পাঠশালাত একেদিনাই পাঁচ শতাধিকৰ বিজেপিত যোগদান
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক ১১ জুনঃ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালা নাট্য মন্দিৰত প্ৰায় ৫ শতাধিক বিভিন্ন দলৰ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি পদ্মনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীৰ আঁত ধৰে জিলা সাধাৰণ সম্পাদক মুকুট কলিতাই। এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণত কয়, বজালীত বিজেপি যথেষ্ট শক্তিশালী যদিও দলটোক আৰু শক্তিশালী কৰিব লাগিব৷ বিজেপি দলৰ চৰকাৰৰ কাম-কাজ প্ৰতিটো পৰিয়াললৈ নিব লাগিব তেতিয়াহে আমি উদ্দেশ্যত সফল হ'ব পাৰিম বুলি মন্তব্য কৰে৷ যোগদান কাৰ্যসূচীত পাঠশালা পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য দীপিকা তালুকদাৰ, ওদালগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা অঞ্জলি ডেকা, ডুবি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য উজ্বল মালাকৰ, বালাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কৃষ্ণা ৰাজবংশী আদিয়ে বিজেপিত যোগদান কৰে।
ইয়াৰ উপৰিও বজালী মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিৰুপমা লহকৰ, বজালী জিলা কংগ্ৰেছৰ নেতা গোকুল ৰয়, ব্লক কংগ্ৰেছৰ উপ সভাপতি প্ৰদীপ ৰয়ৰ লগতে ১৫০ নিৰ্দলীয় খণ্ড সদস্যই বিজেপিত যোগদান কৰে। একেদৰে বজালী কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰ, এ আই ইউ দি এফৰ প্ৰায় ১০০ কৰ্মীয়ে যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীত জিলা প্ৰভাৰী ধনেশ্বৰ তালুকদাৰ, বিজেপিৰ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক চম্পক কাকতি, উপ-সভাপতি সুৰজিত পাটগিৰি, নৱ মেধি, কাৰ্যালয় সম্পাদক সঞ্জয় শৰ্মা, উত্তৰ বজালী মণ্ডলৰ সভাপতি ৰবেন দাস, পাঠশালা মণ্ডলৰ সভাপতি দিগন্ত তালুকদাৰ, পাটাছাৰকুছি মণ্ডলৰ সভাপতি ৰাজীৱ শৰ্মা, বজালী মণ্ডলৰ সভাপতি পৰাগ তালুকদাৰ আদি উপস্থিত থাকে।






