
ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ
'আমাৰ অসম'ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুনঃ শনিবাৰে নিশা গুৱাহাটীৰ টেক্সটাইল অফিচৰ পৰা ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা গছ কটাৰ বিৰুদ্ধে ছাত্ৰ আৰু সচেতন সমাজ ওলাই আহি প্ৰতিবাদ কৰে। শ শ পুলিচৰ বেহু চক্ৰ তৈয়াৰ কৰি নিশা বিদ্যুৎ সংযোগ বাতিল কৰি ৰাজপথ বন্ধ কৰি লৈ গছ কটাৰ গোটেই কাৰ্যসূচী চৰকাৰে চলাই নিছিল। সেই সময়তেই পুলিচৰ চক্ৰবেহু ফালি ছাত্ৰ সমাজে দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। গণতান্ত্ৰিক প্ৰমূল্যবোধক হত্যা কৰি তথা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি আৰক্ষীয়ে নিৰংকুশ নাথ, উৎপলা দাস, ৰাজদ্বীপ মহন্ত, আলোক নৰহ, নৌছাদ ৰছিদ, দেবব্ৰত শইকীয়া, অনিন্দিতা দাস, অংকুমান বৰদলৈ, দীপশেখৰ কলিতাক ধৰি মুঠ ৯ জন প্ৰতিবাদকাৰীক আটক কৰে। গোটেই নিশা তেওঁলোকক লতাশীল আৰু পানবজাৰ থানাত ৰাখি পুৱা মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে সাধাৰণ নাগৰিক তথা গুৱাহাটীবাসীৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ চৰকাৰে এককভাৱে তথা গোপনে গছ স্থানান্তৰৰ কাৰ্যসূচী গ্ৰহণ কৰে। জনসাধাৰণৰ লগত আলোচনা কৰাৰ সমান্তৰালভাৱে কোন কোম্পানীক গছ স্থানান্তৰৰ কাৰ্য প্ৰদান কৰিছে আৰু কিমান জোপা গছ স্থানান্তৰ কৰিছে সেই সম্পৰ্কে চৰকাৰে এখন শ্বেতপত্ৰ দাখিল কৰক বুলি প্ৰতিবাদকাৰী সকলে দাবী জনাই।
যোৱা ৪ জুনত দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সহকাৰী অভিযন্তা উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগত প্ৰতিবাদকাৰীৰ আলোচনাৰ কথা ঘোষণা কৰে। কিন্তু পৰৱৰ্তী সময়ত কোনোধৰণৰ আলোচনাত মিলিত নোহোৱাকৈ কিয় গছ কটা হ'ল বুলি প্ৰতিবাদকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে। পৰিৱেশ মন্ত্ৰালয়ত দাখিল কৰা এক প্ৰতিবেদনত ভাৰতত গছৰ স্থানান্তৰৰ কৰুণ অৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে। ঝাৰখণ্ডৰ দৰে "অনগ্ৰসৰ" ৰাজ্যত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰ ১.৭ %; অসমৰ তথ্য নাই। গছৰ স্থানান্তৰৰ সময়ত আৰু পিছত মানি চলিবলগীয়া সকলো প্ৰট’কলও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। যিহেতু গছৰ স্থানান্তৰৰ কাম ব্যক্তিগত সংস্থাই কৰে, গতিকে ইয়াৰ লগত বহুত টকা জড়িত হৈ থাকে। অসমত কোনো গৱেষণা নকৰাকৈ অগণতান্ত্ৰিকভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কাম কৰিছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল স্থানান্তৰৰ কথা যদিও চৰকাৰ খনে কৈ আছে, কিন্তু দীঘলীপুখুৰীত যিদৰে কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতিগত ব্যৱস্থা নকৰাকৈ জধে-মধে গছ কটা হৈছে, তেনে এক প্ৰেক্ষাপটত স্থানান্তৰৰ গোটেই কাৰবাৰটো ভেকোভাওনাৰ বাহিৰে আন একো নহয় বুলি প্ৰতিবাদকাৰীসকলে বক্তব্য প্ৰদান কৰে।