
শিক্ষা বিভাগৰ ভুলৰ বাবেই কাট অফ মাৰ্কক লৈ বিড়ম্বনা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুনঃ নাও বুৰিলেও টিঙৰ পৰা নানামে মাধ্যমিক শিক্ষা বিভাগ৷ মাধ্যমিক শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ বাবেই সংৰক্ষণৰ নামত টে’ট পৰীক্ষাত ন্যূনতম ৩০শতাংশ নম্বৰো পাবলৈ সক্ষম নোহোৱা একাংশ প্ৰাৰ্থীক এতিয়া হাইস্কুলৰ বিষয় শিক্ষক হিচাপে নিযুক্তি দিবলৈ সাজু হৈছে৷ মাধ্যমিক শিক্ষা বিভাগে ১৪০ নম্বৰৰ বাবে অনুষ্ঠিত কৰা ‘টে’ট কাম-ৰিকুইটমেণ্ট’ৰ পৰীক্ষাত বিষয় আৰু মাধ্যম ভেদে বাছনি তালিকাত মাত্ৰ ২ নম্বৰ, ৭ নম্বৰ, ১০ নম্বৰ, ১৯ নম্বৰৰ কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰাত বিড়ম্বনাৰ সৃষ্টি হৈছে৷ নক’লেও হ’ব যে, ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ গুৰু দায়িত্ব বহন কৰে শিক্ষক সমাজে৷ কিন্তু সেই শিক্ষকৰে যেতিয়া শৈক্ষিক যোগ্যতাক লৈ আস্থা নোহোৱা হৈ পৰে, তেনেহ’লে সেইসকল শিক্ষাগুৰুৰে কি দৰে মানৱ সম্পদ গঢ় দিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ সোমবাৰে মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰিছিল হাইস্কুলৰ স্নাতক শিক্ষক পদৰ টে’ট-কাম-ৰিকুইটমেণ্ট পৰীক্ষাৰ ফলাফল৷ ৭৫৮৮ টা স্নাতক শিক্ষক পদৰ এই টে’ট পৰীক্ষাৰ ফলাফলৰ কাট অৱ মাৰ্ক ঘোষণা কৰাৰ পাছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কিয়নো ১৪০ নম্বৰৰ বাবে অনুষ্ঠিত পৰীক্ষাটোত গণিত শিক্ষক পদৰ বাবে সংৰক্ষিত আসনত ন্যূনতম ২.২৫ নম্বৰ কাট অৱ মাৰ্ক ধাৰ্য কৰাত স্বাভাৱিকতেই সকলোৰে চকু কঁপালত উঠিছে৷ গণিত শিক্ষকৰ দৰে সংস্কৃত শিক্ষক পদতো সংৰক্ষিত আসনত ন্যূনতম কাট অৱ মাৰ্ক ধাৰ্য কৰে ৭.৫০ নম্বৰ৷
একেদৰে বিজ্ঞান শিক্ষক পদতো সংৰক্ষিত আসনত ন্যূনতম কাট অৱ মাৰ্ক হৈছে ১৯.৭৫ নম্বৰ৷ তদুপৰি কলা বিভাগৰ শিক্ষক পদত সংৰক্ষিত আসনৰ বিপৰীতে ন্যূনতম কাট অৱ মাৰ্ক ধাৰ্য কৰে ১১ নম্বৰ৷ শিক্ষকক নিযুক্তিত সংবিধানপদত্ত সংৰক্ষণ ব্যৱস্থা বলৱৎ কৰাত কাৰোৰে আপত্তি থাকিব নোৱাৰে যদিও ১৪০ নম্বৰ পৰীক্ষাটোত মাত্ৰ ২ নম্বৰ, ৭ নম্বৰ, ১০ নম্বৰ, ১৯ নম্বৰ লাভ কৰা প্ৰাৰ্থীকো শিক্ষকতাৰ চাকৰিৰ বাবে বাছনি কৰাত স্বাভাৱিকতেই সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে৷ কিয় টে’ট পৰীক্ষাটোত প্ৰাৰ্থীৰ যোগ্যতা অৰ্জনৰ বাবে উমৈহতীয়া ন্যূনতম প্ৰাপ্ত নম্বৰ ধাৰ্য কৰা হোৱা নাই, সেই লৈ সকলোৱে আপত্তি কৰিছে৷ শিক্ষাৰ সংস্কাৰ সাধন