Logo
image

গোসাঁইৰ ৰোষত দিম্পু, থানালৈ তলব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জুনঃ  আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব ইউটিউবাৰ দিম্পু বৰুৱা৷  দিম্পু বৰুৱাক জেৰাৰ বাবে সাজু হৈছে দিছপুৰ আৰক্ষী৷  সস্তীয়া জনপ্ৰিয়তাৰ বাবে অশালীন শব্দ ব্যৱহৃত ‘খগেন’ শীৰ্ষক এটা বিতৰ্কিত গীত সামাজিক মাধ্যমত প্ৰচাৰ কৰি বিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ দিম্পু৷ সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা গীতটোৰ  বাবেই দিম্পু  বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত শেহতীয়াকৈ এজাহাৰ দাখিল কৰিছিল সদৌ অসম গোঁসাই সমাজে৷ সদৌ অসম গোসাঁই সমাজে অনলাইন যোগে দাখিল কৰা উক্ত এজাহাৰৰ ভিত্তিত ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে তথ্য প্ৰযুক্তি আইনৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত ৰুজু কৰিছে এটা গোচৰ৷


গীতটোত অশালীন আৰু অপমানজনক শব্দ ব্যৱহাৰৰ অভিযোগত মৃদুল নামৰ গায়কজনকো অভিযুক্ত কৰিছে৷ তদুপৰি দিম্পু বৰুৱাৰ সৈতে সামাজিক মাধ্যমত ‘খগেন’ শীৰ্ষ গীতটো প্ৰচাৰ চলোৱা আৰু এজন পডকাষ্টাৰৰ বিৰুদ্ধেও গোচৰ পঞ্জীয়ন কৰিছে দিছপুৰ আৰক্ষীয়ে৷ দুই এদিনতে তিনিওজন অভিযুক্তকে জেৰা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