Logo
image

সঘনাই পিঠিৰ বিষ কিহৰ লক্ষণ?

আমাৰ অসম বিশেষঃ ঘনাই পিঠিৰ বিষ হৈছে নেকি আপোনাৰ৷ এই সমস্যাত আপুনি ভুগিব পাৰে অক্সিঅ’পৰচিছৰ কাৰণে৷ ই হ’ল হাড়ৰ এক বিশেষ ধৰণৰ ৰোগ৷ পুৰুষৰ তুলনাত মহিলাই এই ৰোগত বেছিকৈ আক্ৰান্ত হয়৷ যদি ঘনাই ঘনাই এই সমস্যাত ভোগে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷ অক্সিঅ’পৰচিছৰ লক্ষণঃ অক্সিঅ’পৰচিছে ধীৰে ধীৰে শৰীৰৰ ক্ষতি কৰে৷ সেয়ে সাধাৰণতে ইয়াৰ লক্ষণ বুজা কঠিন৷ ই একপ্ৰকাৰে শ্ল’পয়জনৰ নিচিনা৷ ঘনাই ঘনাই পিঠিৰ বিষ হ’লে তথা পেশীৰ যন্ত্ৰণাত ভুগিলে অতিশীঘ্ৰে চিকিৎসকৰ ওচৰ চপাটো ভাল৷ তদুপৰি দাঁতৰ সমস্যা আৰু অস্বাভাৱিকভাৱে ওজন কমি গ’লে সতৰ্ক হোৱাটো উচিত৷ ৪০ বছৰৰ ঊধবৰ্ৰ বয়সৰ লোকৰ অক্সিঅ’পৰচিছ হোৱাৰ সম্ভাৱনা অধিক৷ বিশেষকৈ মহিলাৰ মাহেকীয়া ঋতুস্ৰাবৰ ফলত হাড় দুৰ্বল হ’ব পাৰে৷ যাৰ বাবে এই অসুখ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷  পৰিয়ালৰ বিশেষকৈ মাতৃগৰাকীৰ যদি এই ৰোগ থাকে, তেনেহ’লে সন্তানৰ ক্ষেত্ৰতো এনে ৰোগ হোৱাৰ সম্ভাৱনা বেছি৷ শাৰীৰিকভাৱে দুৰ্বল, ক্ষীণ আৰু কম উচ্ছতাৰ মহিলাৰ ক্ষেত্ৰত হাড় দুৰ্বল হয়৷ যাৰ ফলত এনে মহিলাৰ অক্সিঅ’পৰচিছ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ যিসকলে এলকহল গ্ৰহণ কৰে তেওঁলোকৰো এই ৰোগ হ’ব পাৰে৷ ইয়াৰ প্ৰতিৰোধ হিচাপে অতিশীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিত ভিটামিন ‘ডি’ আৰু কেলছিয়াম খাবলৈ লওক৷ নিয়মত শৰীৰ চৰ্চা কৰক৷ খাদ্যৰ তালিকাত প্ৰচুৰ পৰিমাণে সতেজ শাক-পাচলি, ফল-মূল, দাইল, গাখীৰ আৰু দুগ্ধজাতীয় খাদ্য গ্ৰহণ কৰক৷