Logo
image

উক্তি-বক্ৰোক্তি

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অতি কৌশলপূৰ্ণভাৱে ৰিগিং কৰি নিৰ্বাচনত জয়লাভ কৰিছিল৷ ৰিগিং কৰাৰ বাবে দলটোৱে দীঘলীয়া সময় লৈ কেইবাটাও পৰ্যায়ত ভোটাৰৰ সংখ্যা বঢ়োৱা, ভুৱা ভোটাৰ সৃষ্টি কৰাকে ধৰি একাধিক অনিয়ম সংঘটিত কৰিছিল৷ সেই একেধৰণৰ কৌশল দলটোৱে এইবাৰ বিহাৰৰ বিধানসভা নিৰ্বাচনতো ল’ব পাৰে৷ 

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

বিদেশী চিনাক্তকৰণ এনআৰচিৰ বাবে ‘ৰখি’ আছিল৷ কিন্তু এতিয়া আমি অলপ ‘স্পীড আপ’ কৰিম৷ এতিয়াৰ পৰা অলপ তীব্ৰগতিত বিদেশী ‘পুছ বেক’ৰ কাম চলি থাকিব৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ব্ৰিটেইন চৰকাৰক মই ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত জনোৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ৷ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত ব্ৰিটেইনে ভাৰতৰ প্ৰতি সমমৰ্মিতা প্ৰদৰ্শন কৰাৰ লগতে পৰৱৰ্তী সময়ত আমি গ্ৰহণ কৰা সন্ত্ৰাসবাদবিৰোধী পদক্ষেপত সমৰ্থন ব্যক্ত কৰিছিল৷ 

– বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

বান শেষ হ’লে ৰুক্মিণীগাঁৱৰ মানুহে বিহু গায়৷ এতিয়া পানী হৈছে বাবে ক্ষোভত কথা ক’বই৷  ৰুক্মিণীগাঁওবাসীয়ে কিবা অভিযোগ কৰিছে যদি মোৰ সেয়া দৃষ্টিগোচৰ হোৱা নাই৷ 

– বিধায়ক অতুল বৰা

ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজত সৃষ্টি হোৱা সংঘাত অৱসানৰ বাবে প্ৰয়োজন হ’লে আমি মধ্যস্থতা কৰিব পাৰোঁ৷ আমি আশা কৰোঁ দুয়োজনৰে মাজত সৃষ্টি হোৱা মতানৈক্যৰ অৱসান ঘটিব৷ যদিহে তেওঁলোক নিজে আগবাঢ়ি নাহে, তেন্তে ৰাছিয়াই মধ্যস্থতা কৰিবলৈ সাজু আছে৷ 

– ৰাছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডিমিট্ৰি মেডভেডেভ


তুমি গছপুলি ৰুব নালাগে৷ কেৱল গছ নাকাটিবা৷ অসমত গছ নিজে নিজেই হ’ব৷

– অৰণ্য মানৱ যাদৱ পায়েং

ইলন মাস্কৰ সৈতে মোৰ এতিয়া কথা পতা বা আলোচনা কৰাৰ কোনো পৰিকল্পনা নাই৷ আমি চূড়ান্ত কৰা অতি সুন্দৰ এখন আইন তেওঁ বেয়া বুলি কৈছে৷ সেই কথা মই মানি ল’ব নোৱাৰোঁ৷ ইলন মাস্কৰ ব্যৱসায়ত ক্ষতি হয় বুলি হয়তো তেওঁ বেয়া পাইছে৷ পিছে দেশৰ স্বাৰ্থ সকলোৰে আগত৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

দেশৰ জনতাক মই সুধিছিলোঁ– এটা নতুন ৰাজনৈতিক দল লাগে নেকি? দেশৰ  মধ্যবিত্তক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমেৰিকাত কোনো ৰাজনৈতিক দল নাই৷ দেশৰ জনতাই উত্তৰ দিছে আৰু তেওঁলোকে এটা নতুন ৰাজনৈতিক দল গঠন কৰাটো বিচাৰিছে৷ জনতাৰ সঁহাৰি অতি উৎসাজনক৷ 

– মাৰ্কিন ধনকুবেৰ ইলন মাস্ক

ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত উত্তেজনাৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মই ছৌডি আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আমেৰিকাৰ লগতে ছৌডি আৰবে কৰা মধ্যস্থতা আৰু আলোচনাৰ বাবে ভাৰতৰ সৈতে সংঘটিত সংঘাতৰ অৱসান সম্ভৱ হৈ উঠিল৷ 

– পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