Logo
image

উক্তি-বক্ৰোক্তি

- ২০ বছৰৰ পাছত উদ্ধৱ আৰু মই একেলগ হ’লোঁ৷ বালাচাহেব থাকৰেই যিটো কৰা নাছিল, সেইটো ফাড়নবিশে কৰিলে৷ তেওঁৰ শক্তি সদনত, আমাৰ ৰাজপথত৷ কোনোবাই আমাক গুণ্ডা বুলি ক’লে আপত্তি নাই, মাৰাঠীৰ আমি গুণ্ডাগিৰি কৰিম৷ 

– মহাৰাষ্ট্ৰৰ নেতা ৰাজ থাকৰে

- এটকাৰ দুৰ্নীতি দেখিলেও বাঘৰ দৰে জঁপিয়াম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সেই বাঘটো ক’ত এতিয়া? বাঘটোৱে নাকত তেল দি শুইছে৷ কেৰাণী, মহৰী, মণ্ডল, শিক্ষক দেখিলে বাঘটো জঁপিয়াই উঠে৷ জয়ন্তমল্ল, জুলি ডেকা বৰুৱাক বাঘটোৱে ভয় কৰে৷ 

– শিৱসাগৰৰ বিধায়ক অখিল গগৈ

- পীয়ূষ গোৱেলে এতিয়া বুকুত ঢকিয়াই আমেৰিকাৰ হেঁচাত শুল্ক চুক্তি নকৰে বুলি কৈছে৷ কিন্তু মই আগতীয়াকৈ কৈ থওঁ, ট্ৰাম্পৰ ভয়ত নিৰ্দিষ্ট দিনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেও মানি শুল্ক চুক্তিত স্বাক্ষৰ কৰিব৷ 

–  লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী

- অসম চৰকাৰে ৰিয়েল ইষ্টেট ব্ৰকাৰৰ দৰে কাম কৰিছে৷ খিলঞ্জীয়াৰ মাটি-সম্পত্তিক ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে৷ ৰিমোট কণ্ট্ৰ’লেৰে কাউঞ্চিল চলাই হাজাৰ হাজাৰ বিঘা মাটি নিজেও লৈছে, আদানি-আম্বানিকো বিলাইছে৷ 

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

- পেহেলগামৰ আক্ৰমণ দুৰ্ভাগ্যজনক আছিল৷ কিন্তু ভাৰতে সেই আক্ৰমণৰ সুযোগ লৈ সমগ্ৰ অঞ্চলটো অস্থিৰ কৰি তুলিছে আৰু শত্ৰুতা বৃদ্ধি কৰিছে৷  

– পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ

- ভাৰতৰ ‘ছুপাৰ প্ৰিমিয়াম ফ্ৰিকুৱেণ্ট ফ্লায়াৰ’ প্ৰধানমন্ত্ৰীয়ে তিনিখন দেশ ঘূৰিলে, আৰু দুখন বাকী আছে৷ প্ৰবাদপ্ৰতিম ফুটবলাৰ মাৰাডোনা আৰু মেছিৰ জৰিয়তে আৰ্জেণ্টিনাৰে ভাৰতৰ সম্বন্ধ থকাৰ উপৰি ইন্দিৰা গান্ধীকো আৰ্জেণ্টিনাই দেশৰ সৰ্বোচ্ছ সন্মান দিছিল৷ 

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

- কপিলদেৱ আৰু জাৱাগল শ্ৰীনাথে কেনেকৈ নিজৰ শাৰীৰিক সক্ষমতা ৰাখিছিল? তেওঁলোক এতিয়াৰ ফাষ্ট বলাৰৰ দৰে জিমলৈ যোৱা নাছিল৷ জিমলৈ যোৱা ফাষ্ট বলাৰৰ ‘বেকপেইন’ হয়৷ অথচ কপিলদেৱ, শ্ৰীনাথে অনুশীলনত দীঘলীয়া সময় দি নিজৰ ফিটনেছ ৰাখিছিল৷ 

– বৰেণ্য ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

- দালাই লামা আৰু তেওঁৰ সংগঠনৰ উত্তৰাধিকাৰী  স্থিৰ কৰাৰ নিজস্ব কতৃৰ্ত্ব আছে৷ দালাই লামাই সেয়ে তেওঁৰ উত্তৰাধিকাৰী নিজে নিৰ্বাচন কৰিব৷ 

– কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু