Logo
image

বিহাৰ মডেলত ভোট ঘোষণাৰ ঠিক পূৰ্বে অসমতো জেপত সোমাব ৯ হাজাৰকৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ফেব্ৰুৱাৰীঃ   বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ লাখ লাখ মহিলাই লাভ কৰিব ৯ হাজাৰকৈ টকা৷ বিহাৰৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বেও মহিলাৰ একাউণ্টত জমা হৈছিল ১০ হাজাৰকৈ টকা৷ তেতিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসকীয় বিজেপি দলৰ নেতা মন্ত্ৰীয়ে দাবী কৰিছিল যে অসম মডেল অনুসৰণ কৰি নীতিশ কুমাৰ চৰকাৰে ৰাজ্যখনৰ ২১ লাখ মহিলাৰ একাউণ্টত নিৰ্বাচনৰ পূৰ্বে ১০ হাজাৰকৈ টকা জমা দিছে৷ আৰু বিধানসভাৰ নিৰ্বাচনত নীতিশ কুমাৰে লাভ কৰা  সফলতাৰ ইয়ো অন্যতম কাৰণ হিচাপে পৰৱৰ্তী সময়ত বিবেচিত হয়৷ ইতিমধ্যে অসম চৰকাৰে হিতাধিকাৰীৰ বাবে অব্যাহত ৰাখিছে এশ এটা আঁচনি৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতিখন হিতাধিকাৰী আঁচনিৰ মূল লক্ষ্যই হ’ল মহিলা আৰু যুৱ প্ৰজন্ম৷ এইবাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ প্ৰায় ৪০ লাখ মহিলাই পুনৰ লাভ কৰিব ৯ হাজাৰকৈ টকা৷ ইতিমধ্যে কেবিনেট বৈঠকতো এই সন্দৰ্ভত যাবতীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ১০ মাৰ্চৰ পুৱা ১১ বজাত ৩৯ লাখ ৭০ হাজাৰ অৰুণোদয় হিতাধিকাৰীক ৯ হাজাৰ টকা হস্তান্তৰ কৰা সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ ফলত একেদিনাই ৩ হাজাৰ ৬০০ কোটি টকা ৰাজকোষৰ পৰা খৰচ হ’ব৷


অসম ইতিহাসত এটা দিনত ৰাজকোষৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন হস্তান্তৰৰ এইটোৱে প্ৰথম ঘটনা৷ প্ৰতিটো পঞ্চায়ত, পৌৰ ৱাৰ্ড আৰু ভিচিডিচি বা এমএচি এলেকাত সভা অনুষ্ঠিত কৰি এই ধন বিতৰণ হ’ব৷ ধন বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত হ’ব৷ অৰুণোদয় আঁচনিৰ অধীনত এই ধন বিতৰণৰ উপৰিও ইতিমধ্যে মহিলা উদ্যমিতা অভিযানৰ অধীনতো আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম কিস্তিৰ ১০ হাজাৰকৈ টকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি প্ৰদান কৰে৷ ইয়াতে শেষ হোৱা নাই হিতাধিকাৰী আঁচনিৰ ইতিহাস৷ স্বয়ম, নিযুত মইনা, বাবু আদিৰ দৰে আঁচনিৰ অধীনতো যুৱ প্ৰজন্মৰ হিতাধিকাৰীক প্ৰদান কৰা হয় নগদ ধন৷ মুখ্যমন্ত্ৰীৰ এটা কলি দুটি পাত আঁচনিৰ অধীনত ৬ লাখৰো অধিক বাগিছা শ্ৰমিক ৫০০০ কৈ টকা এককালীন বিত্তীয় সাহাৰ্য হিচাপে প্ৰদান কৰা হয়৷ প্ৰেৰণা আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে দিয়া হয় নহদ ধন৷ ৰাজ্যৰ প্ৰায় ৫লাখ ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে৷ উল্লেখ্য যে ৰাজ্যত যিকোনো মুহূৰ্তত ভোট ঘোষণা হ’ব পাৰে৷ যাৰ বাবে ভোট ঘোষণাৰ পূৰ্বে এইবাৰ অসমৰ প্ৰায় ৪০ লাখ মহিলাক চৰকাৰে দিব বিচাৰিছে ৯ হাজাৰ কৈ টকা৷