Logo
image

গুৱাহাটীৰ বিবাহভৱনত ছুপাস্প্ৰেডাৰ কইনা

◾মহানগৰীৰ বিবাহ ভৱনতো অবাধ ভিৰ

◾মঙলদৈত বিয়া খাই অৰ্ধশতাধিক আক্ৰান্ত

আমাৰ অসম, ২৭ এপ্ৰিলঃ ক’ভিড সংক্ৰমণে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে ধোৱাচাঙত উঠিছে ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড প্ৰটোকল৷ ৰাজ্যত বিবাহ অনুষ্ঠানৰ দৰে কাৰ্যসূচীত সৰ্বাধিক ১০০ লোক উপস্থিত থাকিব পাৰিব বুলি এপ্ৰিলত চৰকাৰে জাৰি কৰা এছ অ’ পিত স্পষ্ট কৰি দিয়া হৈছিল৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশনা উলংঘা কৰি ৰাজ্যৰ সৰ্বত্ৰতে অব্যাহত আছে বিবাহ অনুষ্ঠান৷ যাৰ ফলত এনেদৰে বিবাহ অনুষ্ঠানত উপস্থিত থকা বহু লোক শেহতীয়াভাৱে ক’ভিডত আক্ৰান্ত হৈছে৷ মঙলদৈৰ হাজৰিকাপাৰাত অনুষ্ঠিত এখন বিয়াত উপস্থিত থকা প্ৰায় ৪৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যৰ অন্য অঞ্চলৰ কথাটো বাদেই খোদ গুৱাহাটী মহানগৰীতে ৰাজ্য চৰকাৰৰ এছ অ’ পিক বুঢ়া আঙুলি দেখুৱাই পূৰ্ণগতিত অব্যাহত আছে ইখনৰ পিছত সিখনকৈ জনসমাগম পূৰ্ণ বিবাহ অনুষ্ঠান৷ জি এছ ৰোডৰ দুয়োকাষে থকা বিলাসী বিবাহ ভৱন সমূহত অব্যাহত আছে জাক জমকতাপূৰ্ণ বিবাহ অনুষ্ঠান৷ ১০০ জনকৈ অধিক লোক বিবাহ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব বুলি চৰকাৰে নীতি-নিৰ্দেশনা জাৰি কৰিলেও গুৱাহাটীৰ একাংশ অভিজাত বিবাহ ভৱনত দেওবাৰে নিশাও অনুষ্ঠিত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত য’ত উপস্থিত থাকে শতাধিক লোক৷ এই বিবাহ অনুষ্ঠানসমূহত সামাজিক দূৰত্ব, মুখত মাস্ক আদিৰ দৰে ক’ভিড প্ৰট’কলৰ কোনো চিন মোকামে নাই৷ সন্ধিয়া ৬ বজাৰ পিছত দোকান বজাৰ বন্ধ হৈ যোৱাৰ ফলত ৰাজপথসমূহ প্ৰায়ে জনশূন্য হৈ পৰে যদিও বিবাহ ভৱন সমূহ কিন্তু পূৰ্ণ গতিত অব্যাহত থাকে বিবাহ অনুষ্ঠান৷ নিশা পৰ্যন্ত চলি থাকে বিবাহ কাৰ্য৷ তথ্য অনুসৰি বিবাহ ভৱন সমূহৰ সৈতে থকা আৰক্ষী প্ৰশাসনৰ গোপন বুজাবুজিৰ ফলতে ক’ভিড প্ৰট’কল আৰু এছ অ’ পি উলংঘা কৰি অনুষ্ঠিত হৈ আছে ইখনৰ পিছত সিখনকৈ জন সমাগমপূৰ্ণ বিবাহ অনুষ্ঠান৷ আৰক্ষী প্ৰশাসনক মেনেজ কৰাৰ সুবাদতে চকুৰ সন্মুখতে এছ অ’ পি উলংঘা কৰাৰ পিছতো বিবাহ ভৱনসমূহৰ এনে দুষ্কাৰ্য চকুত নপৰে আৰক্ষীৰ৷ অথচ ক’ভিড বিধি উলংঘাৰ অভিযোগ সাধাৰণ ৰাইজৰ পৰা দৈনিক হাজাৰ হাজাৰ টকা জৰিমনা আদায় কৰি আছে আৰক্ষীৰ লোকে৷ দেওবাৰে গুৱাহাটীৰ অভিজাত বিবাহ ভৱন এটাত অনুষ্ঠিত বিবাহৰ অনুষ্ঠানৰ পিছতে কইনাগৰাকী ক’ভিড পজিটিভ হয়৷ কেৱল জনসমাগমে নহয়, বিবাহ অনুষ্ঠান সমূহত পূৰ্বৰ দৰে আটচবাজী, বেণ্ডপাৰ্টী আদিৰো বহুল ব্যৱহাৰ হৈ আছে৷ গুৱাহাটীৰ সমান্তৰালভাৱে ৰাজ্যৰ অন্যান্য স্থানতো বিবাহ অনুষ্ঠান সমূহত মুকলিভাৱে উলংঘা হৈ আছে ক’ভিড নীতি-নিৰ্দেশনা৷ যাৰ ফলত এনে বিবাহ অনুষ্ঠানত লোক ক’ভিড আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে৷ অথচ বিবাহ অনুষ্ঠানৰ বাবে আৰক্ষীৰ পৰা আগতীয়াকৈ লিখিত অনুমতি ল’ব লাগে৷ আৰক্ষীও নিৰীক্ষণ কৰিব লাগে বিবাহ অনুষ্ঠানসমূহ৷

