উক্তি-বক্ৰোক্তি
সিদিনা ইয়াত তাইৰ সৈতে ছেলফি উঠিছিলোঁ৷ এতিয়া তাইৰ মৃতদেহ চিনাক্ত কৰিবৰ বাবে ডিএনএৰ নমুনা দিবলৈ আহিছোঁ৷ মোতকৈ দুৰ্ভগীয়া আৰু কোনো নাই৷
– আহমেদাবাদত বিমান দুৰ্ঘটনাত নিহত কিনাল মিস্ত্ৰীৰ পিতৃ
বিমানখনৰ উৰণৰ সময় আছিল দিনৰ ১.২০ বজা৷ ১২.১০ বজাৰ আগেয়ে লণ্ডনমুখী বিমানখনৰ বাবে চেক-ইন কৰিব লাগে৷ মই বিমানবন্দৰ পালোঁহি ১২.২০ বজাত৷ বিমানবন্দৰৰ বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীসকলক বহু অনুৰোধ কৰিলোঁ যদিও মোক চেক-ইন কৰিবলৈ সুযোগ নিদিলে৷ ৰাস্তাত যান-জঁট হোৱাৰ বাবে মোৰ দহ মিনিট পলম হৈছিল, সেইবাবে বিমানখনত মোৰ উঠা নহ’ল৷ দৈবক্ৰমে মোৰ প্ৰাণৰক্ষা পৰিল৷
– গুজৰাটৰ ভূমি চৌহান
এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ১১ [এ] নম্বৰ আসনখনত মই বহিছিলোঁ৷ সকলো মোৰ চকুৰ সন্মুখতে ঘটিছিল৷ মই যে জীৱিত অৱস্থাত ওলাই আহিলোঁ সেই কথা মই এতিয়াও বিশ্বাস কৰিব পৰা নাই৷ বিমানখনে যেতিয়া ক’ৰবাত খুন্দা মাৰিছিল, তেতিয়া মই ভাবিছিলোঁ যে মই মৰিম৷ চকু মেলি দেখিছিলোঁ মোৰ কাষৰ দুৱাৰখন ভাগি গৈছে৷ তললৈ চাই মাটি দেখিছিলোঁ৷ লগে লগে ছীট বেল্ট খুলি একো নভবাকৈ ভগা দুৱাৰেৰে মই মাটিত জাঁপ মাৰি দিছিলোঁ৷ মোৰ বাঁও হাতখন কিছু জ্বলিছে, কিন্তু মই বাচি গ’লোঁ৷
– বিশ্বাস কুমাৰ ৰমেশ
এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰাৰ কিছু সময় পাছতে যান্ত্ৰিক বিজুতি ঘটে৷ ওপৰলৈ উৰিবলৈ সক্ষম নোহোৱা বিমানখন তললৈ নামি আহে৷ মই অধ্যয়ন কৰি থকা বি জে মেডিকেল কলেজৰ হোষ্টেলত বিমানখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে৷ মুহূৰ্ততে আমাৰ হোষ্টেলৰ ওপৰ মহলাত জুই লাগে৷ লগে লগে হোষ্টেলৰ কোঠাৰ পৰা মই দৌৰি যাওঁ আৰু দেৱালৰ ওপৰেৰে জাঁপ মাৰোঁ৷ মই কিছু পৰিমাণে আঘাত পাইছোঁ যদিও জঁপিয়াই দিয়া বাবে মোৰ মৃত্যু নহ’ল৷
– ডাঃ বিদ্যুৎ বিকাশ গগৈ
বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ সমান্তৰালভাৱে অসমতো এচাম ধৰ্মীয় উগ্ৰপন্থী মনোভাৱাপন্ন লোকে প্ৰাণ পাই উঠিছে৷ এসপ্তাহ ধৰি ধুবুৰীত সংঘটিত ঘটনাৱলীত বাংলাদেশৰ কোনো শক্তি জড়িত হৈ আছে৷ ঈদৰ আগদিনা ‘নবীন বাংলাদেশ’ৰ নামত শ্লোগানসম্বলিত যি পোষ্টাৰ অঁৰা হৈছিল, তাৰ আঁৰত সাম্প্ৰদায়িক শক্তি জড়িত৷ অশান্তি সৃষ্টি কৰিবলৈ সেই শক্তিটো সক্ৰিয় হৈ উঠিছে৷ যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা লোকক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে৷
– মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা
যিহেতু গুৱাহাটীখন তলত আছে, মেঘালয়খন ওপৰত আছে, গতিকে মেঘালয়ৰ পৰা গুৱাহাটীলৈ নামি অহা পানীয়ে গোটেই গুৱাহাটীখনক কেনেকৈ বুৰাই পেলাইছে সেয়া আমি সকলোৱে জানো৷
– গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি
অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত দিয়া বক্তব্যই আমাৰ চিন্তা দূৰ কৰিব পৰা নাই৷ মাটি-ভেটি হেৰুওৱাৰ ভয়ত আমি উদ্বিগ্ন হৈ পৰিছোঁ৷ উচ্চেদ হ’ব বুলি ভাবি আতংকিত হৈছোঁ৷ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ পৰিকল্পনা বাতিল কৰি সেয়া আন ঠাইলৈ নিলেহে আমি সন্তোষ পাম৷ টাউনশ্বিপৰ নামত কোৱা কথাবোৰে পৰিৱেশটো অধিক ৰহস্যঘন কৰি তুলিছে৷ কাৰণ চৰকাৰে কোৱা সুবিধাবোৰ আমি ইতিমধ্যে ভোগ কৰি আছোঁ৷ মুঠৰ ওপৰত আমি কোনো কাৰণতে মাটি এৰি নিদিওঁ৷
– ভূমিপট্টন দাবী সমিতি






