Logo
image

প্ৰতিভাৰ প্ৰব্ৰজন

অসমত এটা বিষয়েই চৰ্চাত থাকে, সেইটো হৈছে– উচ্ছেদ আৰু  প্ৰব্ৰজন৷ এতিয়া অৱশ্যে আমেৰিকাতো এইটো বিষয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে; সেয়ে কেৱল অসমীয়াই এই বিষয়টোক লৈয়েই দশক দশক ধৰি ব্যস্ত হৈ আছে বুলি অভিযোগ কৰাটো সমীচীন নহ’ব৷ আমেৰিকা আৰু অসমলৈ হোৱা প্ৰব্ৰজনৰ মাজৰ পাৰ্থক্য এটা আছে৷ আমেৰিকালৈ বিশ্বৰ সকলোতকৈ বেছি প্ৰতিভাধৰসকলৰ প্ৰব্ৰজন হয়৷ কিন্তু অসমৰ ক্ষেত্ৰত কথাটো বেলেগ৷ অবৈধ প্ৰব্ৰজনৰ বিষয়টো বাদ দিও এটা কথা লক্ষ্য কৰিব পাৰি যে প্ৰতিভা এটা ফুলি উঠিবলৈ প্ৰব্ৰজন অনিৰ্বায৷ শ্বেইক্সপীয়েৰে ষ্ট্ৰেটফ’ৰ্ডৰ গ্ৰাম্য অঞ্চল এৰি লণ্ডনলৈ গৈছিল; বিথোভেনে, মোজাৰ্ট, ফ্ৰয়েড কছমোপলিটান ভিয়েনালৈ গৈছিল; পিকাচো, হেমিংৱেৰ জন্ম পেৰিছত হোৱা নাছিল; আজি মস্কো, প্ৰিট’ৰিয়া, কিয়ভ আৰু চেন্নাইৰ প্ৰতিভাবোৰে আমেৰিকাৰ ছিলিকন ভেলী পোহৰাই ৰাখিছে৷ আমেৰিকাৰ প্ৰব্ৰজনকাৰীয়ে প্ৰায় এক চতুৰ্থাংশ পেটেণ্ট সৃষ্টি কৰে, আমেৰিকাৰ বিলিয়ন ডলাৰ ষ্টাৰ্ট-আপ কোম্পানীবোৰৰ প্ৰতিষ্ঠাপকেই বাহিৰৰ পৰা অহা৷ এইটো স্পষ্ট যে প্ৰব্ৰজনৰ ক্ষেত্ৰত উদাৰতা, বাক স্বাধীনতা, আৰু এক বৌদ্ধিক নেটৱৰ্কৰ উপস্থিতিয়ে প্ৰতিভাৰ বিকাশত বৰঙণি যোগায় আৰু তেনেকৈয়ে দেশখনৰ অৰ্থনীতিতো অৰিহণা যোগায়৷ চাৰ্লছ ডিকেন্সে পৰিয়ালৰ সৈতে লণ্ডনলৈ গুচি গৈ দৰিদ্ৰতা আৰু জাকজমকতাৰ সান্নিধ্যতহে ৰচিবলৈ অনুপ্ৰেৰণা পাইছিল– অলিভাৰ টুইষ্ট আৰু ব্লিক হাউছৰ দৰে উপন্যাস৷ ভাৰ্জিনিয়া উলফেও তেনেকৈ নিজৰ ঠাই এৰি ব্ৰিটিছ লাইব্ৰেৰী থকা ঠাইলৈ আহিছিল৷ তেনেকৈ ভিয়েনাও অভিজাত শ্ৰেণী, চিত্ৰশিল্পী আৰু দাৰ্শনিকৰ বাবে হৈ পৰিছিল এখন সৰগ৷ আইজাক নিউটনেও লিংকনশ্বায়াৰৰ গ্ৰাম্য অঞ্চল এৰি কেম্ৰিজৰ ট্ৰিনিটি কলেজলৈ নোযোৱা হ’লে আমি গতিসূত্ৰও হয়তো নাপালোঁহেঁতেন৷ আইনষ্টাইনেও জাৰ্মানী এৰি আমেৰিকাৰ প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত থিতাপি লৈছিল, এক মুক্ত গৱেষণাৰ পৰিৱেশ বিচাৰি৷ আমেৰিকাৰ ছিলিকন ভেলীৰ গুগ্‌ল, ফেচবুক, ইউ টিউব ইত্যাদি কোম্পানীৰ সৃষ্টিৰ আঁৰত আছিল প্ৰব্ৰজনকাৰীয়েই৷ এলিজাবেথৰ থিয়েটাৰৰ পৰা কোৱাণ্টাম ষ্টাৰ্টআপলৈকে প্ৰব্ৰজন সাংস্কৃতিক আৰু প্ৰযুক্তিগত নৱজাগৰণৰ এক অনুঘটক হৈ আহিছে৷ প্ৰতিভাই ‘মুক্তভাৱে উশাহ লয়’– আৰু সেই সমাজৰ বাবে স্থায়ী ধন-সম্পত্তিৰ সৃষ্টি কৰে– যেতিয়া ঠাইখনে প্ৰতিভাক আদৰণি জনায়, বৈচিত্ৰ্যক উদ্‌যাপন কৰে আৰু প্ৰতিষ্ঠানসমূহে স্বাধীনতাৰ নিশ্চয়তা দিয়ে৷ দুৱাৰ খোলা জাতিসমূহে পৰৱৰ্তী শ্বেইক্সপীয়েৰ বা আইনষ্টাইনক আদৰিবলৈ সদায় প্ৰস্তুত থাকে, কাৰণ তেওঁলোকে বুজি পায় যে পোহৰৰ দৰে সৃষ্টিশীলতাও সীমান্তৰ শিকলিৰে বন্ধা নহয়, সীমাৰে প্ৰতিভাক চেপি ৰাখিব নোৱাৰি, ই অসীমলৈ বৈ যায়৷   অসমৰ প্ৰেক্ষাপটত অবৈধ প্ৰব্ৰজন এটা সমস্যা, কিন্তু সেইটোৱেই একমাত্ৰ সমস্যা নহয়৷ তেলখাদৰ জুই নিৰ্বাপণ কৰিবলৈ আমেৰিকাৰ পৰা বিশেষজ্ঞ আনিবলগীয়া হৈছিল, আমাৰ চৰকাৰী স্কুলবোৰত ইংলেণ্ডৰ পৰা দুই-এজন শিক্ষক আনি দুই-এখন স্কুলত ইংৰাজী পঢ়োৱাৰ পদক্ষেপ কিয় ল’ব নোৱাৰি? বেচৰকাৰী এলিট শ্ৰেণীৰ স্কুলবোৰৰ কথা আনিব বিচৰা হোৱা নাই৷ উচ্চ শিক্ষানুষ্ঠানবোৰত বিদেশৰ গৱেষকৰ লগত সহযোগিতাৰে গৱেষণা অসমতো হয়, কিন্তু সেইখিনিয়েই যথেষ্ট নহয়৷ নতুন চিন্তা আৰু উন্নয়নৰ বাবে প্ৰতিভাৰ প্ৰব্ৰজন যথেষ্ট জৰুৰী৷ অবৈধ প্ৰব্ৰজন এটা আন এক বিষয়, কিন্তু প্ৰতিভাৰ প্ৰব্ৰজন বন্ধ কৰি দিয়াৰ অৰ্থ হৈছে সেই প্ৰতিভাবোৰক অংকুৰিত হোৱাত বাধা দিয়া৷ আজি আমেৰিকাৰ পৰিস্থিতি চাই বহুতে কানাডা বা ইউৰোপক গন্তব্যস্থান হিচাপে বাছি ল’বলৈ বাধ্য হৈছে, যি আমেৰিকাৰ অৰ্থনীতিত সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷ অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰেও বিদেশৰ গৱেষক, অধ্যাপকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ এক পৰিৱেশো আনিব লাগিব৷ উদ্যোগী, বিজ্ঞানী, আৰু শিল্পীসকলকো অসমে হাত বাউলি মাতিব লাগিব৷ এইখিনি একেবাৰেই অবাস্তৱ নহয়, কৰিব পৰা নিশ্চয় যায়৷