কৰা বুলি ফটা ঢোল কোবোৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বাধীন মাধ্যমিক শিক্ষা বিভাগে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ দৰে স্নাতক শিক্ষক নিযুক্তিৰ টে’ট পৰীক্ষাত বাছনি লাভ কৰিবলৈ যোগ্যতা অৰ্জনৰ বাবে অতি কমেও ৩০ শতাংশ নম্বৰ ধাৰ্য কৰিব পৰিলেহেঁতেন যদিও মাধ্যমিক শিক্ষা বিভাগে চৰম দায়িত্বহীনতাৰ পৰিচয় দি নিযুক্তিৰ বিজ্ঞাপন তেনে কোনো চৰ্ত আৰোপ নকৰিলে৷ আনকি কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰি ফলাফল প্ৰকাশত পূৰ্বেও শিক্ষা বিভাগে টে’ট পৰীক্ষাটোত বাছনি লাভৰ বাবে যোগ্যতাসূচক নম্বৰ ধাৰ্য কৰি নতুন নিৰ্দেশনা জাৰি কৰাৰ স্থল আছিল যদিও মাধ্যমিক শিক্ষা সঞ্চালকে সেই সুযোগো গ্ৰহণ নকৰিলে৷
কিন্তু হাইস্কুলৰ শিক্ষক নিযুক্তিৰ ফলাফল তালিকাই শিক্ষকৰ নামত বছৰ বছৰলৈ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত ধবংস কৰি পেলোৱাৰ আশংকা থকা একাংশ ‘যোগ্যতাহীন’ প্ৰাৰ্থীক নিযুক্তি দিবলৈ লোৱাৰ পাছতো যেন নাও বুলিলে টিঙৰ পৰা নামিব বিচৰা নাই মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে৷ এই সন্দৰ্ভত সঞ্চালক মমতা হোজাইক প্ৰশ্ন কৰাত দায়সৰা মন্তব্যৰে সাংবিধানিক সংৰক্ষণ ব্যৱস্থা কথা কৈ বিষয়টোক গৌণ কৰাৰহে চেষ্টা কৰে৷ সঞ্চালক হোজায়ে সংবিধানত সংৰক্ষণ ব্যৱস্থা থকাত কাট অৱ মাৰ্ক হ্ৰাস হ’লেও আবেদনকাৰী প্ৰাৰ্থীক নিযুক্তি দিবলৈ শিক্ষা বিভাগ বাধ্য বুলিহে উদ্ভট যুক্তি দিয়ে৷ কিয় শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী নম্বৰ ধাৰ্য কৰা হোৱা নাই বুলি প্ৰশ্ন কৰাত মাধ্যমিক শিক্ষা বিভাগৰ মূৰব্বীগৰাকীয়ে নিজৰ দায়িত্ব এৰাই চলি টে’ট-কাম ৰিকুইণ্টমেণ্ট পৰীক্ষা সঞ্চালকালয়ে পৰিচালনা কৰা নাই বুলিহে মন্তব্য কৰে৷
এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক হোজায়ে হাইস্কুল শিক্ষক নিযুক্তিৰ টে’ট পৰীক্ষাত প্ৰাৰ্থীৰ আবেদনৰ বাবে স্নাতক শ্ৰেণীত ৫০ শতাংশ নম্বৰ বাধ্যতামূলক কৰাত বাছনি তালিকাত কাট অৱ মাৰ্ক হ্ৰাস পালেও প্ৰাৰ্থীৰ যোগ্যতাক লৈ সন্দেহ কৰাৰ অৱকাশ নাথাকে বুলিহে স্থিতি স্পষ্ট কৰিছে৷ ইফালে মাধ্যমিক শিক্ষা সঞ্চালকৰ দৰেই শিক্ষা মন্ত্ৰীয়ো গুৰুত্বপূৰ্ণ বিষয়টো সংবাদ মাধ্যমৰ পৰা এৰাই চলাৰ চেষ্টা কৰা দেখা গৈছে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত টে’ট পৰীক্ষাত নিগেটিভ নম্বৰ থকাৰ বাবে কাট অৱ মাৰ্ক হ্ৰাস পোৱাৰ আজৱ যুক্তি দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ দায়সৰা মন্তব্যৰে শিক্ষামন্ত্ৰী পেগুৱে ৭৫৮৮টা পদৰ বাবে অনুষ্ঠিত কৰা টে’ট পৰীক্ষাটোত যোগ্য প্ৰাৰ্থীৰ অভাৱত ১,৩৫২টা পদ পূৰণ কৰিব নোৱাৰিব বুলিও আওপকীয়াকৈ বাছনিকৃত প্ৰাৰ্থীসকলে সমৰ্থন কৰে৷
