ হাতত জাপানৰ হোৱাৰ দৰেই কৰুণ হ’ব৷ কিয়নো, যুদ্ধ বুৰঞ্জীত দাবী কৰা হয়, আমেৰিকাই জাপানৰ হিৰোচিমা আৰু নাগাছাকিত পৰমাণু বোমা পেলাইছিল পাৰ্ল হাৰবাৰৰ প্ৰতিশোধ পূৰণৰ বাবে৷ আন বহু ব্যাখ্যাৰ দৰে আমেৰিকাৰ জাপানৰ বিৰুদ্ধে পৰমাণু বোমা ব্যৱহাৰ অন্যতম কাৰণ হিচাপে পাৰ্ল হাৰবাৰৰ প্ৰতিশোধৰ ব্যাখ্যাও মানি লোৱা হয়৷ কিয়নো অক্ষশক্তিৰ প্ৰধান শক্তি জাৰ্মানীয়ে ১৯৪৫ চনৰ ৮ মে’ত আত্মসমৰ্পণ কৰিছিল৷ অৰ্থাৎ দ্বিতীয় মহাযুদ্ধৰ পৰিণতি তেতিয়াই অনিবাৰ্য হৈ পৰিছিল৷ কেৱল জাপানক আত্মসমৰ্পণ কৰোৱাৰ বাবে পৰমাণু বোমা ব্যৱহাৰৰ প্ৰয়োজন নাছিল৷ ইউক্ৰেইনৰ সোমবাৰৰ অতৰ্কিত আক্ৰমণৰ ফলত ৰাছিয়াৰ ৪১খনকৈ যুদ্ধবিমান ধবংস হৈ যোৱাৰ পাছত দ্বিতীয় মহাসমৰত আমেৰিকাই জাপানৰ বিৰুদ্ধে পৰমাণু বোমা ব্যৱহাৰ কৰাৰ দৰে প্ৰতিশোধ তাড়নাত ৰাছিয়ায়ো ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি পশ্চিমীয়া সংবাদ মাধ্যমে আশংকা ব্যক্ত কৰিছে৷ চলি থকা যুদ্ধ এখনৰ মাজত হোৱা এই ভয়ংকৰ ক্ষতি চম্ভালি ইউক্ৰেইনক পূৰ্বে কৰি থকাৰ দৰে ‘কনভেনচনেল’ যুদ্ধ কৰি পৰাস্ত কৰিবলৈ ৰাছিয়াক যি অহোপুৰুষাৰ্থৰ প্ৰয়োজন হ’ব, পাৰমাণৱিক আক্ৰমণেৰে সেই ফলাফল ৰাছিয়াই পলকতে অৰ্জন কৰিব পাৰিব৷ তদুপৰি একেসময়তে হ’ব প্ৰতিশোধ পূৰণো৷ ৰাছিয়াই কেইবামাহ পূৰ্বে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ডিক্ৰী সলনি কৰি বিশ্ব কঁপাই থৈছে৷ অৰ্থাৎ প্ৰয়োজন হ’লে ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পথ খোলা ৰাখিছে৷ প্ৰয়োজনীয় বুলি ভবা সময়ত এতিয়া দেশখনে যুদ্ধৰ সামৰণি মৰাৰ বাবে তেনে ভয়ংকৰ পদক্ষেপ লোৱাটো অসম্ভৱ নহয় বুলি আলোচনা হৈছে৷ 


ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তুৰস্কৰ ইষ্টানবুলত হোৱা দ্বিতীয়লানি আলোচনা সোমবাৰে গুৰুত্বপূৰ্ণ ফলাফল অবিহনে সামৰণি পৰিছে আৰু তাৰ পূৰ্বেই ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ প্ৰত্যাঘাত চলাইছে৷ আলোচনাত ৰাছিয়াই স্থায়ী যুদ্ধ বিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে৷ আনহাতে  যুদ্ধক্ষেত্ৰত এতিয়া ইউক্ৰেইনক সম্পূৰ্ণৰূপে ধবংস কৰি পেলোৱাৰ লক্ষ্যৰে সোমবাৰে বেলিষ্টিক মিছাইলেৰে দেশখনৰ বিভিন্ন স্থানত আক্ৰমণ চলাইছে৷ ইপিনে ইউক্ৰেইনে ১৮মাহ প্ৰস্তুতি চলাই ৰাছিয়াৰ ৪টাকৈ বায়ুসেনা ঘাটিত দেওবাৰে আক্ৰমণ চলোৱা বুলি প্ৰকাশ কৰিছে৷ ‘অপাৰেচন স্পাইডাৰৱেভ’ নামৰ এই অভিযানত ইউক্ৰেইনে ১৭৭টা ড্ৰোন ব্যৱহাৰ কৰা বুলি ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে প্ৰকাশ কৰিছে৷ সীমান্তৰ পৰা ৰাছিয়াৰ ৪০০০ কিলোমিটাৰ অভ্যন্তৰত চলোৱা এই আক্ৰমণত ইউক্ৰেইনৰ ড্ৰোন সীমান্তৰ পৰা উৰি উৰি যোৱা নাছিল৷ এই ড্ৰোন স্মাগলিং কৰি ৰাছিয়াৰ ভিতৰলৈ পঠোৱা হৈছিল৷ সেই ড্ৰোন ৰাছিয়াৰ ট্ৰাকত বিশেষ চাল নিৰ্মাণ কৰি বিমানঘাটিলৈ আৰু তাৰ সমীপলৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰা ৰিমটৰ জৰিয়তে ড্ৰোন উৰুৱাই ৰাছিয়াৰ ৪১খন যুদ্ধবিমান ৪টা বায়ুসেনা ঘাটিত ধবংস কৰা হৈছিল৷ ৪টা এয়াৰবেছত ইউক্ৰেইনৰ ড্ৰোনে এ-৫০ চোৰাংচোৱা বিমান, ছুপাৰছনিক টিইউ-১৬০, টিইউ-২২ বোম্বাৰ ৪১খন ধবংস কৰে৷ এই বিমান পাৰমাণৱিক অস্ত্ৰ কঢ়িওৱা আৰু নিক্ষেপ কৰাত ব্যৱহাৰ কৰা হয় যদিও এই পৰ্যন্ত ৰাছিয়াই ক্ষেপণাস্ত্ৰ নিক্ষেপতে এই যুদ্ধবিমান ব্যৱহাৰ কৰি আছিল৷ এই আক্ৰমণত ৰাছিয়াৰ ৭০০কোটি মাৰ্কিন ডলাৰৰ যুদ্ধবিমান ধবংস হয় কেইটামান হাজাৰটকীয়া ড্ৰোনৰ সহায়ত৷ ইউক্ৰেইনৰ এই আক্ৰমণৰ পৰিণতিয়েই দেশখনৰ ধবংস চমু চপাই আনিব পাৰে বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