শিক্ষানীতি, সমৰ্থ প’ৰ্টেল আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ
বছৰটোৰ এই সময়খিনি অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই যথেষ্ট গুৰুত্বপূৰ্ণ৷ প্ৰতিবছৰে মে’-জুনতে শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময় আহে৷ ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰো ফলাফলসমূহ ঘোষণা হৈছে৷ অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ত পঢ়িব, কি পঢ়িব, কোনখন কলেজ-বিশ্ববিদ্যালয়ত কোনটো বিষয়ৰ কাৰণে পঢ়িলে ভাল হ’ব আদি বিষয়ক লৈ দৌৰা- দৌৰি, কৌতূহল চলিয়েই আছে৷ শেহতীয়াকৈ অসমৰ কলেজ আৰু বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ বাবে সমৰ্থ নামৰ একক অনলাইন প্লেটফৰ্ম ২০২৩ৰ ১৪ জুনত শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে মুকলি কৰিছে৷ ইয়াৰ উদ্দেশ্যসমূহ আছিল– SAMARTH-এ চৰকাৰী, ব্যক্তিগত, প্ৰাদেশিক মহাবিদ্যালয়, আৰু ৰাজ্যিক বিশ্ববিদ্যালয়কে ধৰি অসমৰ উচ্চ শিক্ষানুষ্ঠান সমূহত স্নাতক শাখাত নামভৰ্তিৰ বাবে এক কেন্দ্ৰীভূত অনলাইন মঞ্চ প্ৰদান কৰিব৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে একাধিক কলেজত পৃথকে আৱেদনৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব৷
এই প’ৰ্টেলৰ লক্ষ্য হৈছে একাধিক কলেজ [দহখনলৈকে] আৰু পাঠ্যক্ৰম [যেনে, বিএ, বিকম, বিএছচি]ত আৱেদন কৰিবলৈ একক মঞ্চ প্ৰদান কৰি, বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সমান সুযোগ প্ৰদান কৰা৷ পূৰ্বতে কলেজে কলেজে গৈ নামভৰ্তিৰ বাবে আৱেদন পত্ৰ জমা দিয়াৰ পৰিৱৰ্তে SAMARTH-এ নামভৰ্তি প্ৰক্ৰিয়াটো ডিজিটেলাইজড্ কৰে, কেন্দ্ৰীভূত নথিপত্ৰ দাখিল আৰু আৱেদন অনুসৰণৰ জৰিয়তে ই মেধাভিত্তিক নামভৰ্তি নিশ্চিত কৰে৷ ইয়াৰ উপৰি অসম চৰকাৰৰ মাচুল ৰেহাই আঁচনিৰ অধীনত ই মাচুল ৰেহাই কেৱল প’ৰ্টেলৰ জৰিয়তেহে যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে সুলভ কৰি তোলাত সহায় কৰিলে৷ সহজ অৰ্থত সমাজত এক ডিজিটেল ৰূপান্তৰ অনাটোৱেই আছিল SAMARTHৰ লক্ষ্য আৰু উদ্দেশ্য৷ SAMARTH প’ৰ্টেলৰ জৰিয়তে কলেজত নামভৰ্তিৰ কথা আছিল সহজ হোৱাৰ, কিন্তু বাস্তৱতে ইয়াৰ এটা ওলোটা ছবিহে দেখিবলৈ পাওঁ৷ এতিয়া এটা মন কৰিবলগীয়া কথা যে ডিজিটেল ইণ্ডিয়াৰ দৰে আঁচনিৰ অধীনত অসম চৰকাৰে কমন ছাৰ্ভিচ চেণ্টাৰ [চি এছ চি] আৰু বিদ্যালয়ৰ জৰিয়তে ডিজিটেল সাক্ষৰতা কাৰ্যসূচী অনুষ্ঠিত কৰে৷ কিন্তু ডিজিটেল সাক্ষৰতা কম হোৱাৰ বাবে [২০২২ চনৰ ৰাজ্যিক সমীক্ষা অনুসৰি গ্ৰাম্য অসমত ৪০ শতাংশ বুলি অনুমান কৰা হৈছে] গ্ৰাম্য ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত ‘SAMARTH’ৰ দৰে নিৰ্দিষ্ট মঞ্চৰ প্ৰতি সজাগতা প্ৰায়ভাগ অঞ্চলতে সীমিত হয়৷ গতিকে এক সজাগতা সম্পৰ্কীয় সমস্যাও ইয়াৰ লগত জড়িত৷ যোৱা বছৰৰ SAMARTH ৰোলআউটে অপৰ্যাপ্ত সজাগতাৰ বাবেই ভিন্ন সমস্যাৰ সন্মুখীন হৈছিল৷ বহু উচ্চতৰ মাধ্যমিক ছাত্ৰ আৰু অভিভাৱকে প’ৰ্টেলৰ আন্তঃপৃষ্ঠ, পঞ্জীয়ন প্ৰক্ৰিয়া বা নথিপত্ৰ আপলোডৰ প্ৰয়োজনীয়তাৰ আদি বিষয়ক লৈ অচিনাকি আছিল৷
সচেতনতা আৰু প্ৰশিক্ষণৰ অভাৱঃ
ছাত্ৰ-অভিভাৱকৰ বিভ্ৰান্তিঃ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু NEP-ৰ নমনীয় ধাৰণাৰ সৈতে পৰিচিত নোহোৱাৰ বাবে বহু ছাত্ৰ-অভিভাৱকে বিভ্ৰান্তি অনুভৱ কৰিছিল৷ ইণ্টাৰনেট এছ’চিয়েশ্বন ফৰ মিডিয়া এণ্ড এডভাৰটাইজিং ইণ্ডিয়া [IAMAI, ২০২৩]ৰ ‘ইণ্টাৰনেট ইন ইণ্ডিয়া’ প্ৰতিবেদন অনুসৰি, অসমত ইণ্টাৰনেট ব্যৱহাৰকাৰী ৪৫-৫০ শতাংশ, য’ত গ্ৰাম্য অঞ্চলত মাত্ৰ ৩০-৩৫ শতাংশ৷ অসম অৰ্থনৈতিক সমীক্ষা [২০২৩]ৰ তথ্য অনুসৰি, গ্ৰাম্য অঞ্চলত ৪২ শতাংশ প্ৰাপ্তবয়স্কৰ মৌলিক ডিজিটেল সাক্ষৰতা আছে, আৰু মাত্ৰ ৬২ শতাংশ পৰিয়ালৰ স্মাৰ্টফোনৰ সুবিধা আছে৷ এই পৰিস্থিতিয়ে গ্ৰাম্য ছাত্ৰ-ছাত্ৰীৰ বাবে ‘সমৰ্থ প’ৰ্টেল’ৰ ব্যৱহাৰ কঠিন কৰি তুলিছে আৰু ভাষাৰ বাধা ইংৰাজীপ্ৰধান প’ৰ্টেল আন্তঃপৃষ্ঠই সমস্যাটো আৰু অধিক ভয়াৱহ কৰি তুলিছিল৷ প’ৰ্টেলটো মূলতঃ ইংৰাজীত, অসমীয়া বা হিন্দী ভাষাটো ই উপলব্ধ নাছিল৷ এনে অৱস্থাত সম্পূৰ্ণ ইংৰাজীভিত্তিক প’ৰ্টেল এটা জনসাধাৰণৰ বাবে ব্যৱহাৰযোগ্য নোহোৱাটো স্বাভাৱিক৷
Samarthৰ লগতে ওতপ্ৰোতভাৱে জড়িত আন এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে NEP[National education policy] অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গৃহীত হোৱাৰ পাছত দেশজুৰি এক নতুন শিক্ষাগত পৰিৱৰ্তনৰ আশ্বাস দিয়া হৈছিল৷ NEP ২০২০ৰ লক্ষ্য হৈছে শিক্ষাক দক্ষতাভিত্তিক আৰু বহুবিষয়ক কৰা, যাতে ছাত্ৰ-ছাত্ৰীয়ে পছন্দৰ বিষয় বাছি কেৰিয়াৰ গঢ়িব পাৰে৷ কেন্দ্ৰই ঘোষণা কৰিছিল যে এই নীতিৰ জৰিয়তে শিক্ষাৰ গুণগত মান, ব্যৱস্থা আৰু অন্তৰ্ভুক্তিত এক গঠনমূলক পৰিৱৰ্তন আহিব৷ দেশৰ আন ৰাজ্যত অগা-পিছাকৈ হ’লেও অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২২ৰ ১ এপ্ৰিলত কাৰ্যকৰী হৈছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছিল৷ কিন্তু নীতিপত্ৰত উল্লেখ কৰা ধৰণে অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আন্তঃগাঁথনিৰ অভাৱ, যথোপযুক্ত শিক্ষক প্ৰশিক্ষণৰ অভাৱ, পাঠ্যক্ৰম প্ৰস্তুতিত বিলম্ব, প্ৰশাসনিক অদক্ষতা, ডিজিটেল প্লেটফৰ্ম সম্পৰ্কীয় সমস্যা আদি কাৰণত সম্পূৰ্ণৰূপে কাৰ্যত হৈ উঠা নাই৷ উদাহৰণস্বৰূপে ষষ্ঠ শ্ৰেণীৰ পৰাই ব্যৱসায়িক শিক্ষাৰ আৰম্ভণি আৰু দ্বাদশ শ্ৰেণীৰ ভিতৰত ৫০ শতাংশপৰ্যন্ত ব্যৱসায়িক অভিজ্ঞতা প্ৰদানৰ লক্ষ্য নতুন শিক্ষানীতিয়ে স্থাপন কৰিছে৷ কিন্তু অসমৰ বিদ্যালয়সমূহত স্থানীয় উদ্যোগ [যেনে চাহ, খনিজ তেল, হাতশিল্প]ৰ সৈতে অংশীদাৰিত্বৰ অভাৱ আছে, ফলত প্ৰায়োগিক শিক্ষাৰ সুবিধা কম আৰু পৰ্যটনৰ দৰে স্থানীয় ক্ষেত্ৰৰ সৈতে সংযোগ স্থাপন কৰি ব্যৱসায়িক পাঠ্যক্ৰম গঢ়ি তোলা প্ৰয়োজন৷ নতুন শিক্ষানীতিয়ে পিছপৰা গোটসমূহৰ বাবে অন্তৰ্ভুক্তিমূলক শিক্ষাত গুৰুত্ব দিয়ে, কিন্তু অসমে এই লক্ষ্যৰ সৈতে খাপ খাবলৈ যাওঁতে বহুতো সমস্যাৰ সন্মুখীন হৈছে৷ উদাহৰণস্বৰূপে স্নাতক চতুৰ্থ ষান্মাসিকত ইণ্টাৰশ্বিপৰ এখন কাকত আছে৷ কিন্তু বহু বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ কোনো স্পষ্ট নীতি-নিৰ্দেশনা নথকাত ছাত্ৰ-ছাত্ৰীসকল বিভ্ৰান্তিত পৰা পৰিলক্ষিত হৈছে৷ নতুন শিক্ষা নীতিত skill Enhancement courseৰ কথা উল্লেখ আছে৷ কিন্তু শিক্ষানুষ্ঠানসমূহত এই দক্ষতাৰ লগত জড়িত কাকতসমূহৰ সংখ্যা কম হোৱাৰ লগতে ইয়াৰ ৰূপায়ণো একেবাৰেই সন্তুষ্টিজনক নহয়৷ জনজাতীয় আৰু চাহ বাগিচা সম্প্ৰদায়সমূহৰ নামভৰ্তিৰ হাৰ ৰাজ্যিক গড়ৰ তুলনাত ১৫ শতাংশতকৈও কম [ইউডিএছই ২০২৩]৷ নতুন শিক্ষানীতিয়ে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে অন্তৰ্ভুক্তিমূলক বিদ্যালয়ৰ নিৰ্দেশ দিয়ে৷ অসমত মাত্ৰ ২০০খন অন্তৰ্ভুক্ত বিদ্যালয় [৪০,০০০]ৰ অধিক বিদ্যালয়ৰ ভিতৰত] আছে, আৰু তাৰ ভিতৰত বিশেষ প্ৰশিক্ষিত শিক্ষকৰো অভাৱ আছে, যাৰ বাবে নতুন শিক্ষানীতিৰ সুলভতাৰ লক্ষ্য পূৰণ কৰাটো অসম্ভৱ হৈ পৰিছে৷ মাচুল ৰেহাইৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে৷