বিবাহ অনুষ্ঠানত ভাগ লোৱা ৪৫ জন পজিটিভ

ছিপাঝাৰ বিধানসভা সমষ্টিৰ হাজৰিকাপাৰা অঞ্চলত পুনৰ বহু লোক ক’ভিড আক্ৰান্ত হিচাবে চিনাক্ত হৈছে৷ প্ৰকাশ যে বিগত ২ ব’হাগত অঞ্চলটোৰ এটা পৰিয়ালত অনুষ্ঠিত হৈছিল এখন বিবাহ৷ এই বিবাহত উপস্থিত থকা একাংশ লোক সামান্য কাহ-জ্বৰত আক্ৰান্ত হৈছিল৷ এনেকৈ জ্বৰ-কাহত আক্ৰান্ত হোৱা লোকসকল চিকিৎসকৰ কাষ চপাত তেওঁলোকৰ ক’ভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰ ৭ জন লোকৰ দেহতে ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰে৷ অঞ্চলটোৰ সেই বিয়াখনত উপস্থিত থকা লোকসকলৰ সংস্পৰ্শলৈ অহা আন একাংশলোককো ২৩ এপ্ৰিলত ক’ভিড পৰীক্ষা কৰাত ইয়াৰ ১৭ জনলোক ক’ভিড আক্ৰান্ত হিচাবে চিহ্নিত হয়৷  অঞ্চলটোত পুনৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰাত ২৫ এপ্ৰিলত নতুনকৈ ১১ জনৰ দেহত ক’ভিডৰ বীজানু ধৰা পৰে৷ আজি ২৬ এপ্ৰিলত অঞ্চলটোৰ অন্য ৪৫জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ৰ উপস্থিতি৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উক্ত এলেকা কণ্টেইণ্টমেন জ’ন হিচাপে চিহ্নিত কৰা হৈছে৷ আজি দৰং জিলাত ১৪০জন ক’ভিড আক্ৰান্ত হিচাবে চিনাক্ত হৈছে৷ সম্প্ৰতি জিলাখনৰ ৪০২জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ৫২জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৩৪৯জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে৷

শ্ৰীৰামপুৰৰ বৰযাত্ৰীৰে ভৰিছে ক’ভিড চেষ্টিং কেন্দ্ৰ

অসমৰ প্ৰৱেশ পথ তথা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ ক’ভিড চেষ্টিং কেন্দ্ৰ আজি বিয়াৰ ৰভাস্থলীত পৰিণত হৈছে৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ উপৰি অন্যান্য প্ৰান্তৰ পৰা আজি বহু বিবাহ যাত্ৰীৰ গাড়ী আহে শ্ৰীৰামপুৰ ক’ভিড টেছটিং কেন্দ্ৰত৷ পূবৰ তুলনাত আজি বহিঃৰাজ্যৰ পৰা অহা লোকৰ পৰিবৰ্তে দৰাসহ বৰযাত্ৰীৰে ভৰি পৰিছে শ্ৰীৰামপুৰ কভিড কেন্দ্ৰ৷ বিবাহ কৰিবলৈ যোৱাৰ বাবে অসমত পদাৰ্পন কৰা বৰযাত্ৰী সকলে নিজে নিজে কভিড টেষ্ট কৰা দেখা গৈছে৷  আজি পুৱাৰ ভাগত শ্ৰীৰামপুৰত অহা প্ৰতিখন বাছ, সৰু বাহন আছিল বিবাহ৷ পশ্চিম বংগৰ বিভিন্ন জিলাৰ পৰা অহা বৰযাত্ৰী সকলে কৰিলে ক’ভিড টেষ্ট৷ আন কোনো নহয় কেৱল ক’ভিড টেছটিং কেন্দ্ৰত বিবাহ যাত্ৰীৰে ভৰি থকাত ইয়াৰ সৌন্দৰ্য্য ব্যতিক্ৰম হৈ পৰে৷ আজিৰ দিনটোৰ বাবে শ্ৰীৰামপুৰ ক’ভিড টেষ্টিং কেন্দ্ৰ বিয়া ঘৰত পৰিণত হয়৷ যিসকলে কেতিয়াও ক’ভিড পৰীক্ষা কৰা নাই সিহঁতেও আজি বিবাহ কৰিবলৈ যাওঁতে ক’ভিড পৰীক্ষা কৰে৷