
কংগ্ৰেছৰ পুনৰুদ্ধাৰ হ’বনে
সংসদত বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে অসম কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্ব লোৱাৰে পৰা দলটোৰ ন-পুৰণি কৰ্মকৰ্তাসকলৰ মাজত উৎসাহ বৃদ্ধি পোৱা দেখা গৈছে৷ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ স্থলাভিষিক্ত হোৱা গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছ হাইকমাণ্ডে দেখুওৱা আস্থাই দলটো অধিক গতিশীল কৰি তুলিব বুলি অসম কংগ্ৰেছৰ নেতৃবৰ্গই দাবী কৰিছে৷ এতিয়া প্ৰশ্ন হয়, বিগত লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সকলো কূট-কৌশল ওফৰাই তৃতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত শতিকা পুৰণি দলটোক ৰাজনৈতিকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে? যদিও এই প্ৰশ্নৰ উত্তৰ এতিয়া দিয়া সম্ভৱ নহয়, কিন্তু বৰ্তমান প্ৰেক্ষাপটৰ ৰাজনীতি বিশে¡ষণ কৰিলে এনে হোৱাটো সম্ভৱ নহ’ব যেনেই লাগে৷ কাৰণ বৰ্তমান কংগ্ৰেছ দলৰ সন্মুখত বহুকেইটা আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰত্যাহ৩ান আছে৷ এই গোটেই প্ৰত্যাহ৩ানসমূহৰ লগত মোকাবিলা কৰি দলটোক আগবঢ়াই লৈ যোৱাটো অত্যন্ত দুৰুহ কাম হ’ব, যদিওবা সম্পূৰ্ণৰূপে অসম্ভৱ নহয়৷ এইটো এটা সৰ্বজনবিদিত কথা যে, বৰ্তমান কংগ্ৰেছ দলটোৰ আভ্যন্তৰীণ ৰাজনীতি বহুকেইটা লবীত বিভক্ত আৰু এই লবী ৰাজনীতি বিদায়ী সভাপতি ভূপেন বৰাৰ কাৰ্যকালত অনিয়ন্ত্ৰিত হৈ পৰিছিল৷ যদিও আপাত দৃষ্টিত এতিয়া গৌৰৱ গগৈক সকলোৱে আদৰি লোৱা যেন লাগিছে, কিন্তু সময় বাগৰাৰ লগে লগে প্ৰতিটো লবীয়েই সক্ৰিয় হৈ পৰিব৷ গতিকে এই সকলো লবীৰ মাজত সমন্বয় ৰক্ষা কৰি ন-পুৰণি সকলো নেতা-কৰ্মীকে সন্তুষ্ট কৰি দলটোক বিজয়ৰ দিশলৈ আগুৱাই লৈ যোৱাটো কিমানদূৰ সম্ভৱ হ’ব সেয়া সময়েহে ক’ব৷ দ্বিতীয়তে, যিমানেই দাবী নকৰক কিয়, বৰ্তমান কংগ্ৰেছ দলৰ সাংগঠনিক শক্তি একেবাৰে নিম্ন পৰ্যায়ত আছে৷ ইয়াৰ দেখ দেখ প্ৰমাণ কিছুদিন পূৰ্বে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতে গম পোৱা গ’ল৷ আনহে নালাগে গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা যোৰহাটৰে জিলা পৰিষদত দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ তদুপৰি, দহটাকৈ বছৰ ক্ষমতাৰ পৰা বিতাড়িত হৈ থকা দলটোৰ নেতা-কৰ্মীসকল মানসিকভাৱেও দুৰ্বল হৈ পৰা দেখা গৈছে৷ ইয়াৰে সুযোগ লৈ বিজেপি দলে কংগ্ৰেছৰ সকলো শক্তিশালী নেতাক নিজৰ ফলীয়া কৰি লোৱাত দলটো সাংগঠিকভাৱে অধিক দুৰ্বল হৈ পৰিল৷ গতিকে দলীয় আদৰ্শৰ দ্বাৰা সকলোকে উদ্বুদ্ধ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰি অনাটো গৌৰৱ গগৈৰ বাবে বিৰাট প্ৰত্যাহ৩ান হিচাপে দেখা দিছে৷