গতিকে নতুন শিক্ষানীতিৰ ক্ষেত্ৰত এটা স্পষ্ট ৰোডমেপৰ অভাৱ হৈছেঃ এই ক্ষেত্ৰত উচ্চ শিক্ষা সঞ্চালকালয় [ডি এইচ ই] আৰু এছ চি ই আৰ টিয়ে নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে বিশদ, সময়সীমা নিৰ্ধাৰিত নিৰ্দেশনা প্ৰদান কৰা নাই৷ উদাহৰণস্বৰূপে, ২০২৩ চনৰ পৰা চাৰি বছৰীয়া ইউ জি কাৰ্যসূচী আৰম্ভ হৈছিল যদিও বহু মহাবিদ্যালয় অস্পষ্ট নিৰ্দেশনাৰ বাবে অপ্ৰস্তুত আছিল, যাৰ ফলত সমৰ্থ প’ৰ্টেলত নামভৰ্তিৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল৷ নতুন শিক্ষানীতিয়ে নামভৰ্তি আৰু একাডেমিক ব্যৱস্থাপনাৰ বাবে সমৰ্থৰ দৰে ডিজিটেল প্লেটফৰ্মত নিৰ্ভৰ কৰে৷ অসমত নতুন শিক্ষানীতি কিয় কাৰ্যক্ষম হৈ উঠা নাই তাৰ কাৰণস্বৰূপে ডিজিটেল প্লেটফৰ্ম সম্পৰ্কীয় সমস্যাৰ কথা উল্লেখ কৰিছিলোঁ৷ যদি সমৰ্থ প’ৰ্টেলৰ আসোঁৱাহ দূৰ হয়, তেন্তে ই নিশ্চিতভাৱে নতুন শিক্ষানীতিক অসমৰ ভিতৰুৱা গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ যোৱাতো সহায় কৰিব৷ বিগত দুটা বছৰত সমৰ্থ প্লেটফৰ্মত ছাৰ্ভাৰ ডাউন, লগইন বিফলতা, মেধা তালিকা প্ৰকাশত পলম হোৱা আদিৰ দৰে সমস্যা দেখা গৈছিল, যিয়ে ছাত্ৰ-ছাত্ৰীক হতাশ কৰিছিল৷ গাঁৱৰ ছাত্ৰ-ছাত্ৰী যিয়ে সীমিত ইণ্টাৰনেট সুবিধা লাভ কৰে, তেওঁলোকে আৱেদন কৰিবলৈ যথেষ্ট সমস্যাত ভুগিছিল৷ ইয়াৰ লগতে আকৌ অসমত কম ডিজিটেল সাক্ষৰতাৰ সমস্যাটো আছেই৷ অসমত মাত্ৰ ৪০ শতাংশ গ্ৰাম্য প্ৰাপ্তবয়স্কৰহে মৌলিক ডিজিটেল সাক্ষৰতা আছে [২০২২ৰ ৰাজ্যিক সমীক্ষা অনুসৰি] আৰু বহু ছাত্ৰ-ছাত্ৰী, অভিভাৱকে ইংৰাজী প্ৰাধান্য থকা সমৰ্থ প’ৰ্টেলৰ ইণ্টাৰফেচ বুজাত অসুবিধা পাইছিল৷ এইখিনিতে এটা অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ৷ যোৱা বছৰৰ কথা, তেতিয়া এই লেখক কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি আছিল৷ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে আমাৰ লগত নামভৰ্তি সংক্ৰান্তত যোগাযোগ কৰিছিল৷ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল যে নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়া সমৰ্থ প’ৰ্টেলৰ যোগে হ’ব৷ দিন বাগৰিল, ফৰ্ম ফিলাপ প্ৰক্ৰিয়া সমাপ্ত হ’ল৷ অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা মেৰিট লিষ্ট প্ৰকাশৰ বাবে দিন ঘোষণা কৰিলে৷ কিন্তু সেয়া হঠাৎ পিছুৱাই দিয়া হ’ল৷ তাৰ পাছত কিছুদিন পাছত আকৌ এবাৰ পিছুৱাই দি অৱশেষত ক’লে যে ১৯ জুনত মেৰিট লিষ্ট প্ৰকাশ পাব৷ কিন্তু নামভৰ্তিৰ বাবে তাৰিখ দিছিল ২০ আৰু ২১ জুন৷ ১৯ জুনৰ পুৱাৰ পৰা অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠা ভৰা ফোন যে মেৰিট লিষ্ট প্ৰকাশ হৈছে নেকি, আমি উত্তৰত একো ক’ব পৰা নাছিলোঁ৷ পুৱা গৈ আবেলি হ’ল, লাহে লাহে ৰাতি ৯ বাজিল৷ শদিয়াৰ পৰা ধুবুৰীৰ প্ৰায় সকলো ঠাইৰ পৰাই ফোন আহিছিল৷ উজনি অসমৰ পৰা বাছ ৯ বজাৰ আগেয়ে গুৱাহাটীলৈ ৰাওনা হয়৷ অভিভাৱকে ফোন কৰি সুধিছে যে আমাৰ ব্যক্তিগত বাহন নাই, বাছবোৰো ইতিমধ্যে ওলাল৷ কিন্তু মেৰিট লিষ্ট এতিয়াও নোলাল৷ এগৰাকী মাতৃয়ে উচুপি উঠিল এইবুলি যে আমাৰ ঘৰৰ অৱস্থা বৰ ভাল নহয়, কোনোমতে ল’ৰাটোক পঢ়াই আছোঁ, নিজা গাড়ী এখনো নাই৷ এতিয়ালৈ লিষ্টখন নোলাল, সেয়েহে কি সাহসত গুৱাহাটীলৈ যাম ভাবিয়েই নাপালোঁ৷ তাৰ নম্বৰ ভাল আছিল, কটনত পঢ়াৰ সপোন আছিল৷ হয়তো কপালতেই নাই৷ মেধাৰ তালিকাৰ ভিত্তিতহে যিহেতু শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব বিচৰা উচ্চ শিক্ষানুষ্ঠানৰ কথা জানিব পাৰিব, সেয়ে আগদিনা পুৱাৰে পৰা তালিকাখনলৈ অপেক্ষা কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে৷ সেয়া আছিল ৰাতিৰ কথা, সহায় কোঠাত থকা কটনৰ আটাইবোৰ হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী অপেক্ষাত ৰাতি ২-৩ বজালৈ সাৰেই থাকিল, কিন্তু মেৰিট লিষ্ট প্ৰকাশ নহ’ল৷ মেৰিট লিষ্ট প্ৰকাশ হ’ল পুৱা ৯ বজাত আৰু নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভৰ সময় আছিল ১০ বজাৰ পৰা৷ আমি পুৱা ৮ বজাতেই সংবাদমেলযোগে ক্ষোভ ব্যক্ত কৰিছিলোঁ৷
যদি কিবা টেকনিকেল ইছ্যুৱেই আছিল, শিক্ষা বিভাগে ৰাতিয়েই এখন জাননী দিব পাৰিলেহেঁতেন, কিন্তু সেই কামো নকৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক কষ্টত ৰাখিলে, এক কথাত হাৰাশাস্তিৰ সন্মুখীন হ’ল৷ পুৱা মেধাৰ তালিকা প্ৰকাশ পোৱাত গুৱাহাটীৰ আগশাৰীৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়বোৰত ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী আদি ঠাইৰ শিক্ষাৰ্থীসকলে নামভৰ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ ২০১৪ বৰ্ষৰ আগলৈকে কলেজ বা বিশ্ববিদ্যালয়সমূহে এই তালিকা নিজাববীয়াকৈ প্ৰকাশৰ বাবে অনুমোদন দিছিল শিক্ষা বিভাগে৷ কিন্তু যোৱাবাৰ সেয়া নাকচ কৰে৷ কেৱল সমৰ্থ প’ৰ্টেলযোগেহে এই তালিকা প্ৰকাশ পাব বুলি ঘোষণা কৰা হয়৷ পৰিস্থিতি এনে পৰ্যায় পায় যে গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা একাংশ শিক্ষাৰ্থীয়ে মহানগৰীৰ ভিন্ন হোটেলত বাহৰ পাতে৷ আন একাংশই তালিকা প্ৰকাশ পালে গুৱাহাটীলৈ ৰাওনা হোৱাৰ কথা ভাবি সাজু হৈ থাকে৷ ৰাজ্যৰ আন অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ সৃষ্টি হয়৷
