Logo
image

৪০০ চিকিৎসক নিযুক্তি ৰাজ্যত পুনৰ ২৯খন মেডিকেল কলেজ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুনঃ   স্বচ্ছ আৰু মেধাভিত্তিত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত  বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৪০০ গৰাকী নৱনিযুক্ত চিকিৎসকক নিযুক্তিপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, ২০২১ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে ১২৮৩ গৰাকী চিকিৎসকক নিযুক্তি  প্ৰদান কৰিছে আৰু আজি এই সংখ্যাৰ সৈতে ৪০০ গৰাকী চিকিৎসক যুক্ত হৈ মুঠ চিকিৎসক নিযুক্তিৰ সংখ্যা ১৬৮৩ লৈ বৃদ্ধি হৈছে৷ আনহাতে ইয়াৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত বিভিন্ন চৰকাৰী বিভাগত ১,২০,৩৫৯ গৰাকী যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷  এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ সময় নিৰ্দ্ধাৰিত, ন্যায় সংগত আৰু স্বচ্চতাৰে কৰি আহিছে বুলি মন্তব্য কৰি কয় যে আজি নিযুক্তিৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য পৰিৱেশৰ সূচনা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰখনত এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছে৷ তেওঁ লগতে কয় যে নতুন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, চিকিৎসালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, চিকিৎসক নিয়োগ অত্যাধুনিক সা-সজুলিৰে সমৃদ্ধ কৰাৰ ফলত এই ৰূপান্তৰ সম্ভৱ হৈ উঠিছে৷ ২০০৬ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ সময়ত ৰাজ্যখনৰ স্বাস্থ্যসেৱা অতিশয় দুৰ্বল আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰাতিষ্ঠানিক প্ৰসূতিৰ হাৰ ৩০ শতাংশ আছিল আৰু ৰাজ্যখনৰ জনসাধৰণক মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে সেৱা আগবঢ়াৱলগীয়া হৈছিল৷ তেনেদৰে ব্যক্তিগত খণ্ডটোও সীমিত হৈ আছিল৷ ক’ভিডৰ সময়ত স্বাস্থ্য বিভাগে সাহসেৰে এই মহামাৰীৰ সন্মুখীন হ’বলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে জনসাধাৰণে স্বাস্থ্যসেৱাত পৰিৱৰ্তনৰ ছবি দেখিবলৈ সক্ষম হৈছিল৷ তেওঁ লগতে কয় যে স্বাস্থ্যসেৱাক গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ দিশত দৃঢ়তাৰে ব্যৱস্থা লোৱা হৈছিল৷ এই প্ৰসংগত তেওঁ উপস্বাস্থ্য কেন্দ্ৰত ৪ হাজাৰ নাৰ্ছক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে৷ ৰাজ্য চৰকাৰৰ ধাৰাবাহিক প্ৰয়াসৰ বাবে ২০১১ চনত প্ৰাতিষ্ঠানিক প্ৰসূতিৰ হাৰ ৬৫ শতাংশলৈ বৃদ্ধি পায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সাধাৰণ লোকেও যাতে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নতুন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷


২০১৬ চনত ৰাজ্যখনত প্ৰতিবছৰে ৬০০ গৰাকীকৈ চিকিৎসকে এমবিবিএছ ডিগ্ৰী লাভ কৰিছিল৷ গ্ৰামাঞ্চলৰ জনসাধাৰণক যাতে চিকিৎসা সেৱা উপলব্ধ কৰিব পৰা যায় তাৰ বাবে গ্ৰামাঞ্চলত এবছৰ নিযুক্তি বাধ্যতামূলক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ বাবে সুযোগ দিয়া হৈছিল৷ আজি অসমত ১৩ খনকৈ চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে তদানুৰোপভাৱে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও বৃদ্ধি পাইছে৷  তেওঁ কয় যে এইবছৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু অহা বছৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভ হ’ব৷ তেওঁ লগতে কয় যে চৰাইদেউ, বিশ্বনাথ, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাতো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ উঠিব৷ ২০৩০ চনত ২৯ খন চিকিৎসা মহাবিদ্যালয়  আৰু প্ৰতিবছৰে  ৪ হাজাৰ এমবিবিএছ ডিগ্ৰীধাৰি চিকিৎসক নিযুক্তিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বৃহৎ সংখ্যক চিকিৎসক নিযুক্তিৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসাসেৱাৰ সম্প্ৰসাৰণ কৰিব লাগিব৷ ইয়াৰ লগে লগে ৰাজ্যখনত অৰ্থনৈতিক ৰূপান্তৰো সাধন হ’ব৷ ভাষণ প্ৰসংগত তেওঁ কয় যে স্বাস্থ্য-শিক্ষা, যোগাযোগকে ধৰি আজি গ্ৰামাঞ্চলত উন্নয়নৰ নতুন ৰূপৰেখা গঢ়ি উঠিছে৷ ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে ১০০খন বিচনাযুক্ত চিকিৎসালয় গঢ়াৰ বাবেও লক্ষ্য লৈছে৷ আনহাতে, সমজিলাত একোখনকৈ জিলা চিকিৎসালয় নিৰ্মাণৰ উদ্দেশ্যেৰেও চৰকাৰ আগবাঢ়িছে৷ চিকিৎসকসকলে যাতে নিযুক্তি স্থানতে শিক্ষা-যাতায়াত লাভ কৰে সেই দিশতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷ আজি নৱনিযুক্ত চিকিৎসক সকলক আহ৩ান জনাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অহা দহ বছৰৰ ভিতৰত প্ৰযুক্তিয়ে চিকিৎসা খণ্ডতো দ্ৰুত পৰিৱৰ্তন সাধন কৰিব৷ প্ৰযুক্তিৰ মাধ্যমেৰে চিকিৎসকসকলে ৰোগীক ঘৰৰ পৰাই সেৱা আগবঢ়াব পাৰিব৷ তেওঁ আধুনিক প্ৰযুক্তিৰ সৈতে চিকিৎসক সকলক পৰিচিত হ’বলৈও আহ৩ান জনায়৷ তেওঁ লগতে কয় যে ২০৪৭ চনৰ ভিতৰত প্ৰযুক্তিগত দিশেৰে ভাৰতবৰ্ষ বিশ্বৰ এক অন্যতম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব৷ আজি দেশখনত আধুনিক প্ৰযুক্তিৰ ব্যাপক গৱেষণা চলি আছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰত্যেক জিলাতে ৰোগ বিভিন্ন পৰ্যায়ত হয় বুলি মন্তব্য কৰি তেওঁ কয় যে তেনে ক্ষেত্ৰত চিকিৎসক সকলে ৰোগৰ তথ্য আহৰণতো গুৰুত্ব আৰোপ কৰিব লাগিব৷ তেওঁ লগতে কয় যে ৰাজ্যখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহ অধিক সুব্যৱস্থাৰে আগুৱাই নিব লাগিব৷ ব্যক্তিগতখণ্ড চৰকাৰী চিকিৎসালয়ৰ পৰিপূৰক হিচাপে থাকিব যদিও ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ গুণগত দিশ শক্তিশালীকৰণৰ দিশত নৱনিযুক্ত চিকিৎসকসকলক জড়িত হোৱাৰ বাবে আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ বিজুলী কলিতা মেধি, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