Logo
image

উৰণ আটাইতকৈ নিৰাপদ ভ্ৰমণ

অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট নামৰ ভায়েক দুজনে ১৯০৩ চনৰ ১৭ ডিচেম্বৰত ইতিহাসৰ  উৰাজাহাজৰ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল৷ ৰাইট ভাতৃদ্বয় বুলি বিখ্যাত এই দুই ভায়েকক উৰাজাহাজৰ উদ্ভাৱক বুলি কোৱা হয়৷ তেতিয়াৰ পৰা যোৱা এটা শতিকাৰো অধিক কালত উৰাজাহাজে প্ৰভূত উন্নতি কৰিছে৷ আধুনিক যাত্ৰীবাহী বিমানে বিৰামহীনভাৱে একোখন মহাসাগৰ, একোখন মহাদেশ পাৰ হৈ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যাব পাৰে৷ আমেৰিকাৰ ব’য়িং আৰু ফ্ৰান্সৰ এয়াৰবাছ পৃথিৱীৰ দুটা প্ৰধান বিমান নিৰ্মাণ উদ্যোগ৷ পৃথিৱীৰ প্ৰায় আটাইবোৰ ডাঙৰ আকাৰৰ ব্যৱসায়ীক যাত্ৰীবাহী  বিমান এই দুটা উদ্যোগে নিৰ্মাণ কৰে৷ নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বিমান পৰিবহণক নিতৌ অধিক উন্নত আৰু নিৰাপদ কৰি তুলিছে৷ কিন্তু তাৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈ আছে৷ কিন্তু এই মৰ্মান্তিক ভয়াৱহ দুৰ্ঘটনাৰ পাছতো বিমান পৰিবহণ পৃথিৱীৰ আটাইতকৈ নিৰাপদ পৰিবহণ ব্যৱস্থা হৈ আছে৷ বছৰি কোটি কোটি মানুহে বিমান যাত্ৰা কৰি আছে৷ বিমান দুৰ্ঘটনাবোৰ বিধ্বংসী হয় আৰু একেলগে বহু মানুহে নিমিষতে প্ৰাণ হেৰুৱায়, সেই দুৰ্ঘটনাবোৰৰ ভয়াৱহতাই সমগ্ৰ পৃথিৱীৰ মানুহৰ আৰু প্ৰচাৰ মাধ্যমৰদৃষ্টি আকৰ্ষণ কৰে৷

যাত্ৰীবাহী বিমানৰ দুৰ্ঘটনাৰ ইতিহাসত কেইবাটাও বিখ্যাত উদাহৰণ আছে৷ ১৯৭৭ চনৰ টেনেৰিফ বিমানবন্দৰৰ দুৰ্ঘটনা, ১৯৮৫ চনৰ জাপান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনা আৰু ২০১৪ চনত মালয়েছিয়া এয়াৰলাইন্সৰ বিমান এম এইচ ৩৭০ৰ অন্তৰ্ধান আদি ঘটনাই সমগ্ৰ পৃথিৱীৰ মানুহক স্তম্ভিত আৰু শোকাৰ্ত কৰি তুলিছিল৷ সেইবোৰ ঘটনা এতিয়াও মানুহৰ মানসপটত স্থায়ীভাৱে অংকিত হৈ আছে৷ টেনেৰিফৰ দুৰ্ঘটনাত দুখন ব’য়িং ৭৪৭ বিমানৰ যোগাযোগৰ ভুলৰ  বাবে ৰানৱে’ত সংঘৰ্ষ হৈছিল৷ এইটো এতিয়াও ইতিহাসৰ আটাইতকৈ মাৰাত্মক বিমান দুৰ্ঘটনা৷ এই দুৰ্ঘটনাৰ পাছত ককপিটৰ যোগাযোগ প্ৰট’কল আৰু বিমান পৰিবহণ নিয়ন্ত্ৰণ পদ্ধতিত যথেষ্ট পৰিৱৰ্তন ঘটিছিল৷ একেদৰে বিমানৰ মেৰামতিৰ  ত্ৰুটিৰ ফলত হোৱা জাপান এয়াৰলাইন্সৰ দুৰ্ঘটনাৰ পাছত সমগ্ৰ বিশ্বজুৰি বিমানৰ মেৰামতি আৰু তদাৰকীৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম বলৱৎ কৰা হৈছিল৷ এম এইচ ৩৭০ বিমানখনৰ ৰহস্যজনক অন্তৰ্ধানৰ পাছত আকাশমাৰ্গত বিমানৰ অনুসৰণ আৰু উপগ্ৰহৰ নিৰীক্ষণ উন্নত কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টা চলিছিল৷

