Logo
image

আধুনিক যুদ্ধ উভয়পক্ষ বিজয়ী

যুদ্ধৰ চৰিত্ৰ একেবাৰে সলনি হৈ গ’ল৷ ইজৰাইল আৰু ইৰানৰ  যুদ্ধ শেষ হ’ল৷ যুদ্ধবিৰতি ঘোষণা হ’ল৷ দুয়োখন দেশে নিজকে বিজয়ী বুলি ঘোষণা কৰিলে৷ তাতোকৈ বেছিকৈ নিজকে বিজয়ী বুলি ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ ইমানদিনে প্ৰতিষ্ঠিত ধাৰণা আছিল যে যুদ্ধত এটা পক্ষৰ জয় হয়, আনটো পক্ষৰ পৰাজয় হয়, অথবা যুদ্ধ দীঘলীয়াকৈ চলি থাকে আৰু দুয়োটা পক্ষ ৰসাতললৈ যোৱাৰ পাছত ইয়াৰ সামৰণি পৰে৷ ইজৰাইলে ইৰান আক্ৰমণ কৰিলে, ইৰানে প্ৰত্যুত্তৰ দিলে৷ তাৰ পাছত আমেৰিকাই ইৰানৰ আণৱিক গৱেষণা কেন্দ্ৰত বোমা পেলালে, ইয়াৰ প্ৰত্যুত্তৰত ইৰানে কাটাৰত থকা আমেৰিকাৰ সেনা ঘাটিত আক্ৰমণ চলালে৷ যুদ্ধখন ভয়ংকৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িল, আন দেশ জড়িত হৈ পৰাৰ আশংকাই দেখা দিলে৷ কিন্তু তাৰ পাছতেই হঠাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিলে যে ইজৰাইল আৰু ইৰানে যুদ্ধবিৰতি কৰিবলৈ সিদ্ধান্ত  লৈছে৷ আৰম্ভণিতে কিছু সন্দেহ-শংকা উৎপন্ন হ’ল, কিন্তু শেষত সঁচাকৈয়েই যুদ্ধৰ সামৰণি পৰিল৷ ইজৰাইল, ইৰান আৰু আমেৰিকাৰই নিজকে বিজয়ী বুলি ঘোষণা কৰিলে৷ আমেৰিকাই ইৰানৰ আণৱিক গৱেষণা কেন্দ্ৰত বোমা পেলালে, কিন্তু ইৰানৰ আমেৰিকাৰ মাটিত আক্ৰমণ কৰিব পৰাকৈ শক্তি-সামৰ্থ্য নাই, তেনে প্ৰযুক্তি নাই৷ গতিকে ইৰানে ওচৰতে থকা দেশ কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলালে৷ ইয়াৰ ফলত ইৰানে একেলগে কাটাৰ আৰু আমেৰিকা এই দুয়োখন দেশৰেই সাৰ্বভৌমত্ব উলংঘা কৰিলে৷ কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰা মানে আমেৰিকাক আক্ৰমণ কৰাৰ সমতুল্য৷ কিন্তু কাটাৰে ইৰানক প্ৰত্যাক্ৰমনেৰে প্ৰত্যুত্তৰ নিদিলে, বৰং কাটাৰে যুদ্ধবিৰতিৰ বাবেহে প্ৰচেষ্টা চলালে৷ বাতৰি প্ৰকাশ হ’ল যে ইৰানে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত মিছাইল আক্ৰমণ কৰিব বুলি কাটাৰক আগতীয়াকৈ জনাইছিল৷ কাটাৰক যদি জনাইছিল, কাটাৰে নিশ্চয় আমেৰিকাক জনাইছিল৷ সামৰিক ঘাটিটোৰ পৰা আমেৰিকাৰ সামৰিক বিমান আৰু আন সকলো সা-সামগ্ৰী আঁতৰাই পেলোৱা হৈছিল৷ একপ্ৰকাৰ আমেৰিকাৰ পৰোক্ষ অনুমতি আৰু সহযোগিতাৰে ইৰানে কাটাৰৰ মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ কৰিছিল৷ তাৰ পাছত যুদ্ধখন বাঢ়ি যাব লাগিছিল, কিন্তু লগে লগে শান্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ট্ৰাম্পে ইৰানতকৈ ইজৰাইলৰ ওপৰতহে যুদ্ধ বন্ধ  কৰিবলৈ প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰিছিল৷ সকলোখিনি যেন এখন আগতে লিখি লোৱা চিত্ৰনাট্য অনুসৰি ৰূপায়ণ কৰা নাটকহে আছিল৷ যুদ্ধবিৰতি ঘোষণা হৈছিল আৰু সকলোৱে নিজকে বিজয়ী বুলি ঘোষণা কৰিছিল৷ মাত্ৰ কিছুদিনৰ আগতে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি কৰোৱাৰ বাবে সমগ্ৰ পৃথিৱীতে নিজে কৃতিত্ব দাবী কৰি থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰু এখন যুদ্ধ বন্ধ কৰাৰ কৃতিত্ব দাবী কৰিছিল৷ ট্ৰাম্প এতিয়া শান্তিৰ নোবেল বটাৰ দাবীদাৰ৷

যুদ্ধৰ ৰূপ সলনি হৈছে৷ ইজৰাইল-ইৰান যুদ্ধত দুয়োখন দেশৰ সেনাবাহিনীৰ মুখামুখি সংঘৰ্ষ হোৱা নাই৷ দুয়োখন দেশৰ মাজত কোনো উমৈহতীয়া সীমা নাই, দুয়োখন দেশ ২০০০ কিলোমিটাৰ আঁতৰত, মাজতে আন দেশ আছে৷ দুয়োখন দেশৰ মাজত সেয়েহে আধুনিক প্ৰযুক্তি নিৰ্ভৰ ক্ষেপণাস্ত্ৰৰ যুদ্ধ হৈছে বা বিমান আক্ৰমণ হৈছে৷ হতাহতসকলৰ সৰহখিনিয়েই অসামৰিক সাধাৰণ নাগৰিক৷ কেইদিনমানৰ আগতে ইউক্ৰেইনে ৰাছিয়াত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাই দেখুৱাই দিছিল যে সাধাৰণ কম মূল্যৰ ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰি৷ যুদ্ধ প্ৰযুক্তিনিৰ্ভৰ হৈ পৰাৰ লগে লগে যুদ্ধৰ চৰিত্ৰ সলনি হৈছে আৰু কোন শক্তিশালী, কোন দুৰ্বল তাক নিৰ্ণয় কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰে জৈৱিক সেনাৰ সলনি ৰবট সেনা নিৰ্মাণ সম্ভৱ হৈ উঠিছে৷ ড্ৰোনবোৰ একোটা যন্ত্ৰ সেনা, যাক হাজাৰ কিলোমিটাৰ দূৰত থকা নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰি৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰে স্বয়ংক্ৰিয় অস্ত্ৰ প্ৰণালী নিৰ্মাণ সম্ভৱপৰ হৈ উঠিছে, যিটো অস্ত্ৰ প্ৰণালীয়ে কাক কেতিয়া কেনেকৈ আাক্ৰমণ কৰিব লাগে, সেই সিদ্ধান্ত কোনো মানুহৰ সহায় অবিহনে নিজে ল’ব পাৰিব৷ বাতৰি প্ৰকাশ হৈছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বহু সিদ্ধান্ত লোৱাৰ বাবে মানুহৰ মগজুতকৈ এলগৰিড্‌মৰ গণনা আৰু সিদ্ধান্তৰ ওপৰত অধিক ভৰসা কৰা হৈছে৷ আমি প্ৰযুক্তিৰ জোৰত এনে এটা যুগত উপনীত হৈছোঁহি নেকি য’ত কোনো পক্ষই যুদ্ধত সম্পূৰ্ণ বিজয় সাব্যস্থ কৰা অসম্ভৱ হৈ পৰিছে? 

পৰম্পৰাগত ধাৰণা অনুসৰি যুদ্ধত এটা পক্ষৰ জয় আৰু আনটো পক্ষৰ পৰাজয় হয়৷ আনহাতে, ব্যৱসায়িক লেনদেনত দুয়োপক্ষই লাভৱান হয় বা দুয়োপক্ষৰে জয় হয়৷ কিনোতাই নিজে বিচৰা সামগ্ৰী পায়, বেচোঁতাই নিজে বিচৰা মূল্য পায়৷ কিন্তু শেহতীয়া ভাৰত-পাকিস্তান আৰু ইজৰাইল-ইৰান-আমেৰিকা-কাটাৰ যুদ্ধত দেখা গ’ল যে যুদ্ধতো সকলো পক্ষৰে জয় হৈছে৷ ভাৰত-পাকিস্তান দুয়োখন দেশতে বিজয় উৎসৱ পালন হৈছে৷ কোনো পৰাজয়ৰ গ্লানিৰে, বিষাদেৰে বিধবস্ত হোৱা নাই৷ একেদৰে ইজৰাইল-ইৰানতো বিজয়োৎসৱ পালন হৈছে৷ কোনো পৰাজিত হোৱা নাই৷ আৰু দুয়োখন যুদ্ধতে সকলো পক্ষকে জয়ী কৰাৰ বাবে আটাইতকৈ বেছিকৈ কৃতিত্ব দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷

যুদ্ধবোৰৰ যদি এনেদৰে সোনকালে ইতি পৰে আৰু ব্যৱসায়িক লেনদেনৰ দৰে যদি সকলো পক্ষৰ জয়েৰে যুদ্ধৰ ইতি পৰে, তেতিয়াহ’লে কিনো বেয়া? পৃথিৱীয়ে দুখনকৈ বিশ্বযুদ্ধ দেখিছে৷ ১৬১৮ চনৰ পৰা ১৬৪৮ চনলৈ ইউৰোপৰ ভয়ংকৰ ক্ষতি কৰা ৩০ বছৰীয়া যুদ্ধ দেখিছে৷ তাতকৈ যদি কম দিনতে আন কোনোবাই লিখা চিত্ৰনাট্যৰ ৰূপায়ণেৰে যুদ্ধবোৰৰ সপ্তাহ-দুসপ্তাহত অন্ত পৰে, কম ক্ষয়-ক্ষতি আৰু নূ্যনতম মৃত্যুৰে অন্ত পৰে, তেতিয়া সেই চিত্ৰনাট্য যিয়েই ৰচনা নকৰক কিয়, যুদ্ধৰ সমাপ্তিক আদৰণি জনোৱাই মংগলজনক৷