স্নাতকোত্তৰ শিক্ষকৰ বাবে দ্বিতীয় বাছনি তালিকা প্ৰকাশৰ দাবী বঞ্চিত প্ৰাৰ্থীৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ বিজ্ঞাপনৰ চৰ্ত অনুসৰি মাধ্যমিক শিক্ষা বিভাগক স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ মেধা ভিত্তিক দ্বিতীয় বাছনি তালিকা প্ৰকাশৰ দাবী জনাইছে বঞ্চিত প্ৰাৰ্থীয়ে৷ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি একাংশ বঞ্চিত প্ৰাৰ্থীয়ে স্নাতকোত্তৰ শিক্ষক পদৰ খালী পদৰ বিপৰীতে ১ঃ১ৰ ভিত্তিত দ্বিতীয়খন বাছনি তালিকা প্ৰকাশৰ দাবী জনায়৷ বঞ্চিত প্ৰাৰ্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকলৈ এই দাবীক লৈ স্নাৰক-পত্ৰ প্ৰেৰণৰ কথা সদৰী কৰি কয় যে বিগত ৩০ মে’ত স্নাতকোত্তৰ শিক্ষকৰ ‘টে’ট-কাম-ৰিকুইটমেণ্ট’ পৰীক্ষাৰ মেধাৰ তালিকা প্ৰকাশ কৰা হৈছিল৷ সেই ফলাফল অনুসৰি বৰ্তমান নথি পৰীক্ষণৰ কাম অব্যাহত আছে৷ স্নাতকোত্তৰ শিক্ষক বাছনিৰ মাপকাঠীৰ অধীনত নং-২(ই) আৰু (১) চৰ্ত অনুসৰি বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ‘টে’টসহ নিযুক্তি পৰীক্ষাত যোগ্য প্ৰাৰ্থীৰ সংখ্যা বিজ্ঞাপন দিয়া খালী পদৰ ১ঃ১ অনুপাতত হ’ব লাগিব৷
যদি কোনো পদৰ অনুপাত অনুসৰি প্ৰথম মেৰিট তালিকা প্ৰকাশৰ পাছতো কোন পদ খালী হৈ থাকে তেনেহ’লে ১ঃ১ তাত দ্বিতীয়খন মেৰিট লিষ্ট প্ৰকাশ কৰা হ’ব৷ কিন্তু এতিয়ালৈকে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হোৱা নাই যদিও বিজ্ঞাপন অনুসৰি প্ৰয়োজনীয় নথি-পত্ৰ দাখিল নকৰাৰ বাবে প্ৰথম নিৰ্বাচিত তালিকাৰ পৰা কেইবাজনো প্ৰাৰ্থীয়ে প্ৰত্যাখ্যান কৰিছে৷ নিজৰ প্ৰয়োজনীয় অৰ্হতা সম্পূৰ্ণ কৰা নাছিল বাবেই বহু সংখ্যক প্ৰাৰ্থীৰ যোগ্যতা নাকচ হৈছে বুলি জানিব পৰিছো৷ আনহাতে, বিজ্ঞাপনত উল্লেখ কৰা হৈছে যে স্নাতকোত্তৰ শিক্ষক পদৰ বাবে নিৰ্বাচিত হোৱাসকলক স্নাতক শিক্ষক পদৰ বাবে বিবেচনা কৰা নহ’ব৷ যদি এই বিজ্ঞাপন দুটা ইমানেই সংযুক্ত হয় তেন্তে স্নাতকোত্তৰ শিক্ষক পদৰ বাবে নাকচ কৰা প্ৰাৰ্থীৰ বিপৰীতে আন প্ৰাৰ্থীক অন্তৰ্ভুক্ত নকৰাৰ কাৰণ আমি বুজিব পৰা নাই৷ যদি এটা বিজ্ঞাপনৰ বাবে এফআৰবিএম আইন প্ৰযোজ্য হয়, তেন্তে আনটোৰ বাবেও প্ৰযোজ্য হ’ব লাগে৷