Logo
image

ৰাজনৈতিক দলৰ অস্তিত্ব আৰু নিৰ্বাচন আয়োগ

ভাৰতত বহুদলীয় ব্যৱস্থা বিদ্যমান৷ ইয়াত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে৷ ভাৰতীয় ৰাজনীতিত, বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক জোঁট গঠিত হৈ চৰকাৰ গঠন কৰিছে৷ বহুদলীয় ব্যৱস্থাৰ মূল ধাৰণা হ’ল– একাধিক দলৰ অংশগ্ৰহণৰ মাধ্যমেৰে গণতন্ত্ৰৰ ভেটি মজবুত কৰা আৰু জনগণৰ বাবে বিভিন্ন ৰাজনৈতিক বিকল্প উপস্থাপন কৰা৷ কিন্তু এই ৰাজনৈতিক দলসমূহৰ স্থিতি শক্তিশালী আৰু গ্ৰহণযোগ্য হোৱা উচিত৷ এইবাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাত স্বচ্ছতা পুনৰ ঘূৰাই অনাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ অস্তিত্ব সন্দৰ্ভত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷

বহুদলীয় ব্যৱস্থা হৈছে এনে এটা ৰাজনৈতিক ব্যৱস্থা য’ত একাধিক ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু চৰকাৰ গঠনত অংশগ্ৰহণ কৰে৷ এই ব্যৱস্থাত, সাধাৰণতে কোনো এটা দলে এককভাৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে দলেসমূহে জোঁট বান্ধি চৰকাৰ গঠন কৰে৷ এই অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নিজস্ব মতামত আৰু নীতি থাকে যদিও সন্মিলিতভাৱে দেশৰ শাসনকাৰ্য পৰিচালনা কৰে৷ বহুদলীয় ব্যৱস্থাত, বিভিন্ন দলৰ মাজত থকা ৰাজনৈতিক মতপাৰ্থক্যৰ বাবে দেশৰ ৰাজনীতিত ভিন্নতা দেখা যায়৷ এই ব্যৱস্থাত জনগণৰ ওচৰত বিভিন্ন ৰাজনৈতিক বিকল্প থাকে৷

চ্ছ জুনত ভাৰতৰ নিৰ্বাচন আয়োগে ৩৪৫টা পঞ্জীয়নভুক্ত স্বীকৃতি নোপোৱা ৰাজনৈতিক দলক তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আয়োগৰ তথ্য অনুসৰি এইবোৰ দলৰ কোনো এটাৰে স্থায়ী কাৰ্যালয় বিচাৰি পোৱা নাই আৰু যোৱা ছবছৰত– অৰ্থাৎ ২০১৯ চনৰ পৰা তেওঁলোকে কোনো লোকসভা, ৰাজ্যিক বিধানসভা বা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই৷ ফলত তেওঁলোকৰ ফলপ্ৰসূতা আৰু অস্তিত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে৷

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত কমিছনাৰ সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এই সিদ্ধান্ত গ্ৰহণৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকৰ অন্তত আয়োগে অৱগত কৰে যে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা এই ৩৪৫টা ৰাজনৈতিক দল চিনাক্ত কৰা হৈছে৷ বৰ্তমান দেশত ২৮০০ৰো অধিক পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল আছে৷ আয়োগৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে এই দলসমূহে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ প্ৰয়োজনীয় চৰ্ত পূৰণ কৰিব পৰা নাই৷ সেইবাবেই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ 

অৱশ্যে, যিকোনো দলক অযুক্তিকৰভাৱে তালিকাৰ পৰা আঁতৰোৱা নহ’ব বুলি আয়োগে স্পষ্ট কৰি দিছে৷ সংশি¡ষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচন বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে, তেওঁলোকে যেন সংশি¡ষ্ট দলসমূহলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে৷ পৰৱৰ্তী পৰ্যায়ত দলসমূহক শুনানিৰ সুযোগো দিয়া হ’ব৷ এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ভাৰতৰ নিৰ্বাচন আয়োগে ল’ব৷ আয়োগৰ মতে, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ৰাজনৈতিক ব্যৱস্থাত স্বচ্ছতা নিশ্চিত কৰা আৰু নিষ্ক্ৰিয় বা অপ্ৰাসংগিক দলসমূহক নিৰ্বাচনী ব্যৱস্থাৰ বাহিৰত ৰখা৷