ইয়াৰ পাছত আমি ভাবিবলৈ বাধ্য হৈছিলোঁ যে শিক্ষা বিভাগত টেকনিকেল কাম-কাজ কৰা কৰ্মচাৰীৰ অভাৱ৷ চৰকাৰ আৰু শিক্ষা বিভাগৰ বিষয়াৰ মাজত সমন্বয়ৰ অভাৱ৷ ৰাজ্যত হিতাধিকাৰীৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে৷ ৰাস্তাই-পদূলিয়ে কোন হিতাধিকাৰীক কোন আঁচনিৰ অধীনত কিমান টকা দিয়া হয়, সেয়া স্পষ্টভাৱেই দিয়া থাকে৷ কিন্তু শিক্ষা সম্পৰ্কীয়, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত সম্পৰ্কীয় সজাগতামূলক কিমান বিজ্ঞাপন এনেকৈ ৰাস্তা-ঘাটৰ ডাঙৰ ডাঙৰ বেনাৰ বা বাতৰিকাকতৰ বিজ্ঞাপনত দেখিবলৈ পোৱা যায়? ৰাজ্য চৰকাৰে হিতাধিকাৰীক সময়মতে ধন প্ৰদান কৰাত অকণো হীন-দেৰি নকৰে, কিন্তু শিক্ষাৰ্থীৰ নামভৰ্তি নাইবা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰে৷ এতিয়া নামভৰ্তিৰ দিন আকৌ আৰম্ভ হৈছে৷ শিক্ষা বিভাগৰ এই খেলি-মেলি আছেই, ইয়াৰ উপৰি নামভৰ্তিৰ বাবে অহা শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানসমূহত আৰু কিছুমান বেমেজালিৰ মুখামুখি হ’বলগীয়া হয়৷ ধৰি লওক কোনোবা এজন ছাত্ৰ-ছাত্ৰীয়ে এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলে নিজৰ সুৰক্ষাৰ বাবে, যদি আন এখন মনে বিচৰা কলেজত পঢ়িবলৈ নাপায়, তেন্তে ইয়াতে থাকিব আৰু তাত যদি নামভৰ্তিৰ সুযোগ পায়, তেন্তে তালৈ যাব৷ যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নামভৰ্তিৰ সুযোগ পায় মনে বিচৰা কলেজখনত আৰু নামভৰ্তিৰ বাবে যায়, তেতিয়া নামভৰ্তি কৰিবলৈ নিদি এইবুলি কয় যে তুমি ইতিমধ্যে অমুক কলেজত নামভৰ্তি লৈ থৈছা৷ এতিয়া কথাটো হ’ল, পূৰ্বতে নামভৰ্তি লৈ থোৱা কলেজখনৰ পৰা নামভৰ্তি উঠাই ল’লে এতিয়াৰখনত সুযোগটো পোৱা উচিত, কিন্তু নাপায়৷ যিটোৰ আগতে সুবিধা আছিল৷ আৰু বিভিন্ন হাৰাশস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷ তেতিয়া না তেওঁলোকে কোনো শিক্ষা বিভাগৰ মানুহক লগ কৰিব পাৰিব না বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ কতৃৰ্পক্ষই কিবা সমাধান দিব৷ শেষত যোগ্যতা থকাৰ পাছতো নামভৰ্তিৰ পৰা বঞ্চিত হয়৷ আৰু বিভিন্ন সমস্যা সন্মুখীন হোৱা দেখিছোঁ, যিবোৰৰ স্পষ্ট নীতি-নিৰ্দেশনা সমৰ্থ তথা শিক্ষা বিভাগৰ জাননীসমূহত উল্লেখ নাথাকে; ইয়াৰ ফলত বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ কতৃৰ্পক্ষই assumptionত নিজাকৈ নোহোৱা-নোপজা নীতি-নিয়ম বনাই বহি থাকে আৰু ভুক্তভোগী হয় ছাত্ৰ-ছাত্ৰী৷ এইধৰণৰ অনিশ্চিত আৰু বিভ্ৰান্তিকৰ প্ৰযুক্তিগত ব্যৱস্থাই শিক্ষাৰ্থীৰ মানসিক চাপ বৃদ্ধি কৰিছে৷
এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত চৰকাৰে The Regional SAMARTH Suhport and Coordination Center [RSSCC] নামেৰে এটা সহায়ক কোষ গঠন কৰিছে৷ আশা কৰোঁ ই সঁচা অৰ্থত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হ’ব৷ শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰৰ মাজত অসম চুক্তিৰ ছয়নং দফা ৰূপায়ণ সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত হয়৷ আলোচনাৰ পাছতেই লোৱা মূল সিদ্ধান্তৰ মাজৰে এটা আছিল যে ৰাজ্যভাষা আইন নিখুঁতভাৱে কাৰ্যকৰী কৰা হ’ব৷ অসম চৰকাৰৰ সকলো নিৰ্দেশনা ১৪ এপ্ৰিলৰ পৰা অসমীয়াত প্ৰকাশ পাব৷ ইংৰাজীতো থাকিব৷
অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো আইন, অধিসূচনা, নিয়মাৱলী, নিৰ্দেশাৱলী অসমীয়া ভাষাতো প্ৰকাশৰ ব্যৱস্থা কৰিব৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা ব’হাগৰ পৰা জাননীসমূহ অসমীয়াত প্ৰকাশ হ’ব বুলি ঘোষণা কৰে৷ ইতিমধ্যে সমৰ্থত স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ ক্ষেত্ৰতো এখন ব্যৱহাৰকাৰীৰ হাতপুথি অসমীয়াৰ লগতে ইংৰাজীত প্ৰকাশ হোৱা দেখিবলৈ পাইছোঁ৷ চৰকাৰলৈ এইটোৱেই আহ্বান যে অনাগত দিনত শিক্ষা বিভাগ তথা বিশ্ববিদ্যালয়- মহাবিদ্যালয়ৰ পৰা প্ৰকাশ পাবলগীয়া প্ৰত্যেকখন জাননী অসমীয়াত যাতে প্ৰকাশ হয়, তাক সুনিশ্চিত কৰিব লাগে আৰু সমৰ্থৰ অসমীয়া ইণ্টাৰফেচ [আন্তঃপৃষ্ঠ]তো কাম হোৱা উচিত, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱহাৰৰ অনুকূল হ’ব৷
চৰকাৰে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন মাধ্যমৰ জৰিয়তে নতুন শিক্ষানীতি আৰু সমৰ্থৰ প্ৰচাৰ কৰিব লাগে৷ অভিযোগ প’ৰ্টেলৰ ওপৰত কাম কৰি ইয়াক অধিক কাৰ্যক্ষম কৰি তুলিব লাগে৷ সমৰ্থ আৰু নতুন শিক্ষানীতি অসমৰ শিক্ষাৰ নতুন দিশ৷ অসমত নতুন শিক্ষানীতি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাত আন্তঃগাঁথনিগত সমস্যা, অপৰ্যাপ্ত শিক্ষক প্ৰশিক্ষণ, পাঠ্যক্ৰম সংক্ৰান্তীয় সমস্যা, প্ৰশাসনিক অদক্ষতা আৰু ডিজিটেল প্লেটফৰ্মৰ সমস্যাই বাধাৰ সৃষ্টি কৰিছে৷
ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকেসকলে ২০২৫ৰ ভৰ্তিৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুত হওক৷ নথি-পত্ৰ সাজু কৰক, মাৰ্কশ্বীট, আধাৰ আৰু আয়ৰ প্ৰমাণপত্ৰকে ধৰি গুৰুত্বপূৰ্ণ কাগজ-পত্ৰসমূহ সাঁচি লওক৷ ঘৰতে নিজে প্ৰক্ৰিয়াসমূহ আগুৱাই নিয়াত যদি সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিকটতম কমিউনিটী ছাৰ্ভিচ চেণ্টাৰ বা চাইবাৰ কেফেৰ সহায় লওক৷
নামভৰ্তি সংক্ৰান্তীয় যিকোনো বিষয় জানিবলৈ হ’লে সেই বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ হেল্পলাইনত [যদি উপলব্ধ] যোগাযোগ কৰক, নহ’লে ইতিমধ্যে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত সহায়ক কোষসমূহৰ সৈতে যোগাযোগ কৰক৷ সমৰ্থ প’ৰ্টেলৰ দ্বাৰা পৰিচালিত আৰু নতুন শিক্ষানীতিৰ দ্বাৰা পৰিচালিত অসমৰ নামভৰ্তিৰ বতৰটোৱে শিক্ষাক সুযোগৰ দুৱাৰমুখলৈ ৰূপান্তৰিত কৰাৰ বাবে অপৰিসীম প্ৰতিশ্ৰুতি বহন কৰিছে৷ কল্পনা কৰক যে এখন দূৰৱৰ্তী গাঁৱৰ এজন ছাত্ৰই এন ই পিৰ দক্ষতাভিত্তিক পাঠ্যক্ৰমৰ জৰিয়তে জৈৱিক কৃষি বা ডিজিটেল বিপণন [ডিজিটেল মাৰ্কেটিঙ]ৰ দৰে বৃত্তিগত দক্ষতা আয়ত্ত কৰিছে, সমৰ্থৰ জৰিয়তে কলেজত নিৰৱচ্ছিন্নভাৱে আৱেদন কৰিছে, আৰু আত্মবিশ্বাসেৰে কেৰিয়াৰত ভৰি দিছে৷ কিন্তু এই পৰিকল্পনা বহুজনৰ বাবে এতিয়াও আধৰুৱা হৈ ৰৈছে– বিভিন্ন কাৰিকৰী ত্ৰুটিৰ লগতে এন ই পিৰ ১০০শতাংশ ৰূপায়ণৰ বাধা আৰু বহুতো অভাৱ তথা সমস্যাৰ বাবে৷
শেষত চৰকাৰলৈ এটাই আহ্বান যে এই বছৰ চলি থকা নামভৰ্তিৰ প্ৰক্ৰিয়াত কোনো এজন যোগ্য শিক্ষাৰ্থীয়ে যাতে শিক্ষা বিভাগ তথা বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ভুলৰ বাবে পছন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি কাঢ়া চকু ৰাখে যেন৷ লগতে
শিক্ষাৰ লগত জড়িত প্ৰতিটো দিশৰ আসোঁৱাহ দূৰ কৰিবলৈ অসম চৰকাৰে প্ৰয়াস চলাব লাগিব৷
এনে আসোঁৱাহসম্পন্ন এটা শিক্ষা বিভাগ লগত লৈ মুখ্যমন্ত্ৰীয়ে যদি অসমক দেশৰ প্তখন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত লৈ যোৱাৰ কথা ভাবিছে, বা যি পৰিকল্পনা কৰিছে সি এক অলৌকিক সপোনহে হৈ ৰ’ব৷






