Logo
image

হাস্পতালত পি পি ই কিট পিন্ধি বিয়াত বহিল যুৱক-যুৱতী

আমাৰ অসম, ২৭ এপ্ৰিলঃ কৰ’নাৰ বাবে সমগ্ৰ দেশত এতিয়া নাজল-নাথল অৱস্থা৷ ক’ৰবাত যদি ৰোগীৰ বাবে হাস্পতালত বিছনাৰ অভাৱ, আন ক’ৰবাত অক্সিজেনৰ বাবে হাহাকাৰ৷ মুঠৰ ওপৰত কৰ’নাৰ দ্বিতীয় লহৰে দেশৰ স্বাস্থ্য ব্যৱস্থাক বিধবস্ত কৰি পেলাইছে৷ দেশজুৰি অব্যাহত থকা কৰ’না সংকটৰ মাজতে কেৰালাৰ এক অভিনৱ ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনাত কেৰালাৰ এখন ক’ভিড হাস্পতালত বিবাহপাশত আৱদ্ধ হ’ল এহাল দৰা-কইনা৷ জানিব পৰা মতে কেৰালাৰ আলাপ্পুজা জিলাৰ বন্দনাম চিকিৎসা মহাবিদ্যালয়ত বিয়াৰ দিন ঠিক হোৱাৰ পাছতে দৰা আৰু দৰাৰ মাতৃ কৰ’নাত আক্ৰান্ত হৈ ভৰ্তি হয়৷ দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছতো দৰা আৰু কইনাৰ পৰিয়ালে বিয়াৰ বাবে নিৰ্দিষ্ট কৰা দিনটোতে শুভ কামখিনি সম্পন্ন কৰাৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি হাস্পতালখনৰ ক’ভিড ৱাৰ্ডত দৰা আৰু কইনাৰ পক্ষই সাজু কৰি তোলে বিয়াৰ বাবে এক নিৰ্দিষ্ট স্থান৷ আৰু এটা সময়ত পি পি ই কিট পৰিধান কৰাই দৰা-কইনাৰ বিবাহ সম্পন্ন কৰায় দুয়োটা পৰিয়ালে৷