Logo
image

ট্ৰেজিক হিৰ’

ৰাজনীতিত কেতিয়াবা কিছুমান নেতা বৰ বেয়া ধৰণে  ট্ৰেজিক হিৰ’স্বৰূপ হৈ পৰে৷ ইতিহাসেও তেওঁলোকক ট্ৰেজিক হিৰ’ বুলিয়েই সময়ৰ পাতত লিপিবদ্ধ কৰি থয়৷ ইয়াৰ কাৰণো বহু থাকে৷ সকলোৰে ক্ষেত্ৰত কাৰণবোৰ বেলেগ বেলেগ হয়৷ উদাহৰণস্বৰূপে ভাৰতীয় ৰাজনীতিত এনে কেইবাজনো নেতাৰ নাম ল’ব পাৰি৷

এইসকল নেতা এটা সময়ত ৰাজনীতিত একো একোটা গুৰুত্বপূৰ্ণ নাম আছিল৷ ৰাজনীতিও ঠিকে-ঠাকেই কৰি গৈছিল৷ কিন্তু হঠাৎ যেন কোনোবাখিনিত ভুল হৈ গৈছিল তেওঁলোকৰ অংক  যাৰ ফলত ৰাজনীতিৰ ইতিহাসত তেওঁলোক একো একোজন ট্ৰেজিক হিৰ’ৰূপে ৰৈ গ’ল৷ ভাবিছিলনে কেতিয়াবা তেওঁলোকে এনে হ’ব বুলি? নিশ্চয় ভবা নাছিল৷

অখিল গগৈ৷ অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ নাম৷ এটা বিশেষ সত্তা, এটা বিশেষ পৰিচয়৷ অখিল গগৈৰ প্ৰথম পৰিচয় কিন্তু এজন আন্দোলনকাৰীৰূপেহে৷ তাৰ পাছতহে ৰাজনৈতিক নেতা বা বিধায়ক৷ অন্যায়-দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি জনতাৰ হকে থিয় দিয়া আন্দোলনকাৰী অখিল গগৈয়ে যেতিয়া পৰৱৰ্তী সময়ত প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিলে, তেতিয়াৰ পৰাই সাধাৰণ জনতাৰ চকুত কিছুমান পৰিৱৰ্তন ধৰা পৰিবলৈ আৰম্ভ কৰিলে৷ ৰাজনীতি আৰু আন্দোলন যে একে নহয় সেয়াও অখিল গগৈয়ে যেন ভালকৈয়ে বুজি পালে।  এটা সময় আছিল যেতিয়া ৰাজপথৰ আন্দোলনত অখিল গগৈৰ এটা মাত্ৰ আহ৩ানত একেলগে ২৫-৩০ হাজাৰ লোক ওলাই আহিছিল৷ সেয়া লাগিলে নদীবান্ধবিৰোধী আন্দোলনেই হওক, দৈয়াং-টেঙানীৰ মাটিৰ পট্টাৰ আন্দোলনেই হওক বা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধেই হওক৷ সেয়া আছিল আন্দোলনকাৰী অখিল গগৈৰ যাদু৷ এজন আন্দোলনকাৰী নেতা কিমান জনপ্ৰিয় হ’লে তেওঁৰ এটা মাত্ৰ আহ৩ানত এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিব পাৰে। এই জনপ্ৰিয়তাক সাৰথি কৰিয়েই তেওঁ ভৰি থ’লে প্ৰত্যক্ষ ৰাজনীতিত৷ সংসদীয় ৰাজনীতি মানেই অংকৰ খেল৷ সেই অংকৰ খেলত নানামিলে আজিৰ ৰাজনীতিত তিষ্ঠি থকা মস্কিল৷ কথাটো হয়তো অখিল গগৈয়েও ভালকৈ বুজিলে৷ সেয়ে তেওঁ বাছি ল’লে অসমৰ জনগাঁথনিকেই সলাই পেলোৱা সেই বিশেষ চামটোক৷ লগে লগে অসমীয়া সমাজ জীৱনৰ পৰা যেন হেৰাই যাবলৈ আৰম্ভ কৰিলে সেইজন নেতা, যিজনৰ এটা আহ৩ানত আধা ঘণ্টাৰ ভিতৰত এদিন ৰাজপথলৈ ওলাই আহিছিল হাজাৰ-বিজাৰ অসমীয়া মানুহ৷ অখিল গগৈৰ মিঞাপ্ৰীতিয়ে লাহে লাহে তেওঁক খিলঞ্জীয়া মানুহখিনিৰ পৰা যেন আঁতৰাই আনিবলৈ আৰম্ভ কৰিলে৷ সেই কথা তেওঁ মানি লওক বা নলওক৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অখিল গগৈৰ এনে মিঞাপ্ৰীতিয়ে আটাইতকৈ বেছিকৈ উপকৃত কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ ড॰ শৰ্মাই বিশেষ কোনো কষ্ট নকৰাকৈয়ে কামবোৰ হৈ গৈ আছে৷ অখিল গগৈ যিমানেই মিঞাৰ কাষ চাপিব, সিমানেইও খিলঞ্জীয়া বিজেপিৰ ওচৰ চাপিব আৰু ড॰ শৰ্মায়ো ইয়াকেই কামনা কৰে৷ কংগ্ৰেছ আজি যিটো কাৰণত খিলঞ্জীয়া মানুহৰ পৰা বহু পৰিমাণে আঁতৰি গ’ল, সেই একেটা কাৰণতে হয়তো অখিল গগৈও এদিন আঁতৰি যাবলগীয়া হ’ব৷ গতিকে তেওঁক যাতে সময়ে ভৱিষ্যতলৈ এজন ট্ৰেজিক হিৰ’ৰূপে মনত নাৰাখে, তাৰ প্ৰতি তেওঁ সচেতন হোৱা দৰকাৰ৷ কিয়নো তেওঁ ৰাজনীতিলৈ অহাৰ পশ্চাদপট আৰু আন কোনো নেতা ৰাজনীতিলৈ অহাৰ পশ্চাদপট একে নহয়৷ অখিল গগৈয়ে এক সংগ্ৰামী অতীত লৈ ৰাজনীতিত ভৰি থৈছিল৷ সেয়েহে তেওঁৰ প্ৰতি অসমৰ খিলঞ্জীয়া জনতাৰ মনোভাব-দৃষ্টিভংগী আন দহজন নেতাৰ দৰে নহয়৷