
এসপ্তাহত ৮৩খন বিমানৰ যাত্ৰা বাতিল, এয়াৰ ইণ্ডিয়াত বিপৰ্যয়
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জুনঃ ভয়ংকৰ বিপৰ্যয়ৰ মুখত এতিয়া বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া৷ বৰ্তমান টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ ব’য়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ এখন বিমান আহমেদাবাদত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই বিপদে যেন লগ এৰা নাই বিমান পৰিবহণ সংস্থাটোক৷ বিগত ১২ জুনৰ পৰা আহমেদাবাদ লণ্ডনমুখী এআই ১৭১ এয়াৰ ইণ্ডিয়াৰ ২৪২ জন যাত্ৰী আৰু বিমানকৰ্মী কঢ়িয়াই নিয়া বিমানখনৰ দুৰ্ঘটনাৰ পাছৰে পৰাই এয়াৰ ইণ্ডিয়াৰ প্ৰতিটো যাত্ৰাত বিধি-পঠালিয়ে দেখা দিছে৷ কোনোবাখন বিমানৰ উৰণৰ প্ৰাকমুহূৰ্তত যদি ৰানৱেতে ইঞ্জিনত বিজুতি ধৰা পৰিছে, আন কোনোবাখন বিমানত আকৌ মাজ আকাশত কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰোৱাবলগীয়া হৈছে৷ অসামৰিক বিমান পৰিবহণ সঞ্চালকপ্ৰধানে সদৰী কৰা মতে বিগত ১২ জুনৰ পৰা ১৭ জুন পৰ্যন্ত এয়াৰ ইণ্ডিয়াৰ মুঠ ৮৩ খন বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে৷ যাত্ৰা বাতিল হোৱা ৬৫ খন বিমান হৈছে ব’য়িং কোম্পানীৰ ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ বিমান৷ বিশ্বৰ আটাইতকৈ সুৰক্ষিত বিমান হিচাপে পৰিচিত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানত সঘন যান্ত্ৰিক বিজুতিয়ে যাত্ৰীৰ লগতে বিমান কোম্পানীটোকো উদ্বিগ্ন কৰি তুলিছে৷ ডিজিচিএৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি শেষ মুহূৰ্তত যাত্ৰা বাতিল কৰিবলগীয়া হোৱা একাধিক বিমানত প্ৰযুক্তিগত ক্ৰুটি ধৰা পৰা বুলিও প্ৰাথমিক অনুসন্ধানত তথ্য লাভ কৰিছে৷ আনহাতে, ব’য়িং ৭৮৭ বিমানৰ নিৰ্দিষ্ট কিছু যান্ত্ৰিক বিজুতিৰ উপৰি সুৰক্ষামূলক কাৰণতে যাত্ৰা বাতিল কৰা বুলি কোৱা হৈছে৷
আকস্মিক বিমান যাত্ৰা বাতিল হোৱাত দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলে দুৰ্ভোগৰ সন্মুখীন হৈছে৷ বহু যাত্ৰীক বিকল্প বিমানেৰে যাতায়াতৰ ব্যৱস্থা কৰি দিলেও বহুতৰ ক্ষেত্ৰত যাত্ৰা বাতিল কৰিবলৈ বাধ্য হৈছে৷ আহমেদাবাদৰ অভিশপ্ত দুৰ্ঘটনাটোৰ পাছতেই যেন ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া৷ এনে পৰিস্থিতিত বিমান পৰিবহণ সেৱাত নতুনকৈ প্ৰৱেশ কৰা টাটা গ্ৰুপে বৃহৎ আৰ্থিক লোকচানৰো সন্মুখীন হৈছে৷ অসামৰিক বিমান পৰিবহণ সঞ্চালকে প্ৰকাশ কৰা মতে ১২ জুনৰ পৰা মঙলবাৰ পৰ্যন্ত এয়াৰ ইণ্ডিয়াৰ ৪৬২ খন বিমানৰ ভিতৰত ১৮ শতাংশ বিমানৰ যাত্ৰা বাতিল হৈছে৷ আহমেদাবাদৰ দুৰ্ঘটনাটোৰ পাছতেই ব’য়িং ৭৮৭ বিমানৰ পৰীক্ষণৰ নিৰ্দেশ দিয়াত মঙলবাৰপৰ্যন্ত ২৪ খন বিমানৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হয় যদিও কোনো গুৰুতৰ যান্ত্ৰিক বিজুতি পোহৰলৈ অহা নাই৷ অৱশ্যে, বিভিন্ন কাৰণত মঙলবাৰৰ দিনটোতে এয়াৰ ইণ্ডিয়া মুঠ সাতখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছিল৷ ইয়াৰ ৬ খন বিমানেই আছিল ৭৮৭-৮ টা ড্ৰিমলাইনাৰ৷ বুধবাৰেও ছানফ্ৰান্সিছকোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন ড্ৰিমলাইনাৰ বিমানৰ ইঞ্জিনৰ বিজুতিৰ বাবে কলকাতা বিমান বন্দৰত দীৰ্ঘসময় বিমানখন আৱদ্ধ হৈ পৰে৷ ইফালে বুধবাৰে দিল্লীৰ পৰা বালি অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ২১৪৫ নম্বৰ এখন বিমানেও বালি বিমানবন্দৰৰ সমীপত আগ্নেয়গিৰি উদগীৰণৰ বাবে মাজ আকাশৰ পৰাই পুনৰ দিল্লীলৈ ঘূৰাই অনা হয়৷ বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা যাত্ৰীসকলৰ এই অসুবিধাৰ বাবে হোটেলত থকাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে টিকটৰ মূল্য ঘূৰাই দিয়া হ’ব বুলিও ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই৷