২০২৪ চনত সমগ্ৰ পৃথিৱীৰ ৪ কোটিৰো অধিক যাত্ৰীবাহী বিমানৰ উৰণ সম্পন্ন হৈছিল৷ বিমান পৰিবহণত মুঠ উৰণৰ সংখ্যাৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা তেনেই নগণ্য৷ ইণ্টাৰনেচনেল এয়াৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্বনৰ পৰিসংখ্যা অনুসৰি প্ৰতি দহ লাখ উৰণৰ এখনতকৈও কম উৰণৰ ক্ষেত্ৰতহে কোনো দুৰ্ঘটনা সংঘটিত হৈছিল৷ আন এক পৰিসংখ্যা মতে, বিমান দুৰ্ঘটনাত মৃত্যুৰ সম্ভাৱনা প্ৰতি ১ কোটি ১০ লাখৰ মাজত এটা, কিন্তু মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ সম্ভাৱনা ৫,০০০ৰ ভিতৰত এটা৷ পৰিসংখ্যাগত দিশৰ পৰা মটৰ গাড়ী, দুচকীয়া বাহন বা চহৰৰ ৰাজপথত খোজ কাঢ়ি গৈ থাকোঁতেও বিমান যাত্ৰাতকৈ বহু বেছিগুণ অধিক দুৰ্ঘটনা ঘটাৰ আশংকা থাকে৷ ২০২৪ চনত পৃথিৱীত ৫৮৫ কোটি যাত্ৰীয়ে বিমানযাত্ৰা কৰিছিল আৰু বিমান দুৰ্ঘটনাত সমগ্ৰ পৃথিৱীত ২৪৪জন যাত্ৰীৰ মৃত্যু হৈছিল৷ ইয়াৰ বিপৰীতে ২০২৪ চনত পথ দুৰ্ঘটনাত পৃথিৱীত প্ৰায় ১২ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু প্ৰায় ৫ কোটি লোক আহত হৈছিল৷ 

বিমান পৰিবহণৰ ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থা অত্যন্ত কঠোৰভাৱে পালন কৰা হয়৷ প্ৰতিটো উৰণৰ আগতে আৰু উৰণ সম্পূৰ্ণ কৰাৰ পাছত বিমানখনৰ পুংখানুপুংখ পৰীক্ষা কৰা হয়৷ পাইলটসকলক বছৰ বছৰ ধৰি প্ৰশিক্ষণ দিয়া হয় আৰু জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তেওঁলোকে যোগ্য বুলি সময়ে সময়ে প্ৰমাণ দি থাকিব লাগে৷ বিমান পৰিবহণ নিয়ন্ত্ৰকসকল অতি দক্ষ পেছাদাৰী লোক; তেওঁলোকে প্ৰতিখন বিমানৰ যাত্ৰাপথত তীক্ষ্ণ চকু ৰাখে আৰু বিমান পৰিবহণ ব্যৱস্থাটোক নিখুঁতভাৱে পৰিচালনা কৰে৷ ফেডাৰেল এভিয়েশ্বন এডমিনিষ্ট্ৰেচন, ইউৰোপিয়ান ইউনিয়ন এভিয়েশ্বন ছেফটী এজেঞ্চী আৰু ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই বিমানসমূহৰ সময়মতে মেৰামতি কৰাৰ পৰা আৰম্ভ কৰি বিমানৰ চালক আৰু পৰিচাৰকসকলৰ জিৰণিৰ সময়লৈকে বিমান সংস্থাসমূহে মানি চলিবলগীয়া কঠোৰ নিয়মাৱলী মানি চলাৰ ক্ষেত্ৰত চকু ৰাখে৷

