
শুশ্ৰূষাকাৰীৰ যতন
স্বাস্থ্যই পৰম ধন৷ সুস্বাস্থ্যৰ গৰাকী হৈ দীৰ্ঘ জীৱন লাভৰ হেঁপাহ সকলোৰে থাকে৷ সেয়ে ৰোগ-ব্যাধিৰ পৰা ৰক্ষা পৰিবলৈ সকলোৱে সামৰ্থ্য অনুসৰি যত্ন লয়৷ স্বৰাজোত্তৰ ভাৰতত চৰকাৰেও জনসাধাৰণক চিকিৎসা সেৱা আগবঢ়োৱাৰ নিমিত্তে চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰি অহাৰ উপৰি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা অন্তঃগাঁথনি বৃদ্ধি কৰি আহিছে৷ সকলোৰে বাবে স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে বছৰি নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি আহিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি এহাজাৰ লোকৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে৷ এটা সময়ত ভাৰতত হাজাৰোধিক লোকৰ বিপৰীতেহে একোজন চিকিৎসক আছিল যদিও বৰ্তমান এই হাৰ প্ৰতি ৮৩৪ নাগৰিকৰ বিপৰীতে এজন চিকিৎসক আছে৷ চিকিৎসা সেৱাৰ মান বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন কাল বৃদ্ধি কৰিছে৷ হয়তো অদূৰ ভৱিষ্যতে মানুহৰ জীৱনকাল আৰু বাঢ়িব৷
চিকিৎসকক ভগৱানৰ আন এটা ৰূপ বুলি আজিও মানুহে জ্ঞান কৰে৷ কিন্তু মানুহ ক্ৰমাৎ অসহিষ্ণু হৈ পৰাৰ ফলত চিকিৎসাধীন অৱস্থাত কোনো লোকৰ মৃত্যু হ’লে চিকিৎসকেই জগৰীয়া কৰি এচাম লোকে চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাই নহয় তেওঁলোকৰ জীৱনৰো হানি কৰে৷ তদুপৰি বিভিন্ন কাৰণত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ওপৰত অত্যাচাৰ কৰাটো আজিকালি সুলভ ঘটনা হৈ পৰিছে ৷ আনৰ জীৱন ৰক্ষাৰ অৰ্থে নিজৰ সামাজিক জীৱনৰ সুখ ত্যাগ কৰি কেৱল ৰোগীৰ জীৱন ৰক্ষাৰ চেষ্টাত ব্যস্ত থকা চিকিৎসকসকল যেতিয়া নিজেই জীৱনক লৈ শংকিত হ’ব লগা হয়৷ তেন্তে সেইসকলৰ সুৰক্ষাৰ কথা কোনে ভাবিব? একাংশ দুষ্টচক্ৰই চিকিৎসা সেৱাক ব্যৱসায় হিচাপে ল’লেও অধিকাংশ চিকিৎসকেই কিন্তু কাৰো জীৱন কাঢ়ি ল’ব নোখোজে, তেওঁলোকে ৰোগীক জীৱনদান কৰিবহে বিচাৰে৷ চিকিৎসক সন্ত্ৰাসবাদী নহয়৷ তেওঁলোকৰো জীৱন আছে৷ তেওঁলোকৰো দুখ-ভাগৰ আছে৷ তেজ-মঙহৰ মানুহ যেতিয়া তেওঁলোকৰো কেতিয়াবা ভুল হ’ব পাৰে৷ কিন্তু তাৰ বাবে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰাটো উচিত নহয়৷
চিকিৎসকৰ শাৰীৰিক-মানসিক স্বাস্থ্যৰ যত্ন ল’ব লাগিব জনসাধাৰণে৷ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে নিৰাপদে আৰু নিৰ্ভয়ে নিজৰ কৰ্তব্য কৰিব পাৰিলেহে চিকিৎসাৰ মান উন্নত হ’ব৷ ১৯৯১ চনৰ পৰা প্ৰতিবছৰে পহিলা জুলাইত চিকিৎসক দিৱস পালন কৰি অহা হৈছে যদিও চিকিৎসক নিৰ্যাতন বাঢ়িছেহে৷ এই বছৰৰ চিকিৎসক দিৱসৰ বাণী ‘মুখাৰ আঁৰৰ মুখঃ শুশ্ৰূষাকাৰীৰ যতন’৷ জনসাধাৰণে চিকিৎসাৰ লগত জড়িত লোকক নিৰ্ভয় দিব পাৰিলেহে এই দিৱস পালনৰ সাৰ্থকতা থাকিব৷