আজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ ফেব্ৰুৱাৰীঃ তিনিদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ অৰ্থাৎ সোমবাৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ৷ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ আয়োগে অসমত উপস্থিত হৈ ১৮ ফেব্ৰুৱাৰী পৰ্যন্ত বাহৰ পাতি সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’ব৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীও আহিব অসমলৈ৷ তিনিদিন ধৰি অসমত থাকিবলগীয়া দলটোৱে অসম চৰকাৰৰ মুখ্য সচিবৰ লগতে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতেও পৃথকে পৃথকে আলোচনাত মিলিত হ’ব৷ তদুপৰি জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ লগতো আলোচনাত বহিবলগীয়া পূৰ্ণাংগ আয়োগে শাসক আৰু বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ’ব৷ আয়োগে ১৮ ফেব্ৰুৱাৰীত সংবাদ মেল সম্বোধন অসমৰ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰিব৷ অসমৰ পাছতেই নিৰ্বাচন আয়োগৰ দলটোৱে একে সময়তে বিধানসভাৰ নিৰ্বাচন অনুসৰি হ’বলগীয়া পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব৷ এই ভ্ৰমণ সামৰি মাৰ্চৰ পহিলা পষেকত অসমসহ প্ত ৰাজ্যৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব নিৰ্বাচন আয়োগে৷ পূৰ্বে ফেব্ৰুৱাৰীৰ শেষৰফালে নিৰ্বাচনৰ অধিসূচনা ঘোষণা হ’ব বুলি চৰ্চা লাভ কৰিছিল যদিও মাৰ্চৰ প্ৰথম সপ্তাহলৈ যে অধিসূচনা জাৰি নহয়, সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ অৱশ্যে মাৰ্চৰ প্ৰথম পষেকত অধিসূচনা ঘোষণা হ’লেও বিহুৰ পূৰ্বেই দুটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ পূৰ্বে অধিসূচনা জাৰি কৰাৰ নূ্যনতম ৩০ দিনৰ পাছত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল যদিও এতিয়া আচৰণবিধি জাৰি হোৱাৰ ২১ দিনৰ পাছতেই ভোটগ্ৰহণ হ’ব পাৰে৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও নিৰ্বাচনী প্ৰস্তুতিৰ খতিয়ান লোৱাৰ বাবে অসমলৈ আহিছিল নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল৷ এই দলটোত আছিল জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত ক্ৰমে মনীষ গাৰ্গ, পৱন কুমাৰ শৰ্মা, ভানু প্ৰকাশ য়েটুৰ, সঞ্জয় কুমাৰ আৰু বিদ্যাৰাণী কোন্থৌজাম৷
বিহুৰ আগতে নিৰ্বাচনৰ দাবী জনাব বিজেপিয়েঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অদম বিধানসভাৰ নিৰ্বাচন ব’হাগ বিহুৰ আগতে শেষ কৰিবলৈ বিজেপিয়ে নিৰ্বাচনী আয়োগক দাবী জনাব৷ আজি নগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নগাঁৱত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘বিজেপিয়ে অহা ১৭ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব৷ বিজেপিয়ে নিৰ্বাচনী আয়োগক দাবী কৰিব যে ব’হাগ বিহুৰ আগতে নিৰ্বাচন শেষ হওক৷ নিৰ্বাচনৰ দিন ঘোষণাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ৷ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে জ্জ মাৰ্চৰ পূৰ্বে বিজেপিত যোগদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বিমান বন্দৰত চাহৰ মূল্য বেছি বুলি কৰা মন্তব্য সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, বিমানবন্দৰত চাহ খোৱাৰ ইচ্ছা গৌৰৱ গগৈৰ আছে৷ তেওঁ এশ টকাত খাব, আমি বাহিৰত খাম৷ আমি ফুটপাথতে বহি চাহ খোৱা মানুহ৷ আমি হোটেলত চাহ খোৱাতকৈ মায়ে বনোৱা চাহ কাপ খাম৷ গৌৰৱ গগৈৰ সমগ্ৰ কৌশল হ’ল বৃটিছ৷ তেওঁ বিমানবন্দৰতহে চাহ খায়৷ ফুটপাথত নাখায়৷ ল’ৰা-ছোৱালী বৃটিছ৷ পত্নী বৃটিছ৷ বৃটিছে ফুটপাথত চাহ খোৱাৰ অনুমতি দিব জানোঁ৷” মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকো সমালোচনা কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত নগাঁৱৰ পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰি প্ৰশংসা কৰে৷