বিমান পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰে৷ আধুনিক বিমানসমূহত কিবা এটা অংগ বিকল হ’লে তাৰ ঠাই ল’বলৈ কেইবাতৰপীয়া বিকল্প অংগ মজুত থাকে৷ উন্নত অটোপাইলট ব্যৱস্থা, বতৰৰ আলেখলেখ ৰখা ৰাডাৰ,  আৰু নিয়ন্ত্ৰণ কক্ষৰ সৈতে প্ৰতি মুহূৰ্ততে যোগাযোগ ৰক্ষাৰ ব্যৱস্থা থাকে৷ ইঞ্জিনসমূহো পূৰ্বতকৈ অধিক নিৰ্ভৰযোগ্য আৰু ইঞ্জিন বিকল হ’লেও বেছিভাগ বিমানেই নিৰাপদে গ্লাইড কৰি ইঞ্জিনৰ সহায় অবিহনে অৱতৰণ কৰিব পাৰে৷ তদুপৰি ব্লেক বক্সৰ ৰেকৰ্ডাৰসমূহে যিকোনো দুৰ্ঘটনাৰ পাছত সম্পূৰ্ণ তদন্তৰ সুবিধা প্ৰদান কৰে৷ আধুনিক বিমান এখন বহু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ৷ প্ৰতিটো বিমান দুৰ্ঘটনাৰ পাছত ইয়াৰ পুংখানুপুংখ তদন্ত হয় আৰু দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হয়৷ দুৰ্ঘটনা যান্ত্ৰিক বিজুতিৰ বাবে হ’ল নে মানুহৰ ভুলৰ বাবে হ’ল তাক নিৰ্ণয় কৰি সংশি¡ষ্টসকলক জবাবদিহি কৰা হয় আৰু তেনে ভুল পুনৰ যাতে সংঘটিত নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাও লোৱা হয়৷ 

বিমান দুৰ্ঘটনাৰ নাটকীয় প্ৰকৃতি আৰু ইয়াৰ সমগ্ৰ পৃথিৱীজুৰি লাভ কৰা জনসাধাৰণৰ আৰু সংবাদ মাধ্যমৰ মনোযোগে ইয়াক এক  সুকীয়া মাত্ৰ প্ৰদান কৰে৷ ইয়াৰ বিপৰীতে পথ দুৰ্ঘটনা সদায়েই হৈ থাকিলেও সি বৰ বিশেষ দৃষ্টি আকৰ্ষণ নকৰে৷ বিমান দুৰ্ঘটনাৰ ভয়াৱহ ছবিবোৰে মানুহৰ মনত দকৈ সাঁচ বহুৱায়৷ আহমেদাবাদৰ ভয়ংকৰ শোকাৱহ দুৰ্ঘটনাটোৰ পাছতো সমগ্ৰ পৃথিৱীত অলেখ বিমানে ইয়াৰ যাত্ৰা অব্যাহত ৰাখিছে৷ উৰণ  এতিয়াও ভ্ৰমণৰ আটাইতকৈ নিৰাপদ ব্যৱস্থা৷ আন এটা পৰিসংখ্যা অনুসৰি বিমান যাত্ৰাৰ দুৰ্ঘটনাৰ আশংকা ইমানেই কম যে এজন যাত্ৰীয়ে ২০ হাজাৰ বছৰজুৰি প্ৰতিদিনে বিমান ভ্ৰমণ কৰিলে এটা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷  

উৰণ আটাইতকৈ নিৰাপদ ভ্ৰমণ৷ কিন্তু আহমেদাবাদৰ দৰে দুৰ্ঘটনাই আমাক সোঁৱৰাই দিয়ে যে সকলো নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণৰ পাছতো দুৰ্ঘটনা হ’ব পাৰে৷ ক্ষণভংগুৰ জীৱনৰ হঠাতে, মুহূৰ্ততে অন্ত পৰিব পাৰে৷ জীৱনৰ এই অনিশ্চয়তা কোনো নিৰাপত্তা ব্যৱস্থাই, কোনো অত্যাধুনিক প্ৰযুক্তিয়ে হয়তো কেতিয়াও আঁতৰাব নোৱাৰিব৷ আহমেদাবাদত নিহত বিমানযাত্ৰীসকলে জীৱনৰ এই অনিশ্চয়তাকে অত্যন্ত কৰুণভাৱে আমাক আকৌ এবাৰ সোঁৱৰাই থৈ গ’ল৷