
গৌৰৱ গগৈ হ’ব পাৰে এক বিকল্প
প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পাছত অসমত কংগ্ৰেছ দলক নেতৃত্ব দিব পৰা তেনে কোনো যোগ্য নেতা বিগত দিনত নোলাল বুলিয়েই ক’ব পাৰি৷ ৰিপুণ বৰা আৰু ভূপেনে বৰাই কংগ্ৰেছক যিদৰে আগুৱাই নিব লাগিছিল সেইদৰে আগুৱাই নিব মুঠেও নোৱাৰিলে৷ দলৰ মাজতে অসন্তুষ্টি, বেমেজালি বৃদ্ধি পালে৷ এইবেলি গৌৰৱ গগৈক দলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব দিয়াত দলৰ লগতে সাধাৰণ জনতাও উৎফুল্ল হোৱা দেখা গৈছে৷ কাৰণ, বৰ্তমান সময়ত কংগ্ৰেছ দলৰে নহয়, দেশৰে এজন শক্তিশালী নেতা গৌৰৱ গগৈ, লগতে ৰাষ্ট্ৰীয় ৰাজনীতিত গৌৰব গগৈৰ এটা নিজা পৰিচয় আছে৷ অসমৰ ক্ষেত্ৰতো গৌৰবৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক সু ৰুচিয়ে যথেষ্ট প্ৰভাৱ পেলাব৷
অন্যফালেদি গৌৰব গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগ অসম বিজেপি দলৰ শংকাও কিছু বৃদ্ধি পাইছে৷ কাৰণ গগৈ কংগ্ৰেছ দলৰে নহয়, অসমৰে এজন গ্ৰহণযোগ্য ৰাজনৈতিক নেতা৷ যিহেতু দলৰ সভাপতিজনেই × মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে, সেয়ে আগন্তুক বিধান সভাৰ নিৰ্বাচনত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’লে ৰাজ্যৰ ৰাজনৈতিক ছবিখনত যথেষ্ট পৰিৱৰ্তন আহিব৷ অন্যফালেদি গৌৰৱ গোগৈক লৈ কংগ্ৰেছ কৰ্মীসকল যথেষ্ট উৎসাহী৷ সভাপতি হিচাপে দলৰ নেতা-কৰ্মী তথা ৰাজ্যৰ বিভিন্ন ঠাইৰ জনতাই গগৈক জনোৱা আদৰণীয়ে কিছু ইতিবাচক কথাৰ ইংগিত বহন কৰে৷
আনহাতে, পিতৃ তৰুণ গগৈৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত এখোজ এখোজকৈ আগবাঢ়িবলৈ আৰম্ভ কৰা গৌৰৱ গগৈয়ে ৰাজ্যৰ ৰাজনীতিতেই নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিটো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ ৰুচিপূৰ্ণ ৰাজনৈতিক ব্যৱহাৰ, অমায়িক আৰু শিষ্টাচাৰী, মাৰ্জিত স্বভাবেৰে গৌৰৱ গগৈ এজন অত্যন্ত ভাদ্ৰলোক৷ গগৈৰ ব্যক্তিত্বই দেশৰ বহু জনতাক বিমুগ্ধ কৰিছে৷ বিৰোধী সাংসদ আৰু ৰাজনৈতিক নেতা হিচাপে গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত যি আসন লাভ কৰিবলৈ সক্ষম হৈছে সেয়া অসমৰ ৰাজনীতিকৰ ক্ষেত্ৰত বিৰলে বুলিয়েই ক’ব পাৰি৷ বহুতে হেম বৰুৱাৰ পাছতে ৰাষ্ট্ৰীয় ৰাজনীতিত গৌৰৱ গগৈক স্থাপিত কৰিব খোজে৷ গগৈৰ হিন্দী আৰু ইংৰাজী ভাষা জ্ঞান আৰু কথনশৈলী অত্যন্ত আকৰ্ষণীয় আৰু সৌহাৰ্দ্যপূৰ্ণ৷ কিন্তু অসমীয়া ভাষাটো এতিয়াও গৌৰৱ গগৈৰ মুখত সাৱলীল হোৱাগৈ নাই৷ তেওঁ হয়তো চেষ্টা নকৰাকৈ থকা নাই৷ গগৈৰ এটা ডাঙৰ গুণ হৈছে ৰাজনৈতিক নেতা হিচাপে তেওঁৰ সহিষ্ণুতা৷ তৰল কথা-বতৰাৰ পৰা আঁতৰি জুখি-মাখি কথা কোৱা ৰাজনৈতিক নেতাৰ ভিতৰত গৌৰৱ গগৈৰ নাম হয়তো কিছু কাললৈ বৰ্তি থাকিব৷
গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে অসমৰ জনতাৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা বিষয়টো সামাজিক মাধ্যমকে আদি কৰি অন্যান্য মাধ্যমত প্ৰকাশ পাইছে৷ ই কংগ্ৰেছ দলৰ বাবে অতিকে আনন্দদায়ক হোৱাৰ বিপৰীতে বিজেপি দলৰ বাবে কিছু চিন্তাৰ কাৰণ নোহোৱাও নহয়৷ সেয়ে গৌৰৱক লৈ ব্যস্ত হৈ পৰিছে বিজেপি দল৷ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ যোগ সুত্ৰ বিচাৰি বহু বিজপি নেতা ইতিমধ্যে ব্যস্ত হৈ পৰা দেখা গৈছে৷ হয়তো ইও ৰাজনীতিৰে অংশ৷ পাকিস্তানলৈ যোৱাৰ কথা গগৈয়ে ইতিমধ্যে স্বীকাৰ কৰিছে৷ কিন্তু পাকিস্তানত বিজেপি দলে অভিযোগ অনাৰ দৰে দেশ বিৰোধী কিবা কাৰ্যত লিপ্ত হৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট নহয়৷ যদি হৈছিল সেয়া এক ডাঙৰ অপৰাধ৷ সি যি কি নহওক, আইনে সেই বিচাৰ কৰিব৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে ১০ ছেপ্টেম্বৰলৈ অপেক্ষা নকৰি আইনে যিমান পাৰে সোনকালে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা যুগুত৷ কিয়নো বিজেপিৰ লগতে সাধাৰণ জনতাও এই লৈ যথেষ্ট উৎসুক হৈ আছে৷
বাকী থাকিল গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব ৷ যুগ যুগ ধৰি বহু ভাৰতীয়ই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত নাগৰিকত্ব লৈ আহিছে৷ ই এক জটিল প্ৰক্ৰিয়া যদিও বহু ভাৰতীয়ই অইন দেশৰ নাগৰিক হ’বলৈ আজিও উৎসুক৷ সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয় আৰু আইন-কানুনৰ ফালৰ পৰাও তাত কোনো বাধা নাই৷ উন্নত দেশৰ নাগৰিক হৈ উন্নত জীৱন ধাৰণ কৰিবলৈ হাবিয়াস কৰাটো অপৰাধ হ’ব নোৱাৰে৷ বহু ভাৰতীয়ই উন্নত দেশৰ গ্ৰীণ কাৰ্ড লাভ কৰাৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰিছে৷ তেনেস্থলত গৌৰৱ গগৈৰ পুত্ৰই জন্মসূত্ৰে উন্নত দেশৰ নাগৰিকত্ব লাভ কৰাটো একপ্ৰকাৰৰ সৌভাগ্যৰ কথা৷ সৰল অৰ্থতে ইয়াত বিতৰ্ক কৰিব লগা একো নাই৷ যিসকলে বিতৰ্ক কৰিছে সেয়া চিন্তাৰ বাতুলতাৰ বাদে আন একো নহয়৷
গৌৰৱ গগৈৰ ক্ষেত্ৰত বিজেপি লোকে অনা অন্য এটা অভিযোগ হৈছে যিজন লোকৰ পুত্ৰ, পত্নী বিদেশী নাগৰিক, তেওঁ অসমৰ বাবে কি চিন্তা কৰিব৷ বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি ছুনাক আছিল ভাৰতীয় মূলৰ, যাক লৈ সমগ্ৰ ভাৰতে গৌৰৱ কৰিছিল৷ তেওঁ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী হৈ নি(য় নিজ দেশৰ কথাই চিন্তা কৰিছিল৷ আমেৰিকাৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি কমলা হেৰিছ আছিল অন্য এগৰাকী ভাৰতীয় মূলৰ মহিলা৷ তেখেতে নিশ্বয় আমেৰিকাৰ বাবেই কাম কৰিছিল৷ এনে উদাহৰণ বহুত ওলাব৷ তেনেস্থলত অসমৰ বিজেপি দলে গৌৰৱ গগৈয়ে অসমৰ বাবে কি চিন্তা কৰিব বোলা কথাষাৰ টুলুঙাই নহয়, অত্যন্ত হাস্যকৰ৷ কেৱল ৰাজনৈতিক বিৰোধ কৰিবৰ বাবেই এনেবোৰ কথাৰ অৱতাৰণা কৰা হৈছে৷ গৌৰৱ গগৈয়ে অসমত ৰাজনীতি কৰাৰ পূৰ্ণ যোগ্যতা আছে, যদিহে বিজেপি দলে অভিযোগ অনাৰ দৰে তেওঁ কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতবিৰোধী কামত জড়িত নহয়৷ আটাইতকৈ ডাঙৰ কথা হৈছে গৌৰৱ গগৈ খিলঞ্জীয়া অসমীয়া আৰু বৰ অসম গঢ়োতা পৰাক্ৰমী আহোমৰ বংশধৰ৷ যদি গৌৰৱ গগৈয়ে সুস্থ আৰু ৰুচি পূৰ্ণ ৰাজনীতি কৰে তেন্তে অসমৰ বাবে গগৈ এজন যোগ্য নেতা হোৱাৰ থল বহুত বেছি৷
আজি কিছু বছৰৰ পৰা অসমৰ ৰাজনীতিত ৰুচি আৰু মৰ্যাদাৰ অভাৱ বাৰুকৈয়ে ঘটিছে৷ বিশেষকৈ বিজেপি দল শাসনলৈ অহাৰে পৰা অসমৰ ৰাজনৈতিক পৰিৱেশ তেনেই কলুষিত হৈ পৰিছে৷ মানুহৰ ৰাজনৈতিক ৰুচিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে৷ সুস্থ ৰাজনীতিৰ ঠাইত আক্ৰমণাত্মক ৰাজনীতিয়ে সৰ্বত্ৰ গ্ৰাস কৰিছে৷ তদুপৰি সাম্প্ৰদায়িক ভেদাভেদে সীমা অতিক্ৰম কৰিছে৷ মানুহৰ মন-মগজু ৰাজনৈতিক নেতাই পৰিচালিত কৰিছে৷ এনে এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে যে মানুহে আজি এক শংকা হৈ জীয়াই থাকিব লগা হৈছে৷ সেয়া ৰাজনৈতিকেই হওক, অৰ্থনৈতিকেই হওক,সমাজিকেই হওক বা ব্যক্তিগতই হওক৷ মুঠৰ ওপৰত এটা সুস্থ পৰিৱেশৰ অত্যন্ত অভাৱ৷
ইয়াৰ বাবে কেৱল ৰাজনৈতিক দল সমূহই দোষী নহয়, জনতাও সমানে দায়ী৷ এক সুস্থ আৰু শক্তিশালী ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিবলৈ হ’লে সাধাৰণ জনতা অধিক সক্ৰিয়, দায়বদ্ধ আৰু দ্বায়িত্বশীল হোৱাটো আটাইতকৈ বেছি দৰকাৰ৷ তেহে গণতন্ত্ৰ ৰক্ষা পাৰিব আৰু গণতান্ত্ৰিক অধিকাৰৰ পৰা জনতা বঞ্চিত নহব৷ সমগ্ৰ দেশৰ লগতে অসমতো যি বিষময় ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰিছে সেয়া সুদিনৰ ইংগিত মুঠেই নহয়৷জনতা সজাগ আৰু সচেতন নহলে এনে এটা দিন অহাৰ প্ৰচুৰ সম্ভাৱনা আছে যে জনতাৰ মৌলিক চিন্তা-চৰ্চাই হয়তো লাহে লাহে লোপ পাবগৈ৷