
পুনৰ অহা দুদিনত ৰাজ্যত মুষলধাৰ বৰষুণৰ আগজাননী
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৭ জুনঃ চাৰিদিন আগলৈকে প্ৰায় এটা সপ্তাহ ধৰি ৰাজ্যত পাৰাস্তমভ উদ্ধৰ্গামী হোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ গৰমৰ বাবে ১৩ জনকৈ লোকৰ মৃত্যু হৈছিল৷ অৱশ্যে ইয়াৰ মাজতে দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱৰ লগতে বংগোপসাগৰত সাগৰীয় উপকূলত সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে ১৪ জুনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনি, ঢেৰেকনি, ধুমুহাৰ, বজ্ৰপাতৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া আৰু কিছু কিছু ঠাইত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত ৰাইজে সাময়িকভাবে তীব্ৰ গৰমৰ পৰা কিছু হলেও সকাহ লাভ কৰা পৰিলক্ষিত হয়৷ আনকি বৰষুণৰ সৈতে গাজনি, ঢেৰেকনি, ধুমুহাৰ সৈতে ঠাইবিশেষে বজ্ৰপাত পৰি প্ত জনকৈ লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ১৫ জনমান লোক কম-বেছি পৰিমাণে আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছিল৷ ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মৌচুমী বায়ুৰ প্ৰভাৱত বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৪ জুনৰ পৰা নিশা গাজনি, ঢেৰেকনি, বজ্ৰপাত আৰু ধুমুহাৰ সৈতে বৰষুণ অহা বাবে ঠাইবিশেষে পাৰাস্তম্ভ কিছু হ্ৰাস পোৱাত ৰাইজে সিদিনাৰ পৰা বিগত চাৰিদিন ধৰি গেলা গৰমৰ পৰা কিছু হলেও সকাহ লাভ কৰিছে৷ আনকি বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা দুদিনত গাজনি, ঢেৰেকনি, ধুমুহা, বজ্ৰপাতৰ সৈতে মুষলধাৰ বৰষুণ আহিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰি আগজাননী দিছে৷ আনকি ঠাইবিশেষে বজ্ৰপাত পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷
মঙলবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত অসমৰ ভিতৰত যোৰহাট জিলাৰ বেছিভাগ ঠাইতে গড় হিচাপত ৭ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছে৷ তাৰ ভিতৰত নিমাতীঘাটত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ১০ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷ সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ চেণ্টিমিটাৰ বা ৬৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ অহা বুলি কোৱা হয়৷ ইফালে মঙলবাৰৰ দিনটোত ডিব্ৰুগড় চহৰ আৰু ওদালগুৰি জিলাৰ মাজবাট চহৰত গড় তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে বাকী চহৰ - নগৰ সমূহৰ গড় তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছতকৈ তলত আছিল৷ যাৰ বাবে এক সপ্তাহতকৈ অধিক দিন ধৰি গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হোৱা ৰাইজে স্বাভাৱিকতে বহুখিনী সকাহ লাভ কৰিছে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুটা দিনত উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনি, ঢেৰেকনি, ধুমুহা, বজ্ৰপাতৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ, ঠাইবিশেষে প্ৰবল বৃষ্টিপাত হ’ব পাৰে বুলি আগজাননী দিছে৷ আনকি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতেই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণেও [ এ এছ ডি এম এ ] আগন্তুক দুটা দিনত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সকলো নাগৰিকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৰেড এলাৰ্ট জাৰি কৰিছে৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতেই এ এছ ডি এম এই তিনিটাকৈ হেল্প লাইন নম্বৰ [ ০৩৬১ - ১০৭০, ১০৭৯, ১১২ ] আৰু কামৰূপ মহানগৰ জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা হেল্প লাইন নম্বৰ [ ০৩৬১- ১০৭৭] মুকলি কৰিছে৷ উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী বাস্তৱত পৰিণত হলে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে বহু পাহাৰীয়া অঞ্চলত পুনৰ ভূমিস্থলন সংঘটিত হোৱাটো নিশ্চিত৷