ঠিক সেইদৰে যদিহে বাহ্যিক প্ৰত্যাহ৩ানবোৰলৈ চোৱা যায়, তেনেহ’লে কংগ্ৰেছ দলক বিজেপি দলৰ সন্মুখত আদৰ্শগতভাৱে শক্তিশালী কৰাটোৱেই হ’ল আটাইতকৈ ডাঙৰ প্ৰত্যাহ৩ান৷ কংগ্ৰেছৰ সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰোধিতা কৰি বিজেপি দলে যিদৰে জনসাধাৰণৰ সন্মুখত ৰাজনীতিৰ বিকল্প আদৰ্শ আগবঢ়াই সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক নিজৰ পক্ষে আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল, সেই প্ৰত্যাহ৩ানক ওফৰাই পুনৰ কংগ্ৰেছ দলৰ আদৰ্শ প্ৰতিষ্ঠা কৰিব পাৰিলেহে দলটোক উদ্ধাৰ কৰিব পাৰিব৷ পিছে বৰ্তমান এয়া সম্ভৱ হ’ব যেন এই কাৰণেই নালাগে, কিয়নো বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিমানেই সংখ্যালঘু, বিশেষকৈ মুছলমানবিৰোধী স্থিতি গ্ৰহণ নকৰক কিয়, কিন্তু এই চৰকাৰখনে দল-মত-সম্প্ৰদায় নিৰ্বিশেষে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু সকলোকে উন্নয়নৰ সমভাগী কৰি তুলিছে৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে সেই কথা প্ৰতীয়মানো কৰিছে৷ এনে প্ৰেক্ষাপটত বিজেপি দলৰ এনে কৌশলী ৰাজনীতিৰ সন্মুখত কংগ্ৰেছ দলে নিজকে শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰাটো কিমান সম্ভৱ হ’ব, সেয়া সময়েহে হ’ব৷ তদুপৰি, দায়িত্বভাৰ লৈয়ে গৌৰৱ গগৈয়ে বিৰোধীৰ একতাৰ কথা ক’লেও তেওঁ এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে, বিৰোধী মৰ্চা শক্তিশালী হ’বলৈ হ’লে কংগ্ৰেছ দল শক্তিশালী হ’ব লাগিব৷ ইয়াৰ দ্বাৰা এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে, আগন্তুক দিনবোৰত তেওঁ কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ বদ্ধপৰিকৰ৷ এনে কৰিবলৈ গ’লে, যিবোৰ বিৰোধী দলে কংগ্ৰছৰ দুৰ্বলতাৰ সুযোগ লৈ নিজৰ ৰাজনৈতিক ভেটি গঢ়ি তুলিছিল, সেইবোৰ দলৰ ভেটি থৰকবৰক হৈ পৰিব৷ গতিকে সেই দলবোৰে কংগ্ৰেছ দলক নিশ্চিতভাৱে এই সুযোগ প্ৰদান নকৰিব৷ ইয়াৰো প্ৰমাণ ৰাইজে বিগত উপ-নিৰ্বাচনৰ বিহালী সমষ্টিৰ ফলাফলত প্ৰত্যক্ষ কৰিছে৷ গতিকে আন বিৰোধী দলসমূহক লগত লৈ আকৌ তেওঁলোকৰ ৰাজনৈতিক ভেটিৰ ওপৰতে নিজৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰি কংগ্ৰেছ দলটোক শক্তিশালী কৰি তোলাৰ প্ৰচেষ্টাটো এটা স্ব-বিৰোধী কথা হৈ পৰিছে৷
তদুপৰি, ৰাজনীতিক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা দৃষ্টিভংগীয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গৌৰৱ গগৈ সন্দৰ্ভত এনে এক দৃষ্টিভংগী সৃষ্টি কৰিবলৈ তেওঁক পাকিস্তানৰ লগত সম্পৰ্ক থকা এজন ব্যক্তি হিচাপে প্ৰমাণ কৰিবলৈ বিজেপি দলে যি অভিসন্ধি ৰচনা কৰিছে, তাৰ বিৰুদ্ধে যুঁজিবলৈও কংগ্ৰেছ দলৰ নতুন সভাপতিজনে যথেষ্ঠ সময় আৰn ¸শক্তি ব্যয় কৰিব লাগিব৷ কাৰণ বিজেপি দলৰ ৰাজনৈতিক পৰিৱেশতন্ত্ৰই যিদৰে গৌৰৱ গগৈক চাৰিওফালৰ পৰা আগুৰি ধৰিছে, সেই চক্ৰবেহুৰ পৰা নিজকে নিকা বুলি প্ৰতিপন্ন কৰি উলিয়াই আনি আন প্ৰত্যাহ৩ানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো তেওঁৰ ৰাজনৈতিক জীৱনৰ সকলোতকৈ কঠিন পৰীক্ষা হ’ব৷ গতিকে, এনে ৰাজনৈতিক পাকচক্ৰৰ পৰা কংগ্ৰেছ দলটোক গৌৰৱ গগৈয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে নহয়, সেয়া সময়েহে ক’ব৷