Logo
image

ইউৰিক এচিডৰ পৰা ৰক্ষা পাবলৈ কি কৰিব

আমাৰ অসম বিশেষঃ ইউৰিক এচিড একপ্ৰকাৰে ৰাসায়নিক দ্ৰব্য, যি খাদ্য হজম কৰাৰ সময়ত শৰীৰত উৎপন্ন হয়৷ ই ‘পিউৰিনছ’ নামৰ এক ভয়ানক এমিন’ এচিড৷ বিশ্বৰ প্ৰায় চাৰি কোটি মানুহে দিনৌ এই ইউৰিক এচিডৰ সমস্যাত ভুগী আছে৷ প্ৰায় ১৫ লাখ মানুহ ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষত শয্যাশায়ী৷ বিশেষজ্ঞসকলৰ মতে যিসকলে প্ৰচুৰ পৰিমাণে মাছ-মাংস খায় তেওঁলোকৰ ইউৰিক এচিড বাঢ়ি যোৱাৰ মাত্ৰা বেছি৷ বহুলোকে বিলাহী বৰ্জন কৰাও দেখা যায়৷ অৰ্থাৎ বিলাহীতো ইউৰিক এচিড থাকে৷ মদ্যপান আৰু কাৰ্বোনেটেড কোলা জাতীয় ঠাণ্ডা পানীয় খালেও ইউৰিক এচিড বাঢ়ে৷ স্বাভাৱিকতকৈ ওজন বৃদ্ধি হ’লেও ইউৰিক এচিডৰ সমস্যাত ভোগা দেখা যায়৷ অনেক ক্ষেত্ৰত দেখা যায় এই সমস্যাটো আকৌ বংশগত৷ ৩০-৫০ বছৰ বয়সীয়া লোকৰ ইউৰিক এচিডৰ মাত্ৰা বেছি৷ অনিয়ন্ত্ৰিত ৰক্তচাপ, ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, কিডনীৰ অসুখ থাকিলেও ইউৰিক এচিড বাঢ়ি যাব পাৰে৷ সময়ৰ লগে লগে অস্থিসন্ধিত ইউৰিক এচিড জমা হয় আৰু গাঁঠি ফুলি যায়, লগতে অসহনীয় বিষ আৰম্ভ হয়৷

ইউৰিক এচিডৰ পৰা কিদৰে পৰিত্ৰাণ পাব৷ জানো আহক–

[১] কৃত্ৰিম ৰং, চেনি, ছিৰাপ একেবাৰে বন্ধ কৰা উচিত৷ কোলা জাতীয় পানীয়, জেলী, জাম, জুছ আদিৰ পৰা বিৰত থাকক৷ স্নেকড আৰু কৰ্ণ ফুড বৰ্জন কৰক৷

[২] সাগৰীয় মাছ খোৱাৰ পৰা বিৰত থাকক৷ আচাৰ, চানাচুৰ, ৰাজমাহ, পুৰৈ শাক, ছাগলী মাংস, মচুৰ দাইল আদিয়ে ইউৰিক এচিড বঢ়ায়৷

[৩] মাছ-মাংস-কণী খাওক, কিন্তু কম পৰিমাণে৷ বিশেষজ্ঞসকলৰ মতে মাছ খালেও মাছৰ মূৰটো আৰু মাংস খালেও চৰ্বি অংশ বাদ দিয়ক৷ তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গ’লে পাথৰ হোৱাৰ আশংকা থাকে৷ সেয়ে যিমান পাৰে পানী খাওক৷ অন্ততঃ দিনৌ তিনি-চাৰি লিটাৰ৷

[৪] তেল, মচলা কমকৈ খাওক৷ ব্ৰেড, গাখীৰ এৰাই চলিব পাৰিলে ভাল৷ খাদ্যৰ তালিকাৰ পৰা এলকহল সম্পূৰ্ণৰূপে বাদ দিয়ক৷

[৫] ওজন নিয়ন্ত্ৰণত ৰাখক৷ জিমখানালৈ যোৱা, সাতোঁৰা, ব্যায়াম কৰা প্ৰতিদিনে ৰুটিনত ৰাখক৷ খাদ্যৰ তালিকাত ভিটামিন ‘চি’ ৰাখিব৷ নেমু খাওক৷ মনত ৰাখিব ভিটামিন ‘চি’ ইউৰিক এচিডৰ মহৌষধ৷