এইকেইটা কাম নকৰিলে মাস্ক পিন্ধা বৃথা
আমাৰ অসম বিশেষঃ কৰ’নাৰ দ্বিতীয় লহৰে ত্ৰাসৰ সৃষ্টি কৰিছে বিশ্বত৷ ভাৰতৰ পৰিস্থিতি অতি শোচনীয়৷ দৈনিক প্ৰাণনাশী ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যু ঘটিবলৈ লৈছে শ শ লোকৰ৷ ইয়াৰ সমান্তৰালভাৱে বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ এনে পৰিস্থিতিত এই মাৰাত্মক ভাইৰাছবিধৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে মাস্ক পৰিধান কৰা, ছেনিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বজাই ৰখা৷ কিন্তু মাস্ক পৰিধানৰ ক্ষেত্ৰত বহুতেই বিশ্ব স্বাস্থ্য সংস্থাই দিয়া নিৰ্দেশনাসমূহ পালন কৰা পৰিলক্ষিত হোৱা নাই৷ যাৰ ফলত মাস্ক পৰিধান কৰিলেও সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে৷ আজিৰ শিতানত মাস্ক পৰিধানৰ সময়ত দিবলগীয়া গুৰুত্বসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] কৰ’না পৰিস্থিতিত বহুতকে এন-৯৫ মাস্ক পৰিধান কৰা দেখা গৈছে৷ এই ক্ষেত্ৰত জানি থোৱা ভাল যে এন-৯৫ মাস্ক হাস্পতালত চিকিৎসাসেৱাত নিয়োজিত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সহযোগীসকলেহে পিন্ধা উচিত৷ দৈনন্দিন কামৰ সময়ত এই মাস্ক পৰিধান কৰিলে শ্বাস-প্ৰশ্বাসত কষ্ট আৰু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে৷ সেয়ে বিশেষজ্ঞসকলে সাধাৰণ লোকক কাপোৰেৰে তৈয়াৰী বা ছাৰ্জিকেল মাস্ক পৰিধান কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷
[২] মাস্ক পৰিধান কৰাৰ পূৰ্বে চাবোন-পানীৰে কমেও ২০ ছেকেণ্ড সময় দুয়োখন হাত পৰিষ্কাৰ কৰি লোৱা উচিত৷
[৩] মাস্কখন অতি সতৰ্কতাৰে এনেভাৱে পিন্ধক যাতে ই নাক আৰু মুখ সম্পূৰ্ণৰূপে ঢাকি ৰাখে৷
[৪] মাস্ক পিন্ধি থকা অৱস্থাত সেইখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকক৷
[৫] ফোনত কথা পতাৰ সময়ত বা কাৰোবাৰ সৈতে কথা কওঁতে মাস্কখন নাক আৰু মুখৰ পৰা তললৈ নমাই লোৱাৰ অভ্যাস নকৰিব৷ মনত ৰাখিব যে মাস্ক পিন্ধি কথা পতাটো অভদ্ৰ বা অশোভনীয় আচৰণ নহয়৷ কৰ’না পৰিস্থিতিত নিজৰ স্বাস্থ্যৰ বাবেই মাস্ক পৰিধান কৰি থকাটো অতি প্ৰয়োজন৷
[৬] কোনো কাৰণত পৰিধান কৰি থকা মাস্কখন যদি লেতেৰা হয় বা তিতে তেনেহ’লে সেইখন লগে লগে খুলি আন এখন মাস্ক পৰিধান কৰক৷
[৭] মাস্ক পৰিধান কৰা বা খোলাৰ সময়ত দুয়োফালে থকা ফিটা বা ইলাষ্টিক ব্যৱহাৰ কৰক৷ ভুলতো মাস্কৰ সন্মুখৰ অংশ স্পৰ্শ নকৰিব৷
[৮] পৰিধান কৰি থকা মাস্কৰ সন্মুখৰ অংশত হাত লাগিলে মাস্কখন খুলি পেলোৱাৰ পিছতে ২০ ছেকেণ্ড চাবোন-পানীৰে হাত ধুওক৷
[৯] এবাৰ ব্যৱহাৰ কৰা ছাৰ্জিকেল মাস্ক দ্বিতীয়বাৰ ব্যৱহাৰ নকৰিব৷ কাপোৰৰ মাস্ক ব্যৱহাৰ কৰিলে সেয়া কমেও ৩০ মিনিট সময় চাবোন- পানী বা ছাৰ্ফত তিয়াই ৰাখি ভালদৰে শুকাই লৈহে পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিব৷
[১০] দুবছৰতকৈ কম বয়সৰ শিশুক মাস্ক পিন্ধালে সতৰ্ক হৈ থাকিব যেন শিশুটিয়ে অস্বস্তি অনুভৱ নকৰে৷ যদি শিশুটিৰ অস্বস্তিবোধ হোৱা যেন দেখে, লগে লগে মাস্কখন খুলি দিব৷