Logo
image

নাকেৰেও দিয়া হ’ব ভেকচিন!

আমাৰ অসম, ২৬ এপ্ৰিলঃ ভাৰত বায়’টেকৰ পৰিচালন সঞ্চালক ডাঃ কৃষ্ণই ক’ভিড-১৯ৰ নাকেৰে ল’ব পৰা প্ৰতিষেধক ভেকচিনৰ সম্ভাৱনাৰ কথা দুদিনমান পূৰ্বে ব্যক্ত কৰিছিল৷ এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে ভাৰত বায়’টেক এইবাৰ নাকেৰেও দিব পৰা ভেকচিন তৈয়াৰ কৰিছে৷ ইনজেকটিবেবল ভেকচিনে কেৱল হাওফাও সুৰক্ষা দিয়ে কিন্তু নাকলৈকে সুৰক্ষা দিব নোৱাৰে বুলি তেওঁ জনাইছিল, সেয়ে তেওঁ নাকেৰেও ল’ব পৰা ভেকচিন উদ্ভাৱনৰ গৱষণা চলি থকা বুলি জনাইছিল৷ ইয়াৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল চলি আছে বুলি জানিব পৰা গৈছে৷ ৪মে’ ইয়াৰ ডেডলাইন দিয়া হৈছে৷