Logo
image

মোদী চৰকাৰৰ ১১ বছৰ

৯ জুনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী হিচাপে তেওঁ এঘাৰটা বছৰ সম্পূৰ্ণ কৰিলে৷ ভাৰতৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰত এটা দশকতকৈও অধিক প্ৰধানমন্ত্ৰীৰ দৰে সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাটো সহজ নহয়৷ গতিকে কোনো এখন চৰকাৰ বা কোনো এজন প্ৰধানমন্ত্ৰীৰ এনে এক দীঘলীয়া সময়ৰ কাৰ্যকালৰ লেখা-জোখাৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ যদিহে নৰেন্দ্ৰ মোদীৰ সমগ্ৰ কাৰ্যকালৰ পৰ্যালোচনা কৰা যায়, তেনেহ’লে নিঃসন্দেহে ক’ব পৰা যাব যে, বিগত দশকটোত দেশৰ ৰাজনীতিৰ লগতে আৰ্থিক প্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ কালখণ্ড হিচাপে বিবেচিত হৈছে৷ ২০৪৭ চনত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন বুকুত বান্ধি ‘সবকা সাথ, সবকা বিকাশ’ৰ মহামন্ত্ৰেৰে বিগত দশকটোত দেশৰ সকলো জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকক লগত লৈ দেশখনত অৰ্থনৈতিক, সামাজিক, আদৰ্শগত আৰু প্ৰযুক্তিগত ক্ৰান্তিৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল৷ ইয়াৰ বাবে মোদী চৰকাৰে পাৰদৰ্শিতা, দায়বদ্ধতা আৰু ৰাষ্ট্ৰীয় গৌৰৱত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷

যদিহে বিগত দহটা বছৰত মোদী চৰকাৰৰ অৰ্থনৈতিক উপলব্ধিসমূহলৈ চোৱা যায়, তেনেহ’লে দেখা যাব যে, ভাৰতৰ অৰ্থনীতিৰ আয়তন এই সময়ছোৱাতে দশম স্থানৰ পৰা বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হ’বলৈ সক্ষম হৈছে৷ তদুপৰি, ২০১৩-১৪ চনত ভাৰতত জনমূৰি আয় আছিল মাত্ৰ ১৪৩৮ ডলাৰ৷ কিন্তু ২০২৫ চনত এই আয় দুগুণ বৃদ্ধি হৈ ২৮৮০ ডলাৰ হয়গৈ৷ ইয়াৰ পৰাই বুজা যায়, গ্ৰাম্য সবলীকৰণ, ডিজিটেল শাসন আৰু ব্যৱসায়ৰ সুবিধাজন পৰিৱেশে দেশৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন সাধন কৰিছে৷ একেদৰে, বিশ্ব বেংকৰ দ্বাৰা প্ৰকাশিত দৰিদ্ৰতা আৰু সমতা প্ৰতিবেদনত উল্লেখ কৰিছে যে, ২০১১-১২ৰ পৰা ২০২২-২৩ৰ দশকটোত ভাৰতে ১৭১ মিলিয়ন লোকক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে৷ এক ব্যাপক আৰু সামাজিক প্ৰভাৱ থকা অভূতপূৰ্ব অৰ্থনৈতিক সফলতা৷ 

যদিহে আন্তঃগাঁথনিৰ বিকাশত আলোকপাত কৰা যায়, তেনেহ’লে দেখা যাব যে, বিগত দশকটোত আধুনিক উচ্চ প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ ফলত প্ৰতিদিনে ৩৬ কিলোমিটাৰকৈ পথ নিৰ্মাণ কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ যদিও ভাৰতত বুলেট ট্ৰেইন চলাচল কৰাৰ সপোন বাস্তৱায়িত হোৱাৰ সময় এতিয়াও আহি পৰা নাই, তথাপি দেশীয় প্ৰযুক্তিৰে নিৰ্মিত বন্দে ভাৰত ৰে’লসমূহে দেশৰ ৰে’লৱে খণ্ডত ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সমৰ্থ হৈছে৷ একেদৰে, ২০১৬ চনত আৰম্ভ কৰা উড়ান আঁচনিৰ যোগেদি দেশৰ চুকে-কোণে বিমান যাতায়াত ব্যৱস্থা সুচল কৰি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ এই দশকটোৰ আন এটা উল্লেখযোগ্য উপলব্ধি হ’ল, ২০১৩-১৪ চনৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ ৩৬ বিলিয়নৰ ডলাৰৰ পৰা বৃদ্ধি পাই ৭০৯.৮৪ বিলিয়ন ডলাৰলৈ হৈছে৷ বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ ক্ষেত্ৰত দেখা পোৱা এনে অভূতপূৰ্ব বৃদ্ধিত চৰকাৰৰ ব্যৱসায় অনুকূল অৰ্থনৈতিক নীতি, কৰ ব্যৱস্থাৰ সবলীকৰণ, ইজ অৱ ডুয়িং বিজিনেছ, মেক ইণ্ডিয়া নীতিৰ দৰে চৰকাৰৰ সংস্কাৰমূলক নীতিৰ ব্যাপক অৱদান আছে৷ সেইদৰে, দেশৰ ইউনিফাইড পে’মেণ্টছ ইণ্টাৰফেচ (UPI) ব্যৱস্থাই ধনৰ ডিজিটেল আদান-প্ৰদানৰ দৈনিক আয়তনৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান ভিছাকো চেৰ পেলাবলৈ সক্ষম হৈছে৷ অনুমান অনুসৰি, ২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ UPI ব্যৱস্থাৰ দ্বাৰা ধনৰ ডিজিটেল আদান-প্ৰদানৰ পৰিমাণ ৰ ট্ৰিলিয়নলৈ বৃদ্ধি পাব৷ বিগত দশকটোত প্ৰযুক্তিৰ সঠিক প্ৰয়োগৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিকৰ জীৱন ধাৰণ সুচল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এয়া উল্লেখযোগ্য পদক্ষেপ৷

তদুপৰি, ৰাম মন্দিৰ নিৰ্মাণ আৰু অনুচ্ছেদ ৩৭০ বাতিলৰ দ্বাৰা বিজেপিৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক এজেণ্ডসমূহক বাস্তৱায়িত কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তিনি তালাক ব্যৱস্থাক অবৈধ ঘোষণা কৰাই দেশৰ কোটি কোটি মুছলমান মহিলাক সামাজিক আৰু পৰিয়ালকেন্দ্ৰিক সুৰক্ষাৰ আওতালৈ অনাটো মোদী চৰকাৰৰ অন্যতম সফলতা৷ অৱশ্যে, এই দশকটোতে দেখা পোৱা গণতান্ত্ৰিক স্বতন্ত্ৰতাৰ ব্যাপক অৱক্ষয় আৰু ক্ষমতাৰ বৰ্ধিত কেন্দ্ৰীভূতকৰণে দেশৰ জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাৰ লগতে যুক্তৰাষ্ট্ৰবাদৰ দৰে সাংবিধানিক পৰিকাঠামোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে৷ তদুপৰি, বিভিন্ন কেন্দ্ৰীয় সংস্থাসমূহৰ ৰাজনীতিকৰণ দেশৰ দীৰ্ঘম্যাদী স্বাৰ্থ সুৰক্ষাৰ বাবে অত্যন্ত পৰিপন্থী বিষয় হিচাপে বিবেচিত হৈছে৷ মুঠৰ ওপৰত উন্নয়ন বা মেৰুকৰণ, যিয়ে চোৱা নাযাওক, দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক মনস্তত্ত্বত মোদী যুগৰ অমোচনীয় প্ৰভাৱ সকলোতে ঘনীভূত৷