Logo
image

‘অৰুনোদই’ৰ পৰা ‘প্ৰান্তিক’লৈ এক যুগজয়ী যাত্ৰাৰ অৱলোকন

বিশ্ব-বিশ্ৰুত দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে এবাৰ এষাৰ সোণসেৰীয়া কথা কৈছিল– ‘লেখাৰ বাহিৰে কোনো কথাই চিৰদিন বৰ্তি নাথাকে’৷ দূৰণিলৈকে ডিঙি নেমেলাকৈ আমাৰ গুৰুজনাৰ কথাও চালেই কথাষাৰৰ সত্যতা দেখোন ফট্‌ফটীয়া হৈ চকুৰ আগতে জিলিকি আছে৷ ভাগ্য ভাল যে সেই সময়ত সাঁচিপাতত লিখাৰ উপায় ওলাইছিল৷ নহ’লে আজিনো ক’ত ‘গগন মণ্ডল চোৱে কীৰ্তনৰ ধবনি’ৰে, নামঘোষাৰ সেই ‘বিগলিত কৰুণা জাহ্নবী যমুনা’সদৃশ কাকূতি ঘোষাবোৰ ‘সাত দিন সাত ৰাতি’ অঞ্চল এটাক আধ্যাত্মিক ৰসত জুবুৰিয়াই ৰখা ‘ভাগৱত পাঠ’ৰ অনুষ্ঠানবোৰে আমাৰ সমাজখনক ৰাজনৈতিক নাগপাশৰ পৰা উদ্ধাৰ কৰি নামঘৰৰ মজিয়াত একত্ৰিত কৰি ৰাখিব পাৰিলেহেঁতেন? অসমলৈ ছপা যন্ত্ৰ আহিছিল ১৮৩৬ চনত৷ সেই ছপা যন্ত্ৰতে ১৯৪৬ চনত ছপা হৈ ওলাইছিল এখন আলোচনী– নাম ‘অৰুনোদই’৷ পাছলৈ হেমচন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টাত হ’লগৈ ‘অৰুণোদয়’৷ আৰম্ভ হ’ল অসমীয়া ভাষা-সাহিত্যৰে নহয়, অসমীয়া জাতীয় জীৱনৰ এটা যুগ– ‘অৰুণোদয়’ যুগ৷ সেই সময়ত অসমীয়া ভাষাৰ চৰম দুৰ্দিন৷ ১৮৩৬ চনতে ব্ৰিটিছ চাহাবে অসমীয়া ভাষাৰ কঁকালত যিটো কোব শোধালে, ভাষাটো গৈ সোমাব লগা হ’লগৈ আইচিইউত৷ কোনোমতে কেলঢোপ কেলঢোপকৈ মাথোন উশাহ লৈ থাকিবলগা হ’ল৷ এনে এটা দুৰ্দিনৰ সময়তে অসমলৈ আহিছিল কেইজনমান আমেৰিকান খ্ৰীষ্টিয়ান মিছনেৰী, উদ্দেশ্য কিন্তু অসমীয়াৰ স্বাৰ্থ নাছিল; কাৰণ তেওঁলোক আহিছিল তদানীন্তন অসমৰ দায়িত্বত থকা ব্ৰিটিছ বিষয়া জেনকিন্সৰ নিমন্ত্ৰণত৷ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ মূল ভাবনা লৈ অহা নাথান ব্ৰাউন, অলিভাৰ কাট্টাৰ, মাইলছ্‌ ব্ৰুনছনহঁতে কিন্তু ৰোগাক্ৰান্ত কৰি ৰখা অসমীয়া ভাষাটোক নতুন জীৱন দিয়াত যি এক ভূমিকা গ্ৰহণ কৰিলে, তাৰ বাবে অসমীয়া জাতি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ নাথাকিলে দোষে চুব৷ ১৮৪৬ চনত সোণালী শংকৰী যুগটোৰ পাছত প্ৰথমবাৰৰ বাবে গুটেনবাৰ্গে আৱিষ্কাৰ কৰা ছপাযন্ত্ৰত অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী প্ৰকাশ হ’ল– ‘অৰুনোদই’৷ ‘যুগ’ এটা কালবাচক শব্দ, পিছে ইয়াক বছৰৰ সীমাবদ্ধতাৰে সামৰিব নোৱাৰি৷ যি সময়ছোৱাই এখিনি সময়, এটা অঞ্চল, এটা ভাষা তথা সেই ভাষাৰ জনসাধাৰণৰ মনত প্ৰাণ সঞ্চাৰ কৰিব পাৰে, সেই সময়ছোৱাই এটা যুগৰ প্ৰকৃত পৰিচয় দাঙি ধৰে৷ ‘অৰুনোদই’– এই আলোচনীখনে এটা নতুন যুগৰ যেন আৱাহনী মন্ত্ৰ মাতিলে৷ ড॰ মহেশ্বৰ নেওগৰ ভাষাত ‘অৰুনোদই’ৰ যুগ আধুনিক জীৱনৰ নৱপ্ৰভাত, নতুন জীৱন, নতুন ধ্যান-ধাৰণা, নতুন বস্তু বাহানি– এই সকলোৰে মাজত সোমাই পৰিছিল৷ এই বিষয়ত নতুনে যিমান পাৰে পুৰণিৰ লগত আপোচ কৰি লৈছিল৷ নতুনকৈ অহা মহাসাগৰৰ সিপাৰৰ আমেৰিকান পাদুৰি চাহাবসকলে বৈজ্ঞানিকভাৱে অসমীয়া ভাষা আয়ত্ত কৰিবৰ কাৰণে যত্নৰ ত্ৰুটি কৰা নাছিল৷ অৰুনোদই– অৰুণোদয় হৈ প্ৰায় সাতত্ৰিছ বছৰ এই যাত্ৰা অব্যাহত ৰাখি অসমীয়া ভাষা-সাহিত্যৰ যুগ ৰচনা কৰাই নহয়, অসমীয়া ভাষাক মৰণফান্দৰ পৰা উদ্ধাৰ কৰি ১৮৭৩ত পুনৰ প্ৰতিষ্ঠা কৰালৈকে কমখন কৰা নাছিল৷ ‘অৰুনোদই’ৰ আখৰ জোঁটনিক লৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আপত্তি আছিল, পিছে ভাষাৰ ওজাজনৰ বাবে যিটো যুগে সুযোগ দিলে, সিয়েই আমাক দিলে ‘হেমকোষ’ৰ দৰে ‘ওখ দৌল’ আৰু সেই ওখ দৌলটোৰ ওপৰত বহিয়েই আমাৰ ভাষাই এতিয়া ‘ধ্ৰুপদী’ৰ মৰ্যাদা লৈ ৰমক-জমককৈ ভাৰতৰ ভাষা ফুলনিত ফুলি আছে৷ সাহিত্যৰথী বেজবৰুৱাৰ নেতৃত্বত কলিকতাত এখিনি মহাবিদ্যালয়ত উচ্চশিক্ষা ল’বলৈ যোৱা ছাত্ৰই আৰম্ভ কৰিলে এটা নতুন যুগ৷ ১৮৮৭ চনত স্থাপন হোৱা অ.ভা.উ.সা, [অসমীয়া ভাষা উন্নতি সাধিনী সভা]ৰ পৃষ্ঠপোষকতাত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জন্ম হ’ল এখন নতুন আলোচনী, নাম ৰখা হ’ল– ‘জোনাকী’৷ ‘জোনাকী’ সন্দৰ্ভত ড॰ নগেন শইকীয়াই লিখিলে এনেধৰণেৰে– ‘জোনাকী এখন কেৱল আলোচনীয়েই নহয়, ই এটা যুগ, এটা আন্দোলন, এটা সাহিত্যিক ব্যক্তিত্ব৷ আধুনিক অসমীয়া মনৰ বৌদ্ধিক জাগৰণ ‘জোনাকী’য়েই সংঘটিত কৰিলে৷ নতুন প্ৰাণৰ ন-চকুযুৰিত নতুন দীপ্তি লৈ আধুনিক অসমীয়া মনে নিজৰ জীৱনক আৰু সামগ্ৰিকভাৱে সমষ্টিগত জীৱন আৰু বিশ্বক ন-কৈ চাবলৈ শিকালে জোনাকীৰ মাজেদিয়েই’৷ জোনাকীৰ জোনাক ভৰা আকাশখনৰ স্থিতি বৰ দীঘলীয়া নহ’লেও ‘জোনাকী’য়ে সৃষ্টি কৰা যুগটোৰ জোনাকৰ পোহৰ অসমীয়া ভাষা-সাহিত্যৰ আকাশখনত বহুত বছৰলৈ পোহৰাই থৈ গ’ল৷ পৰৱৰ্তী সময়ত বেজবৰুৱাৰ ‘বাঁহী’ আৰু বেজবৰুৱা স্বয়ং একাকাৰ হৈ বেজবৰুৱা নিজেই এটা যুগ হৈ পৰিল৷ 

ডাঃ দীননাথ শৰ্মাৰ সুযোগ্য সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশিত ‘আৱাহনে’ ১৯২৯ চনৰ অক্টোবৰত আত্মপ্ৰকাশ কৰি ১৯৪৫ চনলৈকে প্ৰায় ডেৰকুৰি বছৰ এটা নতুন যুগৰ সৃষ্টি কৰিলে৷ আলোচনীখনে ‘জোনাকী’, ‘বাঁহী’ৰ ৰোমাণ্টিক চিন্তা-চেতনাক পৰিশীলিত প্ৰতিষ্ঠা কৰাৰ লগতে এদল নতুন লেখকৰ সৃষ্টি কৰিলে৷ ‘আৱাহন’ৰ জন্মৰ লগত জড়িত আছিল গোৱালপাৰাৰ জমিদাৰ নগেন্দ্ৰনাথ চৌধুৰী, যাৰ পৃষ্ঠপোষকতা অবিহনে ‘আৱাহনে’ হয়তো পোহৰৰ মুখেই নেদেখিলেহেঁতেন৷ উল্লেখ্য, চৌধুৰী নিজেই এজন সাহিত্যসেৱীয়েই নাছিল, আছিল এজন সাৰ্থক গল্পকাৰো৷ ৰঘুনাথ চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰাৰ ক্ৰমে ‘গিৰিমল্লিকা’ আৰু ‘অতীতক নাযাবা পাহৰি’ আৱাহনৰ প্ৰথম বছৰতে প্ৰকাশ হৈছিল৷ অসমৰ আধুনিক যুগটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্বৰ সাঁকোসদৃশ হৈ কবিতালৈকে এক নতুন দৃষ্টিভংগী কঢ়িয়াই অনা দেৱকান্ত বৰুৱা আৱাহন যুগৰ শ্ৰেষ্ঠ কবি বুলি অভিহিত কৰিব পাৰি৷ কৃষ্ণকান্ত সন্দিকৈ, ড॰ বাণীকান্ত কাকতিৰ দৰে বিদগ্ধ পণ্ডিতসকলৰো সাহিত্যিক বিচৰণভূমি আছিল ‘আৱাহন’৷ মুঠতে জোনাকীৰ পাছতে আৰম্ভ হৈছিল ‘আৱাহন’ যুগ৷ 

কুৰি শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰা এখন অতি উল্লেখযোগ্য আলোচনী আছিল ‘ৰামধেনু’৷ ১৯৫০ চনত জন্মলাভ কৰা আলোচনীখনৰ জন্মৰ দুবছৰমান পাছতে ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদকৰ দায়িত্ব লৈ এটা নতুন যুগৰ সূচনা কৰিলে৷ ‘ৰামধেনু’ৰ পাততে জন্ম হ’ল এদল বিশিষ্ট লেখকৰ৷ ড॰ ভট্টাচাৰ্যৰ দৰে এজন গভীৰ চিন্তাশীল ব্যক্তি সম্পাদক নোহোৱা হ’লে অসমে হয়তো বহুতো প্ৰথিতযশা লেখককে লগ পোৱাৰ সম্ভাৱনাই নাথাকিলেহেঁতেন৷ ‘পচোৱা’ আৰু ‘জয়ন্তী’– দুয়োখন আলোচনীৰ আয়ুস কম যদিও দুয়োখন আলোচনীয়ে ‘ৰামধেনু’ যুগটোৰ বাটচ’ৰা হৈ আধুনিক যুগ এটাৰ প্ৰস্তুতিপৰ্ব আৰম্ভ কৰিলে৷ অসমলৈ আধুনিক কবিতাৰ লগতে ‘মাক্সৰ্বাদী চিন্তাচৰ্চাৰ আমদানি কৰাৰ ক্ষেত্ৰত ‘জয়ন্তী’ আৰু ‘পচোৱা’ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ দুয়োখন আলোচনীৰ জৰিয়তে সাহিত্য জগতৰ বিভিন্ন দিশত সমৃদ্ধ কৰা বিশিষ্ট গল্পকাৰ, কবি, ঔপন্যাসিক, ছিৰিয়াছধৰ্মী নিবন্ধকাৰ, সমালোচক– আটাইবোৰৰে যেন ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে এজন স্থিতপ্ৰজ্ঞ, অজাতশত্ৰু ব্যক্তিৰ সম্পাদনাত প্ৰকাশ হোৱা ‘ৰামধেনু’ত সাত ৰঙৰ সোণালী কিৰণ যেন নিজ নিজ মতাদৰ্শ অটুট ৰাখি আধুনিক জীৱনযাত্ৰাৰ সোণোৱালী-ৰূপোৱালী পথত মুকলি মনেৰে যাত্ৰা আৰম্ভ কৰিলে৷ ‘ৰামধেনু’ যুগৰ ভিন্নধৰ্মী, ভিন্ন ভাবধাৰাৰ লেখকসকলৰ তালিকা উল্লেখ কৰিবলৈ গ’লে নিবন্ধটোৰ কলেবৰ বহুত বৃদ্ধি হ’ব বুলি নামবোৰ উল্লেখ কৰিব বিচৰা নাই৷ কিন্তু এই কথাত কাৰো দ্বিমত নাই যে ‘আৱাহন’ৰ জৰিয়তে সাহিত্যৰ বহল আকাশখনৰ তৰা লেখিব বিচৰা সাহিত্যপ্ৰাণ ব্যক্তিসকলে ‘জয়ন্তী’ আৰু ‘পচোৱা’বাটচ’ৰাই দি যোৱা ‘ৰামধেনু’য়ে আকাশখনৰ বুকুত সৃষ্টি কৰা অপূৰ্ব দৃশ্যটো উপভোগ কৰি অসমৰ পাঠক সমাজক– অসমৰ সাহিত্য জগতৰ বিশাল আকাশখনৰ লগত পৰিচয় কৰাই দিবলৈ সক্ষম হ’ল৷ বিশাল ব্যক্তিত্বৰ অধিকাৰী ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ‘ৰামধেনু’ যুগ যেন এটা টকাৰ দুটা পিঠি হৈ পৰিছিল৷ 

‘ৰামধেনু’ৰ পাছত বহু বছৰলৈ অসমীয়া সাহিত্যত যুগ সৃষ্টি কৰিব পৰা আলোচনী নোলাল বুলি সমালোচকসকলে ক’ব বিচাৰে৷ অৱশ্যে যুগ সৃষ্টিৰ সম্ভাৱনা কঢ়িয়াই অনা কেইবাখনো আলোচনীৰ সৃষ্টি নোহোৱাকৈ থকা নাছিল৷ ‘ৰামধেনু যুগ’ৰ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ‘নৱযুগ’, ড॰ মহেন্দ্ৰ বৰাৰ সম্পাদনাত ‘মণিদীপ’, ড॰ ভূপেন হাজৰিকা আৰু ড॰ পদ্ম বৰকটকীৰ সম্পাদনাত ‘আমাৰ প্ৰতিনিধি’, ‘নতুন প্ৰতিনিধি’, হোমেন বৰগোহাঞিৰ সম্পাদনাত ‘সূত্ৰধাৰ’, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত ‘প্ৰকাশ’, ‘গৰীয়সী’ৰ পাতত সৃষ্টি হোৱা সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল যদিও ‘যুগ’ সৃষ্টিৰ অধিকাৰী হোৱাৰ পৰা সামান্য দূৰত যেন ৰৈ গ’ল৷ সাম্প্ৰতিক সময়ত অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদিত ‘সাতসৰী’, ৰীতা চৌধুৰীয়ে দায়িত্ব লোৱা ‘গৰীয়সী’, মিহিৰ দেউৰীয়ে দায়িত্ব গ্ৰহণ কৰা ‘প্ৰকাশ’– আটায়ে নিষ্ঠাসহকাৰে সাহিত্যৰ যাত্ৰাপথত আগবাঢ়ি গৈ আছে, হয়তো এদিন যুগ সৃষ্টিৰ পথতো উপনীত হ’বগৈ৷ উল্লেখ্য,  আটাইকেইজন সম্পাদকেই একোজন প্ৰতিষ্ঠিত সাহিত্যিক৷ 


‘ৰামধেনু’ যুগটোৰ পাছত আমাৰ বোধেৰে ‘যুগ’ সৃষ্টি কৰাৰ কৃতিত্ব দাবী কৰিব পৰা হৈছে ‘প্ৰান্তিক’ নামৰ পষেকীয়া আলোচনীখনে৷ একেবাৰে প্ৰকৃত অৰ্থৰ সাহিত্য আলোচনী নহ’লেও বা অৰুনোদইৰ দৰে সম্বাদপত্ৰৰ কিছু ওচৰ চপা যেন হ’লেও– আলোচনী হিচাপেই প্ৰচাৰ হৈ ৪৪টা বছৰ নীৰৱচ্ছিন্ন হৈ অসমীয়া মানুহৰ মাজত জনপ্ৰিয় হৈ থকা আলোচনীখনে এক বৃহৎসংখ্যক পাঠক তথা লেখকৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱাটো তাৎপৰ্যপূৰ্ণ কথা৷ অসম আন্দোলনৰ ভৰপক সময়তে ১৯৮১ চনত প্ৰথম প্ৰকাশ হোৱা পাছৰে পৰা আজি পৰ্যন্ত সুনিৰ্দিষ্ট সময়ত, প্ৰায় একে মান ৰক্ষা কৰি এখন আলোচনী উলিয়াই থকাটো কম কথা নহয়৷ অসম আন্দোলনে অসমৰ জাতীয় জীৱনলৈ বহুতো পৰিৱৰ্তন আনিলে, কিছুমান শুভ, কিছুমান অশুভ৷ ৰাজনীতিৰ ক্ষেত্ৰখনৰ কথা ক’ব বিচৰা নাই, কিন্তু শিক্ষাৰ ক্ষেত্ৰখনলৈ বহুতো অশুভ প্ৰভাৱ আনিলে৷ বিপৰ্যয় বৰ বেয়াকৈ আহিল– অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহলৈ, কাঠফুলাৰ দৰে গাঁৱে-নগৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে অসমীয়া ভাষা-সাহিত্যলৈ এক প্ৰবল প্ৰত্যাহ্বান কঢ়িয়াই আনিলে৷ নিজৰ মাতৃভাষাৰ প্ৰতি গঢ় লোৱা নিচাত্মিকা মনোভাবে অসমীয়া সমাজখনত প্ৰভাৱান্বিত কৰিবলৈ আৰম্ভ কৰাত নৱপ্ৰজন্মৰ মাজত পঢ়ুৱৈৰ সংখ্যা দ্ৰুতগতিত কমিবলৈ ল’লে৷ এনে এটা পৰিৱেশত প্ৰথিতযশা সাহিত্যিক ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ মুখ্য সম্পাদনাত আৰু অসমৰ সংবাদ তথা ক্ৰীড়া জগতৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সুযোগ্য পুত্ৰ, জাতীয়তাবাদী ভাবধাৰাৰে পুষ্ট প্ৰদীপ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘প্ৰান্তিক’ আলোচনীখনে নীৰৱে এই প্ৰত্যাহ্বানৰ সমুখীন হৈ এক ডাঙৰ কাম সমাধা কৰিলে৷ ‘প্ৰান্তিক’‘শেষ পৃষ্ঠা’ৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘মোৰ জীৱনৰ কথা’ আৰু ‘প্ৰথম পৃষ্ঠা’ ‘সম্পাদকীয়’ পাঠকে আগ্ৰহেৰে গ্ৰহণ কৰাটো প্ৰণিধানযোগ্য৷ ভিন্ন ৰুচিবোধৰ আলোচনীখনত বিজ্ঞান, কলা, সংস্কৃতি, ক্ৰীড়াৰ লগতে বিশুদ্ধ সাহিত্যক স্থান দি সকলো স্তৰৰ পাঠক সৃষ্টি কৰি সেই ধাৰাটো অব্যাহত ৰখাত প্ৰান্তিকে সফলতাৰ দাবী কৰিব পাৰে৷ ড॰ মহেশ্বৰ নেওগৰ দৰে পণ্ডিতপ্ৰৱৰ ব্যক্তিৰ ‘আত্মজীৱন’– ‘জীৱনৰ দীঘ আৰু বাণী’, ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস ‘অন্তৰীপ’ – যিখন পাছলৈ ‘অগ্নিস্নান’ বোলছবি হৈছিল, অৰুণ শৰ্মাৰ ‘আশীৰ্বাদৰ ৰং’, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’, প্ৰান্তিকৰ অন্যতম সৃষ্টি য়েছে দৰজে থংছিৰ ‘মৌন ওঁঠ মুখৰ ভাষা’, হিৰণ্য কাশ্যপৰ উপন্যাসকে ধৰি কেইবাখনো ধাৰাবাহিক উপন্যাস প্ৰান্তিকতে প্ৰথমে প্ৰকাশ হৈছিল৷ এতিয়াও সেই ধাৰা অব্যাহত আছে আৰু আটাইকেইখন উপন্যাসে বিপুল জনপ্ৰিয়তা লাভ কৰিছে৷ প্ৰান্তিকৰ পাতত আত্মপ্ৰকাশ কৰা জনপ্ৰিয় গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ ‘অৰণ্যত’ নামৰ চুটিগল্পটো ১৯৮১ চনৰ ১-১৫ ফেব্ৰুৱাৰীত প্ৰকাশ হোৱাৰ কথা সম্পাদকক প্ৰদীপ বৰুৱাই তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘স্বগতোক্তি’ত উল্লেখ কৰিছে৷ এইজন গল্পকাৰৰে বিখ্যাত গল্প ‘সমীৰণ বৰুৱা আহি আছে’–১৯৮৮ চনৰ মাৰ্চৰ এটা সংখ্যাত প্ৰকাশ হৈছিল৷ প্ৰান্তিকৰ পাততে প্ৰখ্যাত হোৱা গল্পকাৰসকলৰ অন্যতম হৈছে বিতোপন বৰবৰা, মৌচুমী কন্দলী, বিপুল খাটনিয়াৰ, শিৱানন্দ কাকতি, কাব্যশ্ৰী মহন্ত, মণিকুন্তলা ভট্টাচাৰ্য, বন্তি শেনছোৱা, হৰেকৃষ্ণ ডেকা, কুল শইকীয়া, অতনু ভট্টাচাৰ্য, ৰত্না ভৰালী তালুকদাৰ, ফুল গোস্বামী, মনালিচা শইকীয়া, ৰবীন শৰ্মা, মণিকা দেৱী আদি চুটিগল্প লেখকৰ এক বিশাল সমদল৷ প্ৰান্তিকৰ কবিকুলক লৈ মুকুট শৰ্মাৰ সম্পাদনাত ইতিমধ্যে ‘প্ৰান্তিকৰ কবিতা’ নামৰ এখন গ্ৰন্থই প্ৰকাশ হৈছে৷ উক্ত গ্ৰন্থখনত এশৰো অধিক কবিৰ নাম সন্নিবিষ্ট হোৱাৰ লগতে তেওঁলোকৰ কবিতা সংযোজন হৈছে৷ এই কবিসকলে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷ আটাইৰে নাম লিখিবলৈ গ’লে নিবন্ধটো যথেষ্ট দীঘল হৈ যাব বুলি নামখিনি অন্তৰ্ভুক্ত কৰিব বিচৰা নাই৷ জনামতে প্ৰসিদ্ধ তথা জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্য প্ৰান্তিকৰ কবিতাৰ বাছনিত যুক্ত হৈ আছিল৷ উল্লেখ্য, ‘প্ৰান্তিক’ৰ প্ৰথম সংখ্যাত হীৰুদাৰ কবিতা আৰু প্ৰখ্যাত গল্পকাৰ যোগেশ দাসৰ গল্প প্ৰকাশ হৈছিল৷ অসমৰ দুজন বিখ্যাত ব্যক্তি বোলছবি জগতৰ জাট্ৰু বৰুৱা আৰু প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তক প্ৰান্তিকেই অসমীয়া মানুহক চিনাকী কৰাই দিছে৷

বৰ্তমান অসমত বাতৰিকাকত আৰু আলোচনীৰ দুঃসময় চলি আছে৷ অসমীয়া পাঠকৰ সংখ্যা দ্ৰুতগতিত কমিব ধৰিছে৷  বাতৰিকাকত-আলোচনীৰ বহুতো এজেণ্টে ইতিমধ্যে এজেঞ্চী বন্ধ কৰিব লগা হৈছে৷ ‘প্ৰান্তিক’ৰো হয়তো পাঠকৰ সংখ্যা পূৰ্বৰ দৰে থকা নাই যদিও এতিয়াও ‘প্ৰান্তিক আহিলনে নাই’– এনেদৰে সোধা পাঠকৰ সংখ্যা একেবাৰে কমি যোৱা নাই৷ ‘প্ৰান্তিক’ৰ আটাইবোৰ লেখা নপঢ়া এচাম পাঠকো আছে, যি ‘প্ৰান্তিক’ ‘পত্ৰালাপ’ পঢ়িবলৈ আগ্ৰহেৰে বাট চাই থাকে– যেনেদৰে মোৰ দৰে বহুতেই ‘শেষ পৃষ্ঠা’ প্ৰথমেই পঢ়িবলৈ আৰম্ভ কৰে৷ বহুতৰে শংকা– ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ দিন ওচৰ চপাৰ লগে লগে শংকাত ভুগিছে– তাৰ পাছত কি হ’ব? সম্পাদক প্ৰদীপ বৰুৱা আৰু কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনৰ চিন্তাকৰ্ষক সম্পাদকীয়ই এচাম ছিৰিয়াছধৰ্মী পাঠকক সদায় অনুপ্ৰাণিত কৰি আহিছে৷ 

আমাৰ বিশ্বাস, অৰুণোদয়ে আৰম্ভ কৰা অসমীয়া সাহিত্য তথা আলোচনীৰ যুগজয়ী যাত্ৰাত ‘প্ৰান্তিক’ৰ স্থান ইতিহাসে নিশ্চয় সুনিশ্চিত নকৰাকৈ নাথাকিব৷