Logo
image

চেলুনৰ ব্যৱসায়ৰে স্বাৱলম্বী নাওকাটাৰ এজন যুৱক

'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, ৯ জুনঃ  আনুষ্ঠানিক শিক্ষাৰ উচ্চ অৰ্হতা নাথাকিলেও ভৱিষ্যত জীৱনটো চলাই নিবলৈ সমাজৰ কিছুমান সাধাৰণ বৃত্তিয়ে যথেষ্ট৷  সাম্প্ৰতিক সময়ত যুৱক-যুৱতী সকলে নিজকে আত্মনিৰ্ভৰশীলতাৰে স্বাৱলম্বী হোৱাতকৈ চাকৰি এটিৰ আশাতহে জীৱনৰ অধিক সময় অপচয় কৰা পৰিলক্ষিত হৈছে৷  ইয়াৰ বিপৰীতে কিন্তু কিছু সংখ্যক যুৱক-যুৱতীয়ে দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সমাজৰ কিছুমান সৰু সৰু বৃত্তি সমূহত জড়িত হৈ নিজকে আত্ম প্ৰতিষ্ঠিত হোৱা পৰিলক্ষিত হৈছে৷ তেনেই এজন যুৱক হৈছে তামুলপুৰ জিলাৰ পশ্চিম নাওকাটাৰ জগদীশ কলিতা৷   উল্লেখযোগ্য যে  বিগত ইং ২০১১ চনতে স্থানীয় নাওকাটাৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক আৰু ইং ২০১৩ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰুৱা অসুবিধাৰ বাবে শৈক্ষিক জীৱন আধাতে এৰিবলগীয়া হয় জগদীশ কলিতাই৷  উল্লেখ্য যে  ৰুগীয়া পিতৃ একাদেহা কলিতাই দিন হাজিৰা কৰি পৰিয়াল চলাইছিল যদিও তেওঁৰ মৃত্যুৰ পিছত মাতৃ আৰু একমাত্ৰ ভনীয়েকৰ সমস্ত দায়িত্ব মুৰ পাতি লবলগীয়া হয় জগদীশ কলিতাই৷ 


আনহাতে জীৱনত এগৰাকী সৈনিক হোৱাৰ আশা মনতে পুহি  ৰখা যুৱক জনে দিনে ৰাতিয়ে যথেষ্ট শাৰিৰীক অনুশীলন লগতে বহু সৈনিক নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈও কৃতকাৰ্য হ'ব নোৱাৰিলে৷  তথাপি জীৱন যুদ্ধত পৰাজয় স্বীকাৰ নকৰি জনৈক যুৱকৰ তত্বাৱধানত স্থানীয় এখন চেলুনত কাম কৰিবলৈ লয়৷  প্ৰায় এবছৰৰ পিছতেই নাওকাটা চাৰিআলিতে নিজাকৈ এখন চেলুন স্থাপন কৰি জগদীশে আত্মনিৰ্ভৰশীলতাৰে স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ সক্ষম  হৈছে৷ জগদীশৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে "ধৈৰ্য্যৰ ফল সদায় মিঠা"৷  বৰ্তমান গড় হিচাপে  দৈনিক চাৰি/পাঁচশ টকা অৰ্জন কৰা চেলুন ব্যৱসায়ৰে আত্ম প্ৰতিস্থিত স্বাৱলম্বী যুৱক গৰাকীয়ে একমাত্ৰ ভনীয়েকক বিয়া দিয়াৰ লগতে নিজেও বিবাহ পাশত আৱদ্ধ হৈ মাতৃৰ লগত সুখেৰে জীৱন অতিবাহিত কৰিছে।