Logo
image

উক্তি-বক্ৰোক্তি

সংবিধানৰ প্ৰস্তাৱনা সলনি কৰিব নোৱাৰি৷ ভাৰতৰ সংবিধানৰ বাহিৰে পৃথিৱীৰ আন কোনো সংবিধান সলনি কৰা হোৱা নাই৷ সংবিধানৰ প্ৰস্তাৱনা হৈছে আত্মা৷ জৰুৰী অৱস্থাৰ সময়ত ১৯৭৪ চনত আইনৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনা সলনি কৰি সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, অখণ্ডতা শব্দসমূহ অন্তৰ্ভুক্ত কৰাটো ভুল হৈছিল৷ 

– উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

আপুনি পঢ়িব নাজানে৷ আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ সৈতে মই কথা নাপাতো৷ আপোনাৰ মালিকক ক’ব, মোক সুধিবলৈ মই তেওঁক উত্তৰ দিম৷ 

– মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

তেওঁৰ দেশ অধঃপাতে গৈছিল৷ ইৰানৰ তিনিটা পৰমাণুকেন্দ্ৰ আমি ধবংস কৰি দিছিলোঁ৷ আয়াতোল্লা আলী খামেনেই ক’ত লুকাই আছে মই জানিছিলোঁ৷ তেওঁক আমি নিধন নকৰিলোঁ৷ তেওঁক হত্যাৰ সিদ্ধান্ত লোৱা হ’লে খামেনেইয়ে বীভৎস মৃত্যু সাৱটি ল’বলগীয়া হ’লহেঁতেন৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত মোৰ কথা হৈছিল৷ তেখেতে মনৰ পৰা কথাটো কোৱা নাছিল৷ মোক কৈছে– তেখেতে ক’ব খুজিছিল, যিজনে প্ৰশ্ন কৰিছিল, তেওঁ জয়ন্ত মল্ল বৰুৱাতকৈ বয়সত যথেষ্ঠ সৰু৷ উচ্ছ-নীচ বুলি বুজাব খোজা নাছিল৷ তেখেতে কৈছিল, প্ৰশ্ন সোধাজন যথেষ্ঠ সৰু ল’ৰা, সেয়ে তেওঁ বয়সস্থ মানুহৰ লগতহে কথা পাতিব৷ 

– মন্ত্ৰী পীয়ূষ হাজৰিকা


দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণৰ ঘটনাক মই গৰিহণা দিছোঁ৷ কলকাতা আৰক্ষীয়ে ইতিমধ্যে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ যদি তেওঁলোক দোষী সাব্যস্ত হয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি পাব৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মই ৰঙিয়াৰ পৰা গীৰ গাই নিয়া নাছিলোঁ৷ মোৰ কথা এনেই ওলাইছে৷ মই গৰুখুঁটিৰ পৰা দুজনী গীৰ গাই কিনি নিছিলোঁ৷ কিন্তু পোহাত খৰচ বেছি বাবে ঘূৰাই দিলোঁ৷ জয়ন্ত মল্ল বৰুৱাক অনুৰোধ কৰিম যে, যেতিয়া সংবাদ মাধ্যমক সম্বোধন কৰিব তেতিয়া আবেগিক নহ’ব, ব্যৱহাৰিক হৈ সংবাদ মাধ্যমৰ সৈতে কথা-বতৰা পাতিব৷  

– প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া

মমতা বেনাৰ্জীয়ে ৰাজ্যত হৈ থকা অপৰাধবোৰ নেদেখে৷ মহিলাৰ বিৰুদ্ধে সংঘটিত ঘৃণনীয় অপৰাধৰ ক্ষেত্ৰত তেওঁ অধিক কঠোৰ হোৱা উচিত৷ তেওঁ মুখ্যমন্ত্ৰী থকা অৱস্থাত পশ্চিমবংগত মহিলা বাহিৰলৈ ওলাবলৈ ভয় কৰে৷ 

– বিজেপিৰ নেতা দিলীপ ঘোষ

যিজন মন্ত্ৰীয়ে সাংবাদিকক অপমান কৰিছে তেওঁক তেনেদৰে কথা ক’বলৈ মুখ্যমন্ত্ৰীয়ে শিকাই পঠিয়াইছে৷ অন্যথা তেওঁৰ সিমান সাহস নহ’লহেঁতেন৷ সাংবাদিকক কেনেকৈ বেয়াকৈ ক’ব লাগে সেই নিৰ্দেশ মন্ত্ৰীজনক দিয়া হৈছে৷ এই সকলোবোৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছে৷ 

– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

আৰ এছ এছৰ মুখা সুলকি পৰিল৷ তেওঁলোকে ভাৰতত সংবিধান থকাটো নিবিচাৰে৷ তেওঁলোকে বিচাৰে মনু স্মৃতি৷ দত্তাত্ৰেয় হোছাবলেৰ কথাত সেয়া প্ৰকাশ পাইছে৷

– কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